ETV Bharat / entertainment

Shah Rukh Khan Announcement: ‘‘এয়াই প্ৰথম আৰু শেষবাৰৰ বাবে...’’ হঠাৎ কিয় ক’লে কিং খানে !

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 11:22 AM IST

শ্বাহৰুখ খানে ডুবাইত মুকলি কৰিছে জৱান ছবিখনৰ ট্ৰেইলাৰ । ট্ৰেইলাৰ মুক্তিৰ সমান্তৰালকৈ তেওঁ এক ঘোষণাও কৰিছে । সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Shah Rukh Khan unveils Jawan trailer at Burj Khalifa, says 'This is the first and last time where I've gone bald'
ট্ৰেইলাৰ মুকলিৰ পিছতে শ্বাহৰুখ খানৰ ঘোষণা

চিটাৰা ডেস্ক, 1 ছেপ্টম্বৰ: অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে শ্বাহৰুখ খানৰ ছবি জৱানৰ বাবে । অহা 7 ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি পাব এই ছবিখন । বৃহস্পতিবাৰে শ্বাহৰুখে ডুবাইৰ বুৰ্জ খলিফাত মুকলি কৰে ছবিখনৰ ট্ৰেইলাৰ । ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে হেচটেগ জৱান । এতিয়ালৈকে লাখ লাখ মানুহে চাইছে জৱানৰ ট্ৰেইলাৰ । ট্ৰেইলাৰ চোৱাৰ পিচত ছবিখন চোৱাৰ আৰু উৎসাহ বৃদ্ধি পাইছে অনুৰাগীৰ ৷ ছবিখনৰ পৰা ইতিমধ্যেই শ্বাহৰুখ খানৰ বহু লুক মুকলি হৈছে ৷ ইয়াৰ পিচতে শ্বাহৰুখ খানে নিজৰ লুকৰ সন্দৰ্ভত এটা ঘোষণা কৰিছে। যিটো এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

শ্বাহৰুখ খানে ডুবাইৰ বুৰ্জ খলিফাৰ পৰা জৱানৰ ট্ৰেইলাৰ মুকলি কৰিছে । ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচত শ্বাহৰুখে ছবিখনৰ বিষয়ে বহু কথাই কয় । কেৱল ছবিখনৰ বিষয়েই নহয়, ছবিখনত থকা নিজৰ লুকৰ বিষয়েও কয় শ্বাহৰুখে । বিশেষকৈ নিজৰ টকলা ৰূপটোৰ বিষয়ে কয় অভিনেতাগৰাকীয়ে ৷

শ্বাহৰুখৰ ডাঙৰ ঘোষণা

শ্বাহৰুখে কয়- এই ছবিখনৰ বাবে মই আনকি টকলাও হৈ পৰিলোঁ ৷ কিন্তু এনেকুৱা কাম মই মোৰ জীৱনত আৰু কেতিয়াও নকৰো । এইবাৰেই প্ৰথম আৰু শেষবাৰৰ বাবে টকলা হৈছোঁ । আপোলালোকৰ বাবেই মই টকলা হৈ পৰিছো । গতিকে মোৰ এই সন্মানৰ বাবেই ছবিখন চাবলৈ যাব ৷ কি ঠিক পুনৰ মোক টকলা ৰূপত দেখা পায় নে নাপায় ৷

চালেয়া চালেয়া গীতটিৰ আৰবী সংস্কৰণ মুকলি

শ্বাহৰুখ খানে বুৰ্জ খলিফাৰ সন্মুখত অনুষ্ঠিত অনুষ্ঠানত জিন্দা বান্দা গীতত নৃত্য কৰে । ইয়াৰ লগতে তেওঁ চালেয়া চালেয়া গীতটিৰ আৰবী সংস্কৰণো মুকলি কৰি তাৰ ওপৰত নৃত্য পৰিৱেশন কৰে । লুকৰ কথা ক’বলৈ গ’লে শ্বাহৰুখক এই ইভেণ্টত ক’লা টি-চাৰ্ট, ক’লা পেণ্টৰ সৈতে ৰঙা জেকেট পৰিধান কৰা দেখা পোৱা গৈছিল ।

সংলাপেৰে আপ্লুত কৰিলে অনুৰাগীক

অনুষ্ঠানৰ শেষত শ্বাহৰুখ খানে তেওঁৰ ছবিখনৰ সংলাপ কৈ অনুৰাগীক আপ্লুত কৰিছিল । তেওঁ অভিভাৱকক উদ্দেশ্য কৰি কয়; বেটে কো হাত লাগানে ছে পেহলে বাপ ছে বাত কৰ ৷

জৱান ছবিখন পৰিচালনা কৰিছে এটলী কুমাৰে । শ্বাহৰুখ খানৰ লগতে নয়নতৰা, বিজয় ছেঠুপথি, সন্যা মালহোত্ৰা আৰু ৰিদ্ধি ডোগ্ৰাক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

লগতে পঢ়ক: Alia Bhatt: ‘ঔৰ পুৰি দুনীয়া কো চাহিয়ে ছিৰ্ফ এছ আৰ কে’, জৱানৰ ট্ৰেইলাৰত আলিয়া ভাটে দিলে আমোদজনক প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.