ETV Bharat / entertainment

Rajamouli won the Best Director Award: ৰাজামৌলীলৈ নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কলৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

author img

By

Published : Jan 5, 2023, 8:56 PM IST

চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক এছ এছ ৰাজামৌলীলৈ আন এক সন্মান ৷ নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কলৰ (New York Film Critics Circle) শ্ৰেষ্ঠ পৰিচালকৰ সন্মান এছ এছ ৰাজামৌলীলৈ । ইতিমধ্যে অস্কাৰৰ তালিকাতো সন্নিৱিষ্ট হৈছে RRR ৷

SS Rajamouli won the Best Director Award at the New York Film Critics Circle
SS Rajamouli won the Best Director Award at the New York Film Critics Circle

চিটাৰা ডেস্ক, 5 জানুৱাৰী: চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক এছ এছ ৰাজামৌলীৰ ব্লকবাষ্টাৰ ছবি আৰআৰআৰে লাভ কৰিছে এক বৃহৎ সন্মান । নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কলত (New York Film Critics Circle) শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে এছ এছ ৰাজামৌলীয়ে(SS Rajamouli won the Best Director Award ) । অনুষ্ঠানত চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালকগৰাকীৰ পত্নী ৰামা ৰাজামৌলী, পুত্ৰ এছ এছ কাৰ্তিকেয়াৰ লগতে পৰিয়ালবৰ্গৰ উপস্থিতি আছিল ৷

এছ এছ ৰাজামৌলীয়ে পত্নী ৰামা ৰাজামৌলী, পুত্ৰ এছ এছ কাৰ্তিকেয়া আৰু পৰিয়ালৰ সৈতে ব্লকবাষ্টাৰ নিউয়ৰ্ক ফিল্ম ক্ৰিটিকচ চাৰ্কল এৱাৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । সন্মানীয় বঁটাটো লাভ কৰাৰ পাছত চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালকগৰাকীয়ে ভাৰতীয়সকলৰ দৰে পশ্চিমৰ লোকসকলেও আৰআৰআৰক আকোঁৱালি লোৱাৰ কথা ব্যক্ত কৰি অতি ভাবুক হৈ পৰে ৷

ইফালে বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰাৰ পাছতেই দৰ্শকে থিয় হৈ হাত চাপৰি বজাই তেওঁক শুভেচ্ছা জনায় । ৰাজামৌলীৰ পুত্ৰ এছ এছ কাৰ্তিকেয়াই বঁটা প্ৰদান অনুষ্ঠানৰ পৰা তেওঁৰ পিতৃৰ ফটো ছ‘চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷ তেওঁ কেপছন দিছিল, "শ্ৰেষ্ঠ পৰিচালক" ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডত আছে পৰিচালকজন ৷ তেওঁৰ অনুৰাগীসকলেও ভাৰতক গৌৰৱান্বিত কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে ।

আৰআৰআৰ দলটোৱে 11 জানুৱাৰীত লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগীয়া গোল্ডেন গ্ল’বছ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল’ব ৷ এই বঁটা প্ৰদান অনুষ্ঠানত এছ এছ ৰাজামৌলীৰ পৰিয়ালবৰ্গৰ লগতে ৰামচৰণ আৰু তেওঁৰ পত্নী উপাসনা উপস্থিত থাকিব ।

ইফালে চলিত বৰ্ষটোৰ বহুল ছবি হিচাপে চৰ্চিত আৰআৰআৰৰ নাম ইতিমধ্যে অস্কাৰৰ তালিকাতো সন্নিৱিষ্ট হৈছে ৷ ছবিখনৰ ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত নাটু নাটু শীৰ্ষক গীতটোৱে সংগীত শাখাত অস্কাৰৰ বাবে মনোনীত হৈছে ৷ ইয়াৰ পাছতেই ছবিখনৰ নিৰ্মাতাসকলে আৰআৰআৰৰ(RRR film team) অফিচিয়েল টুইটাৰ পেজত শ্বেয়াৰ কৰা এক বিবৃতিত নাটু নাটু গীতটো একাডেমী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় গীত হিচাপে পৰিগণিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: oscars 2023 : অস্কাৰৰ বাবে তালিকাভূক্ত হ’ল RRR আৰু Chhello Show

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.