ETV Bharat / entertainment

Priyanka chopra citadel: মালতীক ঘৰত থৈ শ্বুটিঙত ব্যস্ত হ’ল প্ৰিয়ংকা

author img

By

Published : May 10, 2022, 1:51 PM IST

কামৰ খাতিৰত তিনিমহীয়া সন্তানক এৰি থাকিবলৈ বাধ্য হৈছে প্ৰিয়ংকা চোপ্ৰা (Priyanka chopra citadel) ৷ মাতৃ দিৱসৰ দিনাই 100 কৈয়ো অধিক দিন ধৰি হাস্পতালত থকা প্ৰিয়ংকা আৰু নিকৰ কন্যা মালতী ঘৰলৈ আহিছিল ৷ এতিয়া প্ৰিয়ংকাই কৈছে যে তেওঁ নিজৰ বিদেশী প্ৰজেক্টৰ কাম আৰম্ভ কৰিছে, যাৰ বাবে সন্তানটিৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে অভিনেত্ৰী গৰাকী ৷

Priyanka chopra
প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক, 10মে’: প্ৰিয়ংকা চোপ্ৰাই 'মাতৃ দিৱস'ৰ দিনাই অনুৰাগীসকলক জীয়েক মালতীৰ প্ৰথম আভাস দিছিল । প্ৰথমবাৰৰ বাবে তেওঁৰ জীয়েকৰ সৈতে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছিল প্ৰিয়ংকা চোপ্ৰাই । এতিয়া অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে জনাইছে যে তেওঁ নিজৰ কৰ্মক্ষেত্ৰলৈ উভতিছে । প্ৰিয়ংকা চোপ্ৰা তেওঁৰ বিদেশী প্ৰকল্প 'চিটাডেল'ৰ দৃশ্যগ্ৰহণৰ পৰৱৰ্তী সময়সূচীৰ বাবে সাজু হৈছে (Priyanka chopra citadel)।

প্ৰিয়ংকা চোপ্ৰাই কিছু সময়ৰ ধৰি এই প্ৰকল্পটোত কাম কৰি আছে । ইয়াৰ আগতেও, প্ৰিয়ংকাই চিটাডেল সম্পৰ্কীয় ফটো শ্বেয়াৰ কৰিছে । ৰিচাৰ্ড মেডেন আৰু পেদ্ৰো লিয়েন্দ্ৰোক প্ৰিয়ংকাৰ সৈতে চিটাডেল চলচ্চিত্ৰত দেখিবলৈ পোৱা যাব । চিটাডেলত প্ৰিয়ঙ্কা চোপ্ৰাই এজন গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিছে ।

Priyanka chopra citadel
বোলছবিৰ দৃশ্যগ্ৰহণস্থলী পালেগৈ প্ৰিয়ংকা চোপ্ৰা

অভিনেত্ৰীগৰাকী বিগত কেইমাহমান ধৰি লণ্ডনত এই শৃংখলাটোৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল । তাৰ পূৰ্বে তেওঁ আন্তৰ্জাতিক চলচ্চিত্ৰ টেক্সট ফৰ ইউৰ শ্বুটিং সমাপ্ত কৰি উঠিছিল । চিটাডেল চিৰিজটো আমাজন প্ৰাইমত মুক্তি দিয়া হ'ব ৷ এই চিৰিজটোৰেই প্ৰিয়ংকাই ৱেব চিৰিজৰ মঞ্চত আত্মপ্ৰকাশ কৰিব (Priyanka chopra web series debut) ।

চিটাডেলৰ লগতে প্ৰিয়ংকাৰ আহিবলগীয়া চলচ্চিত্ৰসমূহ হৈছে 'জী লে জাৰা' আৰু 'মেট্ৰিক্স ৪' (Priyanka Chopra upcoming movies) ।

লগতে পঢ়ক: Katrina latest insta post: বিকীৰে সৈতে নিজৰ প্ৰিয় ঠাইত সুন্দৰ মূহুৰ্ত কটাইছে কেটৰিণাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.