ETV Bharat / entertainment

ছবিগৃহত অব্যাহত এনিমেলৰ গৰ্জন, এতিয়ালৈকে কিমান উপাৰ্জন কৰিলে ছবিখনে ?

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 2:01 PM IST

Animal Box Office Collection Day 5: ৰণবীৰ কাপুৰৰ এনিমেলে ছবিগৃহত অব্যাহত ৰাখিছে উপাৰ্জন । মুক্তিৰ পঞ্চম দিনত ‘এনিমেল’এ কিমান উপাৰ্জন কৰিছে জানি লওক এই প্ৰতিবেদনত ৷

Animal box office day 5: Ranbir Kapoor starrer dominates box office; inches closer to Rs 300 cr mark in India
এনিমেল বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: বক্স অফিচত ঢৌ তুলিছে ৰণবীৰ কাপুৰৰ ছবি এনিমেলে । মুক্তিৰ প্ৰথম দিনাৰ পৰাই ছবিখনে ভাল ধন উপাৰ্জন কৰাৰ লগতে আন বহু ছবিকো চেৰ পেলাবলৈ সক্ষম হৈছে । আনকি এনিমেলে অতি কম সময়তে বৃহৎ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । সোমবাৰে ৰণবীৰ কাপুৰৰ ছবিখনে ‘জৱান’ আৰু ‘গদৰ ২’ৰ অভিলেখ ভংগ কৰিছে । জানো আহক এনিমেলে মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰে কিমান ধন উপাৰ্জন কৰিছে ?

মুক্তিৰ পঞ্চম দিনত ‘এনিমেল’এ কিমান উপাৰ্জন কৰিছে ?

দেশত এতিয়া ‘এনিমেল’ৰ জ্বৰ । ছবিখন চাবলৈ চিনেমাগৃহত হেতা-ওপৰা লাগিছে দৰ্শকৰ । ৬৩ কোটিতকৈও অধিক ধনেৰে ছবিখনৰ আৰম্ভণি হৈছিল বক্স অফিচত আৰু আৰম্ভণিৰ সপ্তাহৰ শেষৰ ফালে ছবিখনে ২০০ কোটিতকৈ অধিক ধন উপাৰ্জন কৰে । সোমবাৰে ‘এনিমেল’এ ৪৩.৪৬ কোটি টকা সংগ্ৰহ কৰিছিল আৰু এতিয়া ছবিখনৰ মুক্তিৰ পঞ্চম দিনৰ প্ৰাৰম্ভিক উপাৰ্জন পোহৰলৈ আহিছে ।

  • #Animal will be the 4th Hindi film to join prestigious ₹ 500 Cr Club in India & 3rd Hindi film to enter 1000 Cr Worldwide .

    Yeh Bada Jaanwar hai, Rukega Nahi.

    MONUMENTAL FEAT for a 3.20 Hr A Rated Film that faced Clash & capacity issues. #SandeepReddyVanga cemented his… pic.twitter.com/AYmoaMCn3Q

    — Sumit Kadel (@SumitkadeI) December 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰে ‘এনিমেল’এ ৩৮.২৫ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে পাঁচ দিনত ভাৰতত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ২৮৩.৭৪ কোটি টকা।
  • ছবিখনে বিশ্বজুৰি ৪২৫ কোটিতকৈ অধিক উপাৰ্জন কৰিছে ।
    • A historic Monday at the box office! 📊💥 #Animal sets a new record with a phenomenal 40.06 CR. The roar of success reverberates across cinema history! pic.twitter.com/5BzQxKNXXq

      — Sumit Kadel (@SumitkadeI) December 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এনিমেলে ভাৰতত ৩০০ কোটি টকাৰ অতি ওচৰ চাপিছে

  • #Animal Tuesday Biz is close to Monday.. Just Minimal Drop.

    Day 5 is headed towards ₹ 37-38 cr all langs.

    This is trending like a different beast all together.#RanbirKapoor

    — Sumit Kadel (@SumitkadeI) December 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুক্তিৰ পঞ্চম দিনা ২৮০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰি ইতিহাস ৰচিলে এনিমেলে । ছবিখনে এতিয়া ৩০০ কোটি টকাৰ সীমাৰ অতি ওচৰ চাপিছে । ৰণবীৰ কাপুৰৰ ছবিখনে বক্স অফিচত যি গতিৰে উপাৰ্জন কৰিছে, সেই গতিলৈ চালে ষষ্ঠ দিনটোত ছবিখনে ৩০০ কোটি টকাৰ অধিক ধন সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: জৱান, পাঠান, গদৰ ২ ৰ অভিলেখ ভংগ কৰিলে এনিমেলে, চতুৰ্থ দিনতো অব্যাহত এনিমেলৰ বাম্পাৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.