ETV Bharat / entertainment

Tiger 3 Song Ruaan: অৰিজিতৰ কণ্ঠত মুকলি হ’ল ‘টাইগাৰ ৩’ৰ ৰোমান্টিক গীত ‘ৰুৱান’, চাওক

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:15 PM IST

বৰ্তমান ছলমান খান ‘টাইগাৰ ৩’ৰ বাবে চৰ্চাত । দীপাৱলীৰ উপলক্ষে ছবিগৃহত মুক্তি পাব এই ছবিখন । ইফালে সোমবাৰে মুক্তি লাভ কৰিছে ‘টাইগাৰ ৩’ৰ দ্বিতীয়টো গীত ।

Salman, Katrinas new song Ruaan from Tiger 3 out now
টাইগাৰ ৩’ৰ ৰোমান্টিক গীত মুকলি

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: ছলমান খানৰ বহু প্ৰত্যাশিত ছবি ‘টাইগাৰ ৩’ক লৈ অনুৰাগীৰ মাজত ব্যাপক উচাহ দেখা পোৱা গৈছে । এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভাইজানৰ অনুৰাগীয়ে । অনুৰাগীৰ উত্তেজনা দুগুণ কৰিবলৈ এতিয়া নিৰ্মাতাই মুকলি কৰিছে ছবিখনৰ এটি ৰোমান্টিক গীত ‘ৰুৱান’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

অৰিজিৎ সিঙৰ কণ্ঠত মুক্তি পালে টাইগাৰ ৩ দ্বিতীয়টো গীত

অৱশ্যে এই গীতটিৰ লিৰিকেল ভিডিঅ’হে মুকলি কৰা হৈছে । এই গীতটিত কণ্ঠদান কৰিছে অৰিজিৎ সিঙে । ছলমান খান আৰু কেটৰিণা কাইফ দুয়োগৰাকীয়ে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই গীতটো শ্বেয়াৰ কৰিছে । এই মোচন ভিডিঅ’টোত টাইগাৰক জোয়াৰ প্ৰেমত মগ্ন হোৱা দেখা গৈছে । ইফালে গীতটি মুক্তিৰ লগে লগে লাখ লাখ ভিউজ লাভ কৰিছে ৷

আৰম্ভ হ’ল এডভান্স বুকিং

উল্লেখ্য যে. দীপাৱলীৰ উপলক্ষে ছবিখন মুক্তি পাব ছবিগৃহত । এনে পৰিস্থিতিত ৫ নৱেম্বৰৰ পৰা ছবিখনৰ আগতীয়া বুকিং আৰম্ভ হৈছে । এতিয়া অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ইফালে এডভান্স টিকট বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে অনুৰাগীয়ে ক্ৰয় কৰিছে টিকট ৷ Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি ছবিখনে ইতিমধ্যে এডভান্স বুকিঙত ৪.২ কোটি টকা উপাৰ্জন কৰিছে আৰু ইতিমধ্যে ১৪০০০০০ৰো অধিক টিকট বিক্ৰী হৈছে ।

শ্বাহৰুখ খানৰ কেমিঅ’ দেখা যাব টাইগাৰ 3 ত

টাইগাৰ আৰু জোয়াৰ কেমিষ্ট্ৰী পুনৰ ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী । এইবাৰ ছবিখনত ছলমান আৰু কেটৰিণাৰ উপৰিও ইমৰাণ হাছমীকো দেখা যাব । অৱশ্যে ইমৰাণক নেতিবাচক চৰিত্ৰত দেখা যাব । একে সময়তে অনুৰাগীয়ে ছবিখনত শ্বাহৰুখ খানৰ কেমিঅ’ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এতিয়া ছবিখন মুক্তিৰ পিচত হে গম পোৱা যাব কিং খানৰ কেমিঅ’ ছবিখনত আছে নে নাই ৷

লগতে পঢ়ক: Tiger 3 Advance Booking: পূৰ্ণগতিত বিক্ৰী হৈছে ‘টাইগাৰ ৩’ৰ টিকট, ২৪ ঘন্টাত ৪ কোটিৰো অধিক উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.