ETV Bharat / entertainment

Kushi trailer out: সামান্থা ৰুথ প্ৰভু আৰু বিজয় দেৱৰকোণ্ডাৰ ছবি খুশিৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Aug 9, 2023, 4:40 PM IST

Samantha Ruth Prabhu and Vijay Deverkonda's interfaith love story in Kushi is all about fighting odds
খুশিৰ ট্ৰেইলাৰ মুকলি

বুধবাৰে মুকলি হ’ল সামান্থা ৰুথ প্ৰভু আৰু বিজয় দেৱৰকোণ্ডাৰ বহু প্ৰত্যাশিত ৰোমান্টিক ছবি খুশিৰ ট্ৰেইলাৰ । ১ ছেপ্টেম্বৰত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিব ।

চিটাৰা ডেস্ক, 9 আগষ্ট: বহু প্ৰত্যাশিত ৰোমান্টিক নাট্য ছবি ‘খুশি’ৰ নিৰ্মাতাসকলে বুধবাৰে মুকলি কৰিছে ছবিখনৰ ট্ৰেইলাৰ। সামান্থা ৰুথ প্ৰভু আৰু বিজয় দেৱৰকণ্ডাই মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখন ১ ছেপ্টেম্বৰত তেলেগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব । এয়া হ’ব সামান্থা আৰু বিজয়ৰ ছবি ‘মহানতি’ৰ পিচত একেলগে দ্বিতীয়টো ছবি আৰু ইয়াৰ দ্বাৰা সামান্থাই দ্বিতীয়বাৰৰ বাবে কাম কৰিব পৰিচালক শিৱ নিৰ্বাণৰ সৈতে ৷ পৰিচালক শিৱ নিৰ্বাণৰ সৈতে সামান্থাই পূৰ্বে ‘মাজিলী’ ছবিত কাম কৰিছিল ।

সামান্থাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটো মুক্তি পোৱাৰ লগে লগে দুয়োগৰাকী অভিনেতাৰ অনুৰাগীয়ে ৰঙা হৃদয় আৰু জুইৰ ইমোজী কমেণ্ট ছেকচনত শ্বেয়াৰ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পূৰ্বে নিৰ্মাতাসকলে ছবিখনৰ দুটা গীত আৰাধ্যা আৰু না ৰোজা নুভ্ৱে অনুৰাগীৰ বাবে মুকলি কৰিছে ৷ এই ছবিখনত অভিনয় কৰিছে জয়ৰাম, শচীন খেড়েকাৰ, মুৰলী শৰ্মা, লক্ষ্মী, আলী, ৰোহিনী, ভেনেলা কিশোৰ, ৰাহুল ৰামকৃষ্ণ, শ্ৰীকান্ত আয়েংগাৰ আৰু সৰন্যকে । খবৰ অনুসৰি ছবিখনৰ কাহিনীভাগ এটা আন্তঃধৰ্মীয় প্ৰেম কাহিনী হ’ব ।

সামান্থাৰ বাবে 'খুশি' তাৎপৰ্যপূৰ্ণ কাৰণ তেওঁৰ পূৰ্বৰ ছবি ‘শকুন্তলা’ই বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছিল । তদুপৰি বিজয়ৰ হিন্দী ছবিত আত্মপ্ৰকাশ কৰা ‘লাইগাৰ’ ছবিখনেও বক্স অফিচত বিশেষ ফল দেখুৱাব নোৱাৰিলে । এতিয়া দুয়োগৰাকী ছুপাৰষ্টাৰৰ অনুৰাগীয়ে দুয়োকে একেলগে এখন ছবিত চাবলৈ অতি আগ্ৰহী হৈ আছিল ।

ৱৰ্ক ফ্ৰণ্টত বিজয়ক পৰৱৰ্তী সময়ত গৌতম টিননানুৰীৰ আগন্তুক ছবিত শ্ৰীলীলাৰ সৈতে দেখা যাব, যাৰ আংশিক শিৰোনাম হ’ব ‘ভিডি ১২’ । ইয়াৰ বিপৰীতে সামান্থাই বৰুণ ধাৱানৰ সৈতে একচন ধাৰাবাহিক চিটাডেলৰ ভাৰতীয় ৰপান্তৰত সহ-অভিনয় কৰা দেখা যাব । ৰাজ আৰু ডিকেই প্ৰযোজনা কৰা এই ধাৰাবাহিকখন আমাজন প্ৰাইম ভিডিঅ’ত উপলব্ধ হ’ব ।

লগতে পঢ়ক: Yaariyan 2 Poster: গদৰ 2, অ’এমজি 2 ৰ পিচত এতিয়া আহি আছে ইয়াৰিয়া 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.