ETV Bharat / entertainment

MAMI Film Festival 2023: ভাৰতলৈ প্ৰিয়ংকা চোপ্ৰা, আঁত ধৰিব চলচ্চিত্ৰ মহোৎসৱৰ মুকলি নিশা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 11:02 AM IST

Updated : Oct 26, 2023, 11:26 AM IST

Actress Priyanka Chopra heads to Mumbai ahead of the MAMI Mumbai Film Festival
ভাৰতলৈ ৰাওনা প্ৰিয়ংকা চোপ্ৰা

ভাৰতত চলিত সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া মামি চলচ্চিত্ৰ মহোৎসৱৰ মুকলি নিশাৰ আঁত ধৰিব প্ৰিয়ংকাই । এই অনুষ্ঠানৰ বাবে ইতিমধ্যেই ভাৰতলৈ ৰাওনা হৈছে অভিনেত্ৰীগৰাকী ৷

চিটাৰা ডেস্ক, 26 অক্টোবৰ: প্ৰিয়ংকা চোপ্ৰাই পৰিয়ালৰ সৈতে অতিবাহিত কৰা বিশেষ মুহূৰ্তবোৰৰ আভাস প্ৰায়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ৷ কেতিয়া যদি ছবি, আন কেতিয়াবা আকৌ ভিডিঅ’ৰ জৰিয়তে নিজৰ বিশেষ মুহূৰ্তবোৰৰ আভাস শ্বেয়াৰ কৰে । বিগত কিছু সময় ধৰি অভিনেত্ৰীগৰাকীৰ স্বামী নিক জ’নাছ আৰু তেওঁৰ ভাতৃয়ে বিভিন্ন স্থানত সংগীতানুষ্ঠান পৰিৱেশন কৰা দেখা গৈছে । স্বামীৰ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰিয়ংকাই নিকক সমৰ্থন কৰা দেখা গৈছিল আৰু আনকি কন্যা মালতী মেৰীকো সংগীত অনুষ্ঠানলৈ লৈ গৈছিল প্ৰিয়ংকাই । এতিয়া ভাৰতত এই সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া মামী চলচ্চিত্ৰ মহোৎসৱৰ আঁত ধৰোতাৰ ৰূপত থাকিব প্ৰিয়ংকা । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এতিয়া এটা স্নেপশ্বট শ্বেয়াৰ কৰিছে, যিয়ে তেওঁৰ ভাৰত ভ্ৰমণৰ খবৰ নিশ্চিত কৰিছে ।

আমেৰিকাৰ পৰা ভাৰতলৈ ৰাওনা প্ৰিয়ংকা চোপ্ৰা

বৃহস্পতিবাৰে পুৱা প্ৰিয়ংকা চোপ্ৰাই হাতত ভাৰতীয় পাছপ’ৰ্ট আৰু ফ্লাইট বৰ্ডিং পাছ লৈ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এখন ছবি শ্বেয়াৰ কৰে । প্ৰিয়ংকাই ইয়াৰ কেপচনত লিখিছে, "এক মিনিট হৈ গ’ল মুম্বাই (হাৰ্ট আই ইমোজি)।" লগতে লিখিছে, "অপেক্ষা কৰিব পৰা নাই ।"

Actress Priyanka Chopra heads to Mumbai ahead of the MAMI Mumbai Film Festival
ভাৰতলৈ ৰাওনা প্ৰিয়ংকা চোপ্ৰা

MAMI চলচ্চিত্ৰ মহোৎসৱৰ মুকলি নিশাৰ আঁত ধৰিব প্ৰিয়ংকা চোপ্ৰাই

চলিত বৰ্ষৰ ২৭ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া জনপ্ৰিয় MAMI মুম্বাই চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন ধাৰাৰ কেইবাখনো ছবি প্ৰদৰ্শন কৰা হ’ব । এই কাৰ্যসূচী মুম্বাইৰ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত আয়োজন কৰা হ'ব । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই মহোৎসৱৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগীয়া প্ৰিয়ংকা চোপ্ৰাই কাৰ্যবাহী সঞ্চালক ঈশা আম্বানীৰ সৈতে অনুষ্ঠানটোৰ আঁত ধৰিব ৷ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি চলচ্চিত্ৰ নিৰ্মাতা কবীৰ খান, বিশাল ভৰদ্বাজ, বিক্ৰমাদিত্য মটোৱানে আৰু জ’য়া আখতাৰৰ লগতে বলীউডৰ অভিনেতা ফাৰহান আখতাৰ, ৰিতেশ দেশমুখ আৰু ৰাণা দগ্গুবাতিও এই মহোৎসৱৰ ব’ৰ্ডৰ সদস্য ।

লগতে পঢ়ক: Coffee With Karan 8: বিবাহৰ পাঁচ বছৰ পিচত মুকলি দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’

Last Updated :Oct 26, 2023, 11:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.