ETV Bharat / entertainment

Salman Khan On Firecrackers: মালেগাঁৱৰ চিনেমাহলত টাইগাৰ 3 ৰ দৰ্শনীত আতচবাজীৰ ঘটনাক লৈ অসন্তুষ্ট ছলমান

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 5:36 PM IST

‘টাইগাৰ ৩’ৰ শ্ব’ত ফটকা ফুটুৱাৰ ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছলমান খানে । অভিনেতাজনে কয় যে অনুগ্ৰহ কৰি নিজেও সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত থাকিবলৈ দিয়ক ।

'This is dangerous', Salman Khan reacts on Fire Crackers in Theatre during Tiger 3
চিনেমাহলৰ ভিতৰত আতচবাজীক লৈ প্ৰতিক্ৰিয়া টাইগাৰৰ

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ দেওবাৰে গোটেই বিশ্বজুৰি মুক্তি লাভ কৰে । এই ছবিখনৰ বাবে অনুৰাগীয়ে বহুদিনৰে পৰা আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ এতিয়া ছবিখন মুক্তিৰ পিচতে অভিনেতাজনৰ অনুৰাগীসকল ইমানেই উৎসাহিত হৈ পৰিছে যে তেওঁলোকে নিজৰ সুখ প্ৰকাশৰ বাবে থিয়েটাৰৰ ভিতৰতে আতচবাজী আৰম্ভ কৰে । এই ঘটনাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াকে লৈ এতিয়া ছলমানে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । এই ভিডিঅ’ সন্দৰ্ভত কি ক’লে অভিনেতাজনে জানো আহক ৷

'This is dangerous', Salman Khan reacts on Fire Crackers in Theatre during Tiger 3
চিনেমাহলৰ ভিতৰত আতচবাজীক লৈ প্ৰতিক্ৰিয়া টাইগাৰৰ

থিয়েটাৰত ফটকা ফুটুৱাৰ ঘটনা সন্দৰ্ভত ছলমান খানে টুইট কৰিছে । এই টুইটত অভিনেতাগৰাকীয়ে লিখিছে, ‘‘টাইগাৰ ৩ ৰ সময়ত ছবিগৃহৰ ভিতৰত আতচবাজীৰ কথা শুনিছো...এয়া অতি বিপজ্জনক...নিজৰ লগতে আনকো বিপদত নপৰাকৈ ছবিখন উপভোগ কৰক আৰু সুৰক্ষিত থাকক । ’’

  • I'm hearing about fireworks inside theaters during Tiger3. This is dangerous. Let's enjoy the film without putting ourselves and others at risk. Stay safe.

    — Salman Khan (@BeingSalmanKhan) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে থিয়েটাৰত আতচবাজীৰ ভিডিঅ’

উল্লেখ্য যে, থিয়েটাৰত ফটকা ফুটুৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টো মুম্বাইৰ মালেগাঁৱৰ বুলি জানিব পৰা গৈছে । ইয়াৰে এখন ছবিগৃহত নিশা চলি আছিল ‘টাইগাৰ ৩’ৰ শ্ব’। এই শ্ব’টো সম্পূৰ্ণ হাউচফুল আছিল । ছবিখন উপভোগ কৰি থাকোঁতে অভিনেতাজনৰ অনুৰাগীয়ে হাত চাপৰি বজাইছিল ৷ কিন্তু হঠাৎ ছবিখন চলি থকাৰ মাজতেই ফটকা ফুটিবলৈ আৰম্ভ কৰে ছবিগৃহত । যিটো অতি ভয়ানক আছিল ৷ হঠাৎ হোৱা এই ঘটনাৰ বাবে দৰ্শকৰ মাজত হুৱাদুৱা লাগে ৷ অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে দৰ্শকৰ ৷ জানিব পৰা মতে বৰ্তমান আৰক্ষীয়ে এই ভিডিঅ’টোৰ তদন্ত অব্যাহত ৰাখিছে ।

  • Unreal Disrespect of Salman khan in theater.
    TIGER KA BAAP PATHAAN chants everywhere.

    MANNAT KA LABOUR SALMAN pic.twitter.com/u5X1PRKVVZ

    — 𝐁𝐚𝐛𝐚 𝐘𝐚𝐠𝐚 (@yagaa__) November 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Tiger 3 Fans Burst Firecrackers inside Cinema Hall: টাইগাৰ-৩ প্ৰদৰ্শনীৰ মাজত চিনেমা হলত আতচবাজী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.