ETV Bharat / entertainment

Priyanka Chopra: প্ৰিয়ংকাৰ লগতে কোন এইজনী কণমানি চিনি পাইছেনে ?

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:37 AM IST

priyanka chopra shared cousin sister Mannara's childhood picture and wished her good luck for Bigg Boss 17
শুকুৰবাৰে ইনষ্টাগ্ৰামত এটি পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

শুকুৰবাৰে ইনষ্টাগ্ৰামত এখন পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই । এই ছবিখনত তেওঁৰ লগত এগৰাকী সৰু ছোৱালীক দেখা গৈছে । এই সৰু ছোৱালীজনী কোন জানেনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 20 অক্টোবৰ: ইনষ্টাগ্ৰামত অতি সক্ৰিয় গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা । প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীৰ বাবে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে নতুন নতুন পোষ্ট । শুকুৰবাৰে পুৱা প্ৰিয়ংকা চোপ্ৰাই নিজৰ এখন পুৰণি ফটো পোষ্ট কৰিছে । ফটোখনত তেওঁৰ লগত এগৰাকী সৰু ছোৱালীক দেখা গৈছে । এই ছবিখন তেওঁ সেই কণমানি ছোৱালীজনীৰ বাবে উৎসৰ্গা কৰিছে । লগতে কণমানিজনীক শুভেচ্ছাও জ্ঞাপন কৰিছে । কিন্তু আপুনি জানেনে এই ছবিখনত তেওঁৰ লগত থিয় হৈ থকা ছোৱালীজনী কোন ? যদি নাজানে তেন্তে জানো আহক এই প্ৰতিবেদনত ৷

priyanka chopra shared cousin sister Mannara's childhood picture and wished her good luck for Bigg Boss 17
ইনষ্টাগ্ৰামত এটি পুৰণি ছবি শ্বেয়াৰ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

আজি ২০ অক্টোবৰত প্ৰিয়ংকা চোপ্ৰাই কণমানি ছোৱালীৰ সৈতে ২০০০ চনৰ এখন থ্ৰ’বেক ছবি পোষ্ট কৰে । এই ছোৱালীজনী আন কোনো নহয়, প্ৰিয়ংকাৰ সম্পৰ্কীয় ভগ্নী মান্নাৰা চোপ্ৰা ৷ মান্নাৰা চোপ্ৰা বৰ্তমান বিগ বছ হাউচত আছে । মান্নাৰাৰ শৈশৱৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই লিখিছে, ‘‘কণমানি মান্নাৰাৰ সৈতে পুৰণি ছবি । গুড লাক লিটল ৱান ।’’ ছবিখনত প্ৰিয়ংকা চোপ্ৰাই মিছ ৱৰ্ল্ড ২০০০ মুকুট পৰিধান কৰি মান্নাৰাক সাৱটি ধৰা দেখা গৈছে ৷

বিগ বছ ১৭

ছলমান খানৰ আটাইতকৈ বিতৰ্কিত টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ আকৌ আৰম্ভ হৈছে ৷ ১৫ অক্টোবৰৰ পৰা নতুন ছিজনেৰে আৰম্ভ হৈছে বিগ বছ । নাটকৰে ভৰা মনোৰঞ্জনৰ সৈতে জিঅ’ চিনেমা ২৪x৭ ত ষ্ট্ৰীমিং হৈছে ‘বিগ বছ ১৭’। এই শ্ব’টো প্ৰত্যেক দিনা নিশা 10 বজাৰ পৰা আৰু শনিবাৰে-দেওবাৰে নিশা ৯ বজাৰ পৰা Colors টিভিত প্ৰচাৰিত হৈছে । বিগ বছৰ এইবাৰৰ বিষয়বস্তু হৈছে ‘‘এইবাৰ সকলোৰে বাবে খেল একেই নাথাকিব।’’ এইবাৰ 'বি বি ১৭' তিনিটা ঘৰত ভাগ কৰা হৈছে - দিল, ডিমাগ আৰু ডম ।

ইফালে মান্নাৰা চোপ্ৰাক শ্ব’টোত সকলোৱে ভাল পোৱা পৰিলক্ষিত হৈছে ৷ ছ’চিয়েল মিডিয়াত মান্নাৰা ট্ৰেণ্ড কৰিছে ৷ মান্নাৰা চোপ্ৰাৰ নিৰ্দোষ শৈলী আৰু কোৱাৰ ধৰণ সকলোৱে ভাল পাইছে ৷ আনহাতে শ্ব’টোত তেওঁৰ মুন্নাৱাৰ ফাৰুকিৰ সৈতে বন্ধুত্বৰ অনুৰাগীয়ে শলাগ লৈছে ৷ ইফালে অনুৰাগীয়ে মান্নাৰাক বিগ বছ 13 ৰ প্ৰতিযোগী শ্বেহনাজৰ সৈতে তুলনা কৰিছে ৷ নিজৰ ব্যক্তিত্ব আৰু নিৰ্দোষ শৈলীৰ বাবে সেই ছিজনটোৰ আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগী হিচাপে পৰিগণিত হৈছিল শ্বেহনাজ ৷

লগতে পঢ়ক: Shah Rukh, Alia and Ranbir: অৱশেষত জৱানে পালে আলিয়াক ! শ্বাহৰুখ-আলিয়া-ৰণবীৰৰ নতুন ভিডিঅ’টি চালেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.