ETV Bharat / entertainment

Shehnaaz Gill youtube: পথাৰত নামি ভূঁই ৰুলে শ্বেহনাজ গীলে

author img

By

Published : Jul 13, 2022, 7:11 PM IST

মুম্বাইত ধাৰাসাৰ বৰষুণৰ মাজত পথাৰত নামি খেতি কৰাৰ আমেজ ল’লে শ্বেহনাজ গীলে ৷ ভিডিঅ’টো সামাজিক মাধ্যমত যথেষ্ট পছন্দ কৰা হৈছে (Shehnaaz Gill latest updates) ৷ এই ভিডিঅ’টো আপোনালোকে শ্বেহনাজৰ ইউটিউব চেনেলত উপভোগ কৰিব পাৰিব ৷

Shehnaaz Gill youtube
বৰষুণত পথাৰত নামি ভূঁই ৰুলে শ্বেহনাজ গীলে, ল’লে খেতি কৰাৰ আমেজ

চিটাৰা ডেস্ক, 13 জুলাই : ‘পঞ্জাৱৰ কেটৰিণা কাইফ’ খ্যাত শ্বেহনাজ গীল নিজৰ সজীৱ ষ্টাইলৰ বাবে বিখ্যাত । অভিনেত্ৰী ও মডেল গৰাকীৰ মুখত সদায় এটি হাঁহি বিৰিঙি থাকে, যিয়ে সকাহ দিয়ে অনুৰাগী সকলক । শ্বেহনাজে জীৱনৰ প্ৰতিটো মুহূৰ্ত মুক্তভাৱে জীয়াই থকাত বিশ্বাস কৰে ।

এতিয়া অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত তেওঁক মুম্বাইৰ বৰষুণৰ মাজে মাজে খেতি-বাতিৰ আনন্দ লোৱা দেখা গৈছে । শ্বেহনাজে নিজৰ ইউটিউব চেনেলত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে (Shehnaaz Gill youtube) ।

ভিডিঅ'টোত পথাৰৰ মাজত শ্বেহনাজক যথেষ্ট সুখী আৰু চঞ্চল দেখা গৈছে (Shehnaaz Gill latest updates) । বৰষুণ উপভোগ কৰি মতলীয়া হৈ পৰিছে শ্বেহনাজ । স্থানীয় লোকৰ সৈতে পথাৰত নামি খেতি কৰাৰ সোৱাদ ল’লে শ্বেহনাজে ।

লগতে পঢ়ক: এনচিবিৰ ড্ৰাফটত প্ৰকাশ পালে ৰিয়াই প্ৰায়েই সুশান্তৰ বাবে গাঞ্জা ক্ৰয় কৰাৰ কথা

অনুৰাগীসকলে শ্বেহনাজৰ এই সৰলতা খুব পছন্দ কৰিছে ৷ এগৰাকী শীৰ্ষ স্থানৰ তাৰকা হৈয়ো এইদৰে পথাৰলৈ নামি যোৱাত বহুতে আনকি মাটিৰ মানুহ বুলিও কৈছে শ্বেহনাজক ৷

শ্বেহনাজে কৈছে যে আমি সকলোৱে এই জীৱনটো উপভোগ কৰা উচিত । শ্বেহনাজৰ এই ভিডিঅ’টো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক (Shehnaaz Gill youtube channel)-

  • " class="align-text-top noRightClick twitterSection" data="">
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.