ETV Bharat / entertainment

MAMI Film Festival : ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা; ডিঙিত পিন্ধিলে এটা বিশেষ নামৰ নেকলেচ

author img

By ANI

Published : Oct 27, 2023, 10:27 AM IST

Priyanka Chopra reached Mumbai for MAMI Film Festival 2023
মুম্বাইত উপস্থিত প্ৰিয়ংকা চোপ্ৰা

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া Jio MAMI FILM Festival ৰ বাবে ভাৰতলৈ আহিছে প্ৰিয়ংকা চোপ্ৰা । বিমানবন্দৰ পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীক আগুৰি ধৰে পাপাৰাজীয়ে । চাওক ভিডিঅ’ ৷

চিটাৰা ডেস্ক, 27 অক্টোবৰ: ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কেৱল দেশতে নহয়, বিদেশতো বহু নাম অৰ্জন কৰিছে । দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ক্ষেত্ৰখনতো নিজৰ উৎকৃষ্ট কামেৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে । অৱশ্যে প্ৰিয়ংকা এতিয়া পৰিয়ালৰ সৈতে আমেৰিকাত থাকে ৷ কিন্তু প্ৰায়ে তেওঁ কৰ্মসূত্ৰে ভাৰতলৈ আহি থাকে । শুকুৰবাৰে পুনৰ ভাৰতলৈ আহিছে অভিনেত্ৰীগৰাকী ।

দৰাচলতে ২০২৩ চনৰ ২৭ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া Jio MAMI FILM Festival ত অংশগ্ৰহণৰ বাবে মুম্বাইলৈ আহিছে প্ৰিয়ংকা । ইফালে বিমানবন্দৰ পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীক ঘেৰি ধৰে পাপাৰাজীয়ে । অভিনেত্ৰীগৰাকীৰ এয়াৰপৰ্ট লুকটো অনুৰাগীয়ে পছন্দ কৰিছে আৰু তেওঁৰ লুকটো এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ৷

বিমানবন্দৰত ক’লা সাজত গ্লেমাৰাছ ষ্টাইলত দেখা গ’ল প্ৰিয়ংকাক

উল্লেখ্য যে, শুকুৰবাৰে পুৱা মুম্বাই বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ বিমানবন্দৰত উপস্থিত হোৱাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ পিচতে অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ লুকৰ প্ৰশংসা কৰা দেখা গৈছে ৷ কিয়নো প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীক আগৰ দৰেই গ্লেমাৰাছ দেখা গৈছিল ।

বিমানবন্দৰৰ লুকৰ বাবে অভিনেত্ৰীগৰাকীয়ে বাছি লৈছিল দীঘলীয়া ক’লা শ্ব্ৰাগ, যিটো তেওঁ মেচিং ক’লা ক্ৰপ টপ আৰু জগাৰৰ সৈতে সম্পূৰ্ণ কৰিছিল । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা ষ্টেটমেন্ট নেকেলেচটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিয়নো নেকলেচটোত লিখা আছিল এটা বিশেষ নাম ৷ আচলতে, নেকলেচটোত লিখা আছিল প্ৰিয়ংকাৰ কন্যা মালতী মেৰীৰ নাম ৷

পাপাৰাজীক অভিবাদন প্ৰিয়ংকাৰ

বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে প্ৰিয়ংকা চোপ্ৰাই পাপাৰাজীক অভিবাদন জনায় আৰু তাত উপস্থিত থকা একাংশ অনুৰাগীৰ সৈতেও মত বিনিময় কৰে ।

প্ৰিয়ংকা চোপ্ৰাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী

প্ৰিয়ংকাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা বিশেষ ষ্ট’ৰীৰে অনুৰাগীৰ সৈতে এই আপডেট শ্বেয়াৰ কৰিছিল । প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিছে বাহনৰ ভিডিঅ’, য’ত দেখা গৈছিল মুম্বাইৰ সুন্দৰ পথৰ দৃশ্য ।

লগতে পঢ়ক: MAMI Film Festival 2023: ভাৰতলৈ প্ৰিয়ংকা চোপ্ৰা, আঁত ধৰিব চলচ্চিত্ৰ মহোৎসৱৰ মুকলি নিশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.