ETV Bharat / entertainment

Sri Raghupati: উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল শ্ৰী ৰঘুপতিৰ প্ৰযোজক শৈলেন শৰ্মা

author img

By

Published : Jun 2, 2023, 4:27 PM IST

আজি ছবিগৃহত মুক্তি নাপালে ৰবি শৰ্মাৰ অভিনীত ছবি 'শ্ৰী ৰঘুপতি' ৷ ছবিখনৰ মুক্তিত স্থগিতাদেশ প্ৰদান কৰিছিল নিম্ন আদালতে (Sri Raghupati Will Not Release Today) ৷ এতিয়া নিম্ন আদালতক প্ৰত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ’ল ছবিখনৰ প্ৰযোজক শৈলেন শৰ্মা ৷ অহা সোমবাৰে শুনানি হ’ব এই গোচৰটোৰ ৷ তাৰ পাচতহে সিদ্ধান্ত হ’ব কেতিয়া মুক্তি পাব ছবিখন ৷

Sri Raghupati producer Sailen Sharma appealed to High Court
কেতিয়া ছবিগৃহত আহিব শ্ৰী ৰঘুপতি

চিটাৰা ডেস্ক, 2 জুন: ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ মুক্তিৰ পূৰ্বেই সোমাই পৰিছে আইনী বিবাদত ৷ 2 জুনত অৰ্থাৎ আজি ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল ‘শ্ৰী ৰঘুপতি’ ৷ কিন্তু ইয়াৰ মাজতে ছবিখনৰ সন্দৰ্ভত কামৰূপ জিলাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এক ডাঙৰ ৰায় প্ৰদান কৰে ৷ ছবিখন স্থগিত ৰখাৰ ৰায় প্ৰদান কৰে আদালতে আৰু ১৫ জুলাইলৈ বান্ধি দিয়ে সময়সীমা (Sri Raghupati release stay order) ৷

যাৰ বাবে এতিয়া নিম্ন আদালতক প্ৰত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় ছবিখনৰ প্ৰযোজক শৈলেন শৰ্মা (Raghupati release controversy) ৷ অহা সোমবাৰে শুনানি হ’ব এই গোচৰটোৰ ৷ তাৰ পাচতহে সিদ্ধান্ত হ’ব কেতিয়া মুক্তি লাভ কৰিব ছবিখনে ৷

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি ছবিখনৰ চৰ্চা চলি আছিল (Sri Raghupati Will Not Release Today) ৷ সেয়াহে অনুৰাগীসকলো অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল ছবিখনৰ বাবে ৷ কিন্তু মুক্তিৰ পূৰ্বেই ছবিখন স্থগিত ৰখাৰ নিৰ্দেশ দিলে নিম্ন আদালতে ৷ ইতিমধ্যে বহুতে আগতীয়াকৈ ক্ৰয় কৰিছিল টিকট ৷ যিহেতু ছবিখনত সদ্যহতে মুক্তি লাভ নকৰে সেয়াহে যিসকল দৰ্শকে আগতীয়াকৈ টিকট সংগ্ৰহ কৰিছিল, তেওঁলোকক ছবিগৃহৰ পৰা টিকটৰ মূল্য Refund কৰা হৈছে আৰু যিসকলক refund কৰা হোৱা নাই অতি সোনকালেই Refund কৰা হ’ব ৷

ছবিখনৰ মুক্তিক লৈ আদালতে ৰায় প্ৰদান কৰাৰ পিচতে এই সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰযোজক শৈলেন কুমাৰ শৰ্মা আৰু অভিনেতা ৰবি শৰ্মাই (Sri Raghupati trailer) ৷ শৈলেন কুমাৰ শৰ্মাই কয় যে শ্ৰী ৰঘুপতি ছবিখনৰ চেন্সৰ বৰ্ডৰ প্ৰমাণ পত্ৰ তেওঁৰ নামত আছে, গতিকে এই ক্ষেত্ৰত ময়ূৰশ্ৰী শৰ্মাৰ নাম অহাটো কোনো কথা হ’ব নোৱাৰে ৷ আনহাতে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মাই কয়, ‘ছবিখনৰ মালিকিস্বত্বৰ ওপৰত বিতৰ্ক হোৱাৰ কোনো কাৰণ নাই ৷

উল্লেখ্য যে ছবিখনৰ বৰ্তমানৰ প্ৰযোজক হৈছে ময়ূৰাক্ষী শৰ্মা (When will Sri Raghupati be released) ৷ ময়ূৰাক্ষী শৰ্মাৰ বিৰুদ্ধে ইতিপূৰ্বে তেওঁৰ পিতৃ শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তিখন ময়ূৰাক্ষীয়ে উলংঘা কৰাৰ অভিযোগ তুলি ছবিখনৰ পূৰ্বৰ আন প্ৰযোজক ধৃতিমান শৰ্মাই নিম্ন আদালতত গোচৰ ৰুজু কৰিছিল ৷ ধৃতিমান শৰ্মাই তৰা গোচৰৰ শুনানিৰ অন্তত ছবিখন মুক্তিত বাধা প্ৰদান কৰিছিল অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে ৷

গোচৰীয়া ধৃতিমান শৰ্মাই ন্যায়ালয়ত দাখিল কৰা আবেদন অনুসৰি যোৱা বছৰত ‘ল’কাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত ‘শ্ৰী ৰঘুপতি’ ছবিৰ বিনিয়োগৰ বাবে এগৰাকী প্ৰযোজক হিচাবে এক চুক্তি স্বাক্ষৰ কৰিছিল ৷ কিন্তু ময়ূৰাক্ষীয়ে পিতৃ শৈলেন কুমাৰ শৰ্মাৰ সৈতে ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত ছবিখন আজি মুক্তি দিবলৈ ওলাইছিল ৷

লগতে পঢ়ক: Sri Raghupat film controversy: ‘শ্ৰী ৰঘুপতি’ৰ মুক্তি বিতৰ্কক লৈ কি ক’লে প্ৰযোজক আৰু ৰবি শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.