ETV Bharat / entertainment

Shah Rukh, Alia and Ranbir: অৱশেষত জৱানে পালে আলিয়াক ! শ্বাহৰুখ-আলিয়া-ৰণবীৰৰ নতুন ভিডিঅ’টি চালেনে ?

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 5:16 PM IST

শ্বাহৰুখ খানক শেষবাৰৰ বাবে দেখা গৈছিল এটলীৰ দ্বাৰা পৰিচালিত ছবি ‘জৱান’ত । এতিয়া কিং খানে জৱানৰ পৰা অনুপ্ৰাণিত হৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ সৈতে এক নতুন ভিডিঅ’ত দেখা গৈছে । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Shah rukh Khan, Alia Bhatt And Ranbir Kapoor Jawan inspired ad, watch viral video
অৱশেষত জৱানে পালে আলিয়াক! জৱানত দেখা যাব নেকি আলিয়াক ?

চিটাৰা ডেস্ক, 19 অক্টোবৰ: কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল শ্বাহৰুখ খান, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ এখন পোষ্টাৰ ৷ এই পোষ্টাৰখনৰ পিছত জল্পনা-কল্পনা চলি আছিল যে তিনিওজন তাৰকাই একেলগে নতুন ছবিত কাম কৰিবলৈ ওলাইছে নেকি ? বা তিনিওজনকে একেলগে এখন ছবিত দেখা যাব নেকি ?

কিন্তু এতিয়া এই জল্পনা-কল্পনাৰ অন্ত পৰিছে ৷ দৰাচলতে এক নতুন বিজ্ঞাপনৰ বাবে একত্ৰিত হৈছে ছুপাৰষ্টাৰ শ্বাহৰুখ খান, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ, যাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

শ্বাহৰুখ খান, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ নতুন বিজ্ঞাপনৰ শ্বুটিং জৱান ছবিত দেখুওৱাৰ দৰে মেট্ৰ’ত কৰা হৈছে ৷ ‘জৱান’ৰ পৰা অনুপ্ৰাণিত এই ভিডিঅ’টোত কিং খানক তেওঁৰ নতুন ছবিখনৰ ভিলেইনৰ ৰূপত দেখা গৈছে ৷ একে সময়তে আলিয়া ভাটক তেওঁৰ প্ৰথম ছবি ‘ষ্টুডেন্ট অফ দ্য ইয়েৰ’ত ‘শ্বনায়া’ৰ চৰিত্ৰত দেখা পোৱা যায় ৷ আনহাতে ৰণবীৰ কাপুৰক তেওঁৰ জনপ্ৰিয ছবি ‘বৰ্ফী’ৰ চৰিত্ৰত দেখা যায় ৷

গোটেই বিজ্ঞাপনটোত শ্বাহৰুখে আলিয়াৰ সৈতে এটা শক্তিশালী ঘৰ নিৰ্মাণৰ কথা পাতি থকা দেখা গৈছে ৷ শ্বাহৰুখ আৰু আলিয়া দুয়োজনেই ৰণবীৰক শিৱা, সঞ্জু, জগ্গা আৰু ৰকেট সিং আদি বিভিন্ন চৰিত্ৰৰ নামেৰে সম্বোধন কৰা দেখা যায় ৷ বিজ্ঞাপনটোত কিং খানেও আলিয়াক মৃত্যুৰ ভাবুকি দিয়া দেখা গৈছে ৷

ইফালে বিজ্ঞাপনৰ ভিডিঅ’টি ওলোৱাৰ লগে লগে অনুৰাগীৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰে ৷ এজন অনুৰাগীয়ে লিখিছে, ‘চাহিয়ে তো আলিয়া, মিল গয়ী আলিয়া ৷’ একে সময়তে একাংশ অনুৰাগীয়ে ৰণবীৰৰ কিউটনেছৰ প্ৰশংসা কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, ‘ইয়াত ৰণবীৰক খুবেই মৰম লাগিছে ৷’ এজন অনুৰাগীয়ে এটা ধেমেলীয়া ইমোজি লৈ লিখিছে, ৰণবীৰে বাৰে বাৰে কৈছে 'বৰ্ফী', খুবেই মৰম লাগিছে❤ ৷'

লগতে পঢ়ক: Munawar Farooqui: বিগ বছ-১৭ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকিয়ে প্ৰকাশ কৰিলে নিজৰ বেয়া সময়ৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.