ETV Bharat / entertainment

Salman Khan Injured: ‘টাইগাৰ ৩’ৰ চেটত আহত ছলমান খান, ফটোখন শ্বেয়াৰ কৰি লিখিলে- ‘টাইগাৰ জখমি হে’

author img

By

Published : May 19, 2023, 12:52 PM IST

Tiger Zakhmi Hai, says Salman Khan after sustaining shoulder injury on Tiger 3 sets
আহত হৈছে ছলমান খান

আগন্তুক ছবি টাইগাৰ ৩ ৰ চেটত আঘাতপ্ৰাপ্ত হৈছে ছলমান খান । অনুৰাগীৰ সৈতে নিজেই শ্বেয়াৰ কৰিছে এই তথ্য । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 19 মে’: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান ‘কিছি কা ভাই কিছি জান’ৰ পিচত সম্প্ৰতি ব্যস্ত তেওঁৰ আগন্তুক নতুন ছবি টাইগাৰ ৩ ৰ দৃশ্যগ্ৰহণত (Tiger 3)। কিন্তু শেহতীয়াকৈ টাইগাৰ ৩ ৰ চেটৰ পৰা ছলমান খানে শ্বেয়াৰ কৰিছে এটা পোষ্ট, যিটো পোষ্ট দেখি উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীয়ে । আচলতে ‘টাইগাৰ ৩’ৰ চেটত আঘাতপ্ৰাপ্ত হৈছে ছুপাৰষ্টাৰগৰাকী (Tiger Zakhmi Hai)।

‘টাইগাৰ ৩’ৰ চেটত আহত ছলমান খান

বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত টাইগাৰ ৩ৰ চেটৰ পৰা শেহতীয়া এখন ফটোৰ আভাস দেখুৱাইছে (Salman Khan shoulder injury on Tiger 3 sets) ৷ ফটোখনত তেওঁৰ মুখখন দেখা যোৱা নাই যদিও, তেওঁৰ বাওঁ কান্ধত বিষ নিৰাময়কাৰী ষ্টিকাৰ লগোৱা দেখা গৈছে (Salman Khan) । এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে কেপচনত লিখিছে, ‘Wen u think u r carrying the weight of the world on your shoulders , he says duniya ko chhodo paanch kilo ka dumbbell utha ke dikhao .Tiger Zakhmi Hai ৷’

ছলমান খানৰ এই পোষ্টটোত উদ্বেগ প্ৰকাশ কৰিছে অনুৰাগীয়ে

ফটোখনত ছলমান খানৰ এনে অৱস্থা দেখি অনুৰাগীসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে (Salman Khan Injured) । অভিনেতাগৰাকীৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘সোনকালে আৰোগ্য হওক’। আন এজনে লিখিছে, 'নিজৰ যত্ন লওক'। আন এজন অনুৰাগীয়ে কয় যে, সোনকালে ভাল হওক টাইগাৰ চিকাৰ কৰিবলৈ । আন এজন অনুৰাগীয়ে লিখিছে, ‘আঘাতপ্ৰাপ্ত বাঘ আৰু অধিক বিপজ্জনক।’

‘টাইগাৰ ৩’ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি

তাৎপৰ্যপূৰ্ণভাৱে ছলমান খানৰ ‘টাইগাৰ ৩’ যশ ৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । এই ছবিখনত ছলমান খানৰ বিপৰীতে দেখা যাব কেটৰিনা কাইফক । 'টাইগাৰ ৩'ত ভিলেইনৰ চৰিত্ৰত দেখা যাব ইমৰাণ হাছমীক । ইফালে তথ্য অনুসৰি জানিব পৰা মতে শ্বাহৰুখ খানক এই ছবিখনত কেমিঅ’ কৰা দেখা যাব । দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখনে ৷ অৱশ্যে বৰ্তমানলৈকে মুক্তিৰ সঠিক তাৰিখ প্ৰকাশ পোৱা নাই ৷ এই ফ্ৰেঞ্চাইজিৰ শেষৰ দুটা অংশ ‘এক থা টাইগাৰ’ আৰু ‘টাইগাৰ জিন্দা হে’ ইতিমধ্যে ছুপাৰহিট ছবি ৰূপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: IPL 2023 : আই পি এলত অভিলেখ বিৰাট কোহলীৰ, খেলৰ পাচতেই পত্নীক ভিডিঅ’ কল বিৰাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.