ETV Bharat / entertainment

Tiger 3 Twitter Review: ছলমান খানৰ ‘টাইগাৰ ৩’ চাই প্ৰতিক্ৰিয়া প্ৰকাশ অনুৰাগীৰ, ছবিখন চোৱাৰ পূৰ্বে পঢ়ক ৰিভিউ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:52 AM IST

মুক্তি পোৱাৰ লগে লগে বক্স অফিচত ঢৌ তুলিছে ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ । ছবিখন মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই ছবিখন চোৱাৰ পিচত অনুৰাগীয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানি লওক এই প্ৰতিবেদনত ৷

Know the Twitter Review of Salman Khan starrer film Tiger 3
টাইগাৰ ৩ টুইটাৰ ৰিভিউ

চিটাৰা ডেস্ক, 12 নৱেম্বৰ: ছলমান খান আৰু কেটৰিণা কাইফৰ বাবে এই দীপাৱলী অতি বিশেষ । কিয়নো আজি মুক্তি লাভ কৰিলে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ 3 ৷ এই ছবিখনৰ বাবে বহু দিনৰে পৰা অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ কিন্তু এতিয়া প্ৰশ্ন হয় ছবিখন চাই কেনেকুৱা পালে অনুৰাগীয়ে ৷ আশা কৰা ধৰণে দৰ্শকক মনোৰঞ্জন দিব পাৰিছে নে ছবিখন ? সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ সন্ধিয়া লক্ষ্মী পূজা আৰম্ভ হোৱাৰ আগতেই অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত টাইগাৰ ৩ ছবিখনৰ ৰিভিউ দিবলৈ আৰম্ভ কৰিছে । এই ছবিখন চোৱাৰ পিচত অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

টুইটাৰত অনুৰাগীৰ প্ৰতিক্ৰিয়া

ছবিখন চোৱাৰ পিচত ব্যৱহাৰকাৰীয়ে ইয়াক YRF ৰ স্পাই ইউনিভাৰ্ছৰ এতিয়ালৈকে শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে - এই ছবিখন চোৱাৰ পিচত আমি মাথোঁ ক’ব পাৰো যে যদি কোনোবা আছে যি হৈছে শেষ একচন হিৰো, তেন্তে সেয়া হ’ল ছলমান খান ।

আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে – ছবিখনত ছলমান খানৰ প্ৰৱেশ জুই লগাই দিয়ে ।

এজন ব্যৱহাৰকাৰীয়ে ছলমান খানৰ ছবিখনৰ ইমৰাণ হাছমীৰ সৈতে এটা দৃশ্যৰ ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি কেপচনত লিখিছে- ইমৰাণ হাছমীৰ প্ৰৱেশো প্ৰচণ্ড ।

এজন ইউজাৰে লিখিছে যে ছলমান খানৰ ছবিখনৰ উন্মাদনা ব্যাপক ভাৱে দেখা পোৱা গৈছে ।

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – যশন-ই-ছলমানিয়া ছবিৰ জ্বৰ আৰম্ভ হৈছে ।

লগতে পঢ়ক: Bigg Boss 17: দীপাৱলীৰ দিনাই বিগ বছত ছলমানৰ ৰুদ্ৰমূৰ্তি; ঘৰৰ পৰা বাহিৰ হৈ যাব লাগিব নেকি ঐশ্বৰ্য-মন্নাৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.