ETV Bharat / entertainment

তিনি মোমায়েকৰ ক্লাছ ল’লে ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীয়ে, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 4:46 PM IST

Salman Khan, Arbaaz Khan and Sohail Khan discussed their school days with the cast of Farrey
ছলমান খানে শ্বেয়াৰ কৰিলে ফাৰে কাষ্টৰ সৈতে ভিডিঅ’

Alizeh Agnihotri: কাইলৈ ​​অৰ্থাৎ ২৪ নৱেম্বৰত মুক্তি পাব ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ অভিনীত ছবি ‘ফাৰে’ । বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় ছবিখনৰ গ্ৰেণ্ড স্ক্ৰীনিং । ভাগিনীয়েকৰ ছবিখনৰ ব্যাপকভাৱে প্ৰচাৰ চলাইছে মোমায়েক ছলমানে । গ্ৰেণ্ড স্ক্ৰীনিঙৰ পিচত ছলমানে ফাৰেৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক তেওঁৰ দুই ভাতৃ আৰু ফাৰেৰ কাষ্টৰ সৈতে দেখা গৈছে ।

চিটাৰা ডেস্ক, 11 নৱেম্বৰ: চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰী । কাইলৈ ​​অৰ্থাৎ ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব আলিজেহৰ অভিনীত ছবি ‘ফাৰে’ । বুধবাৰে মুম্বাইত অনুষ্ঠিত হৈছিল ছবিখনৰ বিশেষ দৰ্শনী । আলিজেহৰ মোমায়েক ছলমান খানে ছবিখনৰ বিশেষ দৰ্শনীত অংশ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । ভাগিনীয়েকৰ ছবিখনৰ ব্যাপকভাৱে প্ৰচাৰ চলাইছে ছলমান খানে । গ্ৰেণ্ড স্ক্ৰীনিঙৰ পিচত ভাইজানে ‘ফাৰে’ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক তেওঁৰ দুই ভাতৃ আৰু ‘ফাৰে’ৰ অভিনেতা-অভিনেত্ৰীৰ সৈতে দেখা গৈছে ।

ছলমান খানে চলালে ফাৰেৰ প্ৰচাৰ

ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ ছবিখন শুকুৰবাৰে অৰ্থাৎ কাইলৈ ​​মুক্তি পাব । এনে পৰিস্থিতিত ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছে, যিটো ঘোষণা কৰিছে স্বয়ং ছলমান খানে । ছলমানে নিজৰ ইনষ্টাগ্ৰামত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত আলিজেহে তিনিওজন মোমায়েকৰ ক্লাছ লোৱা দেখা গৈছে ।

আলিজেহে ল’লে তিনি মোমায়েকৰ ক্লাছ

ভিডিঅ’টোত ছলমান খান, আৰবাজ খান আৰু ছোহেইল খানক ক্লাছ ৰুমত বহি থকা দেখা গৈছে আৰু আলিজেহে তিনি মোমায়েকক প্ৰশ্ন সোধা পৰিলক্ষিত হৈছে । এই ভিডিঅ’টো শ্বেয়াৰ কৰি ছলমানে কেপচনত লিখিছে, ‘‘এই বদমাছসকলে আমাৰ ক্লাছ লৈ ল’লে । টিকট বুকিং কৰি ২৪ নৱেম্বৰৰ পৰা ওচৰৰ চিনেমাগৃহত চাব ‘ফাৰে’।’’

আলিজেহে তিনি মোমায়েকক প্ৰশ্ন কৰে, ‘‘আপোনালোক তিনিজনৰ ভিতৰত স্কুলীয়া দিনত কোন শ্ৰেষ্ঠ আছিল, কোন মধ্যমীয়া আছিল আৰু কোন পঢ়া-শুনাত বেয়া আছিল ? ’’ এই প্ৰশ্নৰ উত্তৰত ছোহেইল আৰু আৰবাজ খানে ছলমান খানক শ্ৰেষ্ঠ ছাত্ৰ বুলি অভিহিত কৰে । অৱশ্যে ছলমানে নিজকে মধ্যমীয়া বুলি কয় ।

ফাৰেত দেখা যাব এইসকল অভিনেতা-অভিনেত্ৰীক

আলিজেহ অগ্নিহোত্ৰীৰ উপৰিও ‘ফাৰে’ ছবিখনত সৌমেন্দ্ৰ পাধি, চাহিল মেহতা, জেন শ্ব’, প্ৰসন্ন বিষ্ট, ৰনিত বসু ৰয়, জুহি বব্বৰ ছোনী, নবীন য়েৰ্নেনী আদি অভিনেতা-অভিনেত্ৰীকো দেখা যাব । এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক সৌমেন্দ্ৰ পাধিয়ে । উল্লেখ্য যে গোৱাত অনুষ্ঠিত ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখন প্ৰদৰ্শিত হৈছিল ।

লগতে পঢ়ক: Fareey Teaser: ছলমান খানৰ ভাগিনী আলিজেহৰ ছবি ফেৰেৰ টিজাৰ মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.