ETV Bharat / entertainment

উপাৰ্জনৰ ক্ষেত্ৰত গদৰ ২, পাঠান, কে জি এফ ২ ক চেৰ পেলালে এনিমেলে

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 3:55 PM IST

Animal Second Fastest 250 crore Hindi Film: বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত আলোড়নৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰৰ ছবি এনিমেলে । এতিয়া এই ছবিখনে গঢ়িলে আন এক নতুন অভিলেখ ।

Ranbir Kapoor starrer film Animal becomes second fastest 250 crore hindi beats
ৰণবীৰ কাপুৰৰ ছবি এনিমেলে গঢ়িলে আন অভিলেখ

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: ৰণবীৰ কাপুৰৰ ছবি ‘Animal’ এ বক্স অফিচত বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে ব্যাপক সঁহাৰি । যাৰ বাবে প্ৰতিদিনে বৃদ্ধি পাইছে ইয়াৰ উপাৰ্জন । এই ছবিখনে কেৱল দেশতে নহয়, বিদেশতো বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এতিয়া বক্স অফিচত ৰণবীৰ কাপুৰৰ এনিমেলে গঢ়িলে আন এক অভিলেখ ।

ছবিখনে ভাৰততে প্ৰায় ৩০০ কোটি টকা উপাৰ্জনৰ ওচৰ চাপিছে

ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ হিন্দী সংস্কৰণে যোৱা ৫ দিনত ২৫০.৬৬ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । একে সময়তে দক্ষিণৰ ভাষাত এতিয়ালৈকে মুঠ উপাৰ্জন হৈছে ৩৩.৩৯ কোটি টকা । এইদৰে ভাৰতত ‘এনিমেল’ৰ উপাৰ্জন হৈছেগৈ ২৮৪.০৮ কোটি টকা ।

এই ছবিসমূহৰ অভিলেখ ভংগ কৰিছে এনিমেলে

ইয়াৰ উপৰিও ২৫০ কোটি টকা উপাৰ্জন কৰা দ্বিতীয়খন দ্ৰুততম ছবি হিচাপে পৰিগণিত হৈছে ‘এনিমেল’ । এক নম্বৰ স্থানত আছে শ্বাহৰুখ খানৰ ছবি ‘জৱান’ । ৰণবীৰ কাপুৰৰ এই ছবিখনে ‘পাঠান’, ‘গদৰ ২’, ‘কে জি এফ ২’ (হিন্দী), ‘বাহুবলী’ ২ (হিন্দী), ‘দংগল’, ‘সঞ্জু’, ‘টাইগাৰ জিন্দা হে’ আদি চিনেমাৰ উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে ৷

২৫০ কোটি টকা উপাৰ্জন কৰা ছবি

১/ জৱানে ৪ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

২/ এনিমেলে ৫ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৩/ পাঠানে ৫ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৪/ গদৰ ২ য়ে ৬ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৫/ কে জি এফ ২ য়ে ৭ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৬/ বাহুবলী ২ য়ে ৮ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৭/ দংগলে ১০ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৮/ সঞ্জুৱে ১০ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

৯/ টাইগাৰ জিন্দা হে ছবিখনে ১০ দিনত ২৫০ কোটি টকা উপাৰ্জন কৰিছিল

লগতে পঢ়ক: ছবিগৃহত অব্যাহত এনিমেলৰ গৰ্জন, এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.