ETV Bharat / entertainment

Tiger 3 Advance Booking: পূৰ্ণগতিত বিক্ৰী হৈছে ‘টাইগাৰ ৩’ৰ টিকট, ২৪ ঘন্টাত ৪ কোটিৰো অধিক উপাৰ্জন

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:53 PM IST

ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে টাইগাৰ ৩ৰ এডভান্স বুকিঙৰ এক আপডেট শ্বেয়াৰ কৰিছে ৷ এতিয়ালৈকে হোৱা অগ্ৰিম বিক্ৰীৰ পৰিপ্ৰেক্ষিতত ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

Tiger 3 advance booking: Salman Khan - Katrina Kaif's film off to humongous start, becomes third biggest grosser
টাইগাৰ ৩ এডভান্স বুকিং

চিটাৰা ডেস্ক, 6 নৱেম্বৰ: ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত ছবি টাইগাৰ ৩ ৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী ৷ দীপাৱলী উপলক্ষে ১২ নৱেম্বৰত ছবিগৃহত মুক্তি পাব টাইগাৰ ৩ । ইফালে 5 নৱেম্ববৰৰ পৰা আৰম্ভ হৈছে এডভান্স বুকিং ৷ এডভান্স বুকিঙৰ প্ৰথম দিনাই ৪.২ কোটি টকা উপাৰ্জন কৰিছে টাইগাৰ 3 য়ে । Sacnilk.com য়ে প্ৰকাশ কৰা শেহতীয়া প্ৰাৰম্ভিক অনুমান অনুসৰি ইতিমধ্যে ১৪০০০ তকৈ অধিক টিকট বিক্ৰী হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে (টাইগাৰ ৩ এডভান্স বুকিং) ৭,৩৯২ টা শ্ব’ৰ পৰা এডভান্স বুকিঙৰ ধন উপাৰ্জন কৰা হৈছে । এই সংগ্ৰহ বুকিঙৰ প্ৰাৰম্ভিক দিনৰ । যশ ৰাজ ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই । ‘ইউ এ’ৰ প্ৰমাণ পত্ৰ লাভ কৰা এই ছবিখনৰ সময়সীমা ২ ঘন্টা ৩৩ মিনিট ।

  • #SalmanKhan with correct content is a BOX OFFICE MONSTER #Tiger3 Advance sale indicates opening of ₹ 40 cr + nett & may go above it on Day -1

    This figure is INSANE considering Diwali Laxmi Puja day.

    From Monday there will be MAARA MAARI at ticket counters east west north… pic.twitter.com/amUt1IJ6Tp

    — Sumit Kadel (@SumitkadeI) November 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুঠ সংগ্ৰহ জানি লওক

ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে টাইগাৰ ৩ৰ এডভান্স বুকিঙৰ এক আপডেট শ্বেয়াৰ কৰিছে । দেওবাৰে সন্ধিয়া তেওঁ টুইট কৰিছে, “বিশেষ...ৰাষ্ট্ৰীয় শৃংখলত টাইগাৰ ৩ৰ এডভান্স বুকিং ষ্টেটাছ...টোকা, প্ৰথম দিনৰ ব্যৱসায়...পিভিআৰ-আইএনঅক্স: ৪৭,০০০ চিনেপলিছ: ৯,১০০ । মুঠ: ৫৬,১০০ টিকট বিক্ৰী হৈছে ৷ ছবিখনৰ মুক্তিৰ মাজত আছে মাত্ৰ ৭ দিন ।’’

উল্লেখ্য যে , দেওবাৰে খবৰ ওলাইছিল যে কেৱল পাঠানৰ পৰা শ্বাহৰুখ খানেই নহয়, ৱাৰৰ পৰা হৃত্বিক ৰোশনকো টাইগাৰ ৩ ত এক আকৰ্ষণীয় কেমিঅ’ কৰা দেখা যাব । খবৰ অনুসৰি টাইগাৰ ৩ ত ৰেৱতী, ৰিদ্ধি ডোগ্ৰা, বিশাল জেথৱা, কুমুদ মিশ্ৰ, ৰণবীৰ শ্বোৰেও অভিনয় কৰিছে ।

লগতে পঢ়ক: Tiger 3 Advance Booking: টাইগাৰ ৩ ৰ এডভান্স বুকিং আৰম্ভ; পাঠানৰ অভিলেখ ভংগ কৰিব নেকি টাইগাৰ 3 এ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.