ETV Bharat / entertainment

Tiger 3 Release: দীপাৱলীত টাইগাৰ ৩ মুক্তিৰ উদযাপন অনুৰাগীৰ, চাওক ভাইৰেল ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 12:59 PM IST

দীপাৱলী উৎসৱৰ সমান্তৰালকৈ দেশজুৰি টাইগাৰ ৩ মুক্তিৰো উদযাপন কৰা হৈছে । আজি ছবিগৃহত মুক্তি পালে ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি টাইগাৰ ৩ ।

Salman Khan fans celebrate the release of tiger 3 on the occasion of Diwali outside cinema halls
টাইগাৰ ৩ মুক্তি

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: অৱশেষত আহিল সেই মুহূৰ্ত যাৰবাবে ভাইজানৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । আজি ছবিগৃহত মুক্তি পালে ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি টাইগাৰ ৩ । দীপাৱলী উৎসৱৰ সমান্তৰালকৈ দেশজুৰি টাইগাৰ ৩ মুক্তিৰো উদযাপন কৰা হৈছে । আটাইতকৈ প্ৰত্যাশিত ছবি টাইগাৰ ৩ য়ে মুক্তিৰ দিনাই এক সুন্দৰ আৰম্ভণি কৰিছে, য’ত ছলমান খান আৰু কেটৰিণা কাইফৰ স্পাই যুটি টাইগাৰ আৰু জোয়াৰ চৰিত্ৰত পুনৰ দেখা গৈছে । লগতে এতিয়া ছবিখনক লৈ অনুৰাগীৰ উন্মাদনা দেখা গৈছে ছ’চিয়েল মিডিয়াত ।

দীপাৱলী উপলক্ষে পৰ্দাত ছবিখন মুকলি পোৱাৰ লগে লগে, ছবিগৃহৰ বাহিৰত সমাগম ঘটে বহু অনুৰাগীৰ ৷ ডাঙৰ পৰ্দাত নিজৰ মৰমৰ ছুপাৰষ্টাৰগৰাকীৰ আটাইতকৈ প্ৰত্যাশিত আগমনৰ বাবে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে অনুৰাগীয়ে ।

ছলমান খান-কেটৰিণা কাইফৰ অভিনীত ছবি টাইগাৰ ৩ ছবিগৃহত চলি থকাৰ মাজতে ছবিগৃহৰ বাহিৰত উদযাপনত ব্যস্ত হৈ পৰে অনুৰাগী । ১২ নৱেম্বৰত অৰ্থাৎ দেৱালীৰ দিনা সমগ্ৰ দেশতে টাইগাৰ ৩ ছবিখনৰ পুৱাৰ অনুষ্ঠান আৰম্ভ হয়, ইয়াৰ লগে লগে অনুৰাগীৰ উদযাপন দুগুণ হৈ পৰে ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অনুৰাগীৰ উদযাপনৰ ভিডিঅ’ ৷ এটা ভিডিঅ’ত অনুৰাগীসকলে ঢোলৰ তালে তালে একেলগে নৃত্য কৰা দেখা গৈছে, পটভূমিত ছলমান খানৰ এটা ওখ বেনাৰ সজোৱা ইছিল ।

আন এটা ভিডিঅ’ত দেখা গৈছে এখন থিয়েটাৰৰ বাহিৰত বিশাল ভিৰ, উল্লাস আৰু কোলাহল প্ৰতিধ্বনিত হৈ আছিল । অনুৰাগীসকলে শাৰী পাতি থিয় হৈ শ্ব’টোত নিজৰ পালৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, ইফালে ‘ভাইজান’ৰ সামূহিক শ্ল’গান দিয়ে অনুৰাগীয়ে । বহু অনুৰাগীয়ে পৰিধান কৰিছিল টাইগাৰৰ জনপ্ৰিয় স্কাৰ্ফ । একাংশ অনুৰাগীয়ে কেক কাটি ছবিখনৰ পোষ্টাৰক কেক খুৱাই নিজৰ সুখ ব্যক্ত কৰে ।

ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত টাইগাৰ ৩ ৰ বিষয়ে

আদিত্য চোপ্ৰাৰ দ্বাৰা নিৰ্মিত স্পাই ইউনিভাৰ্ছৰ ছবি টাইগাৰ ৩ । যিয়ে এক থা টাইগাৰ, টাইগাৰ জিন্দা হায়, ৱাৰ আৰু পাঠানকে ধৰি পূৰ্বৰ ছবিৰ কাহিনী আগবঢ়াই লৈ গৈছে । এই ছবিখনত ইমৰাণ হাছমীয়ে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক: Tiger 3 Twitter Review: ছলমান খানৰ ‘টাইগাৰ ৩’ চাই প্ৰতিক্ৰিয়া প্ৰকাশ অনুৰাগীৰ, ছবিখন চোৱাৰ পূৰ্বে পঢ়ক ৰিভিউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.