ETV Bharat / entertainment

Shah Rukh Khan latest news: মক্কাত শ্বাহৰুখ খানৰ ওমৰাহ

author img

By

Published : Dec 2, 2022, 5:01 PM IST

Shah Rukh Khan
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান

শ্বাহৰুখ খানে অলপতে ছৌদি আৰৱত ডাংকি চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰে (Dunki movie) ৷ তাৰ পিছত তেওঁ মক্কাত উপস্থিত হৈ ওমৰাহত ভাগ লয় । মক্কাত গাত বগা কাপোৰ মেৰিয়াই ঘূৰি-ফুৰা শ্বাহৰুখৰ তেওঁৰ ফটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে সম্প্ৰতি সমগ্ৰ বিশ্বতে বাতৰিৰ শিৰোনাম দখল কৰি আছে । শেহতীয়াকৈ ছৌদি আৰৱত শ্বাহৰুখ খানে ‘ডাংকি’ ছবিখনৰ শ্বুটিং সমাপ্ত কৰি ওমৰাহ কৰিবলৈ মক্কাত উপস্থিত হয় (Shah Rukh Khan news) । মক্কাৰ পৰা গাত বগা চাদৰ মেৰিয়াই থোৱা তেওঁৰ ছবিবোৰ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । মুখত মাস্ক মাৰি থকা দেখিবলৈ পোৱা গৈছে শ্বাহৰুখক । ওমৰাহৰ পিছত, শ্বাহৰুখক লোহিত সাগৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা দেখা গৈছিল ।

Shah Rukh Khan
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান

শ্বাহৰুখ খানৰ অনুৰাগীসকল আপ্লুত হৈ পৰিছে মক্কাৰ পৰা এই ফটোসমূহ দেখি ৷ লগতে তেওঁলোক আচৰিতো হৈ পৰিছে আৰু এই ফটোসমূহ দেখি নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বহু অনুৰাগীয়ে কৈছে যে তেওঁলোকে কেতিয়াও শ্বাহৰুখক এনে ষ্টাইলত দেখা নাই । ছৌদি আৰৱৰ এগৰাকী সাংবাদিকে টুইটৰ জৰিয়তে এই খবৰ নিশ্চিত কৰিছে যে শ্বাহৰুখ সঁচাকৈয়ে মক্কাত উপস্থিত হৈছে ।

Shah Rukh Khan
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান

কেতিয়া মুক্তি পাব ‘ডাংকি’ ছবিখন?

ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিবলৈ ওলাইছে । কিন্তু জানিব পৰা মতে ৰাজকুমাৰে শ্বাহৰুখ খানক ‘মুন্নাভাই এম বি বি এছ’ ছবিখনৰ প্ৰস্তাৱ দিছিল, যিটো কাম কৰিবলৈ শ্বাহৰুখে কিবা কাৰণত সেই সময়ত অস্বীকাৰ কৰিছিল । এতিয়া কিমান সফল হ’ব ৰাজকুমাৰ হিৰাণী আৰু শ্বাহৰুখ খানৰ যুটিৰে ‘ডাংকি’, সেয়া ছবিখনৰ মুক্তিৰ সময়তহে জানিব পৰা যাব । 2023 চনৰ 22 ডিচেম্বৰত মুক্তি পাব ছবিখন (Dunki release date) ৷ শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু, বিকী কৌশল আৰু বোমন ইৰাণীক এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক : Cirkus trailer: ৰণবীৰ সিঙৰ দ্বৈত চৰিত্ৰৰে দুগুণ হাঁহিৰ খোৰাক লৈ আহি আছে চাৰ্কাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.