ETV Bharat / entertainment

Koffee With Karan 8: বিবাহৰ পাঁচ বছৰ পিচত মুকলি দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’

author img

By ANI

Published : Oct 26, 2023, 9:59 AM IST

Updated : Oct 26, 2023, 10:46 AM IST

বিবাহৰ পাঁচ বছৰ পিচত মুকলি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিয়াৰ ভিডিঅ’ ৷ কফি উইথ কৰণত মুকলি কৰা হ’ল এই দম্পতীৰ বিবাহৰ ভিডিঅ’ ৷

Deepika, Ranveer unveil precious wedding video at 'Koffee With Karan 8'
দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিয়াৰ ভিডিঅ’

চিটাৰা ডেস্ক, 26 অক্টোবৰ: কৰণ জোহৰৰ টক শ্ব’ কফি উইথ কৰণ ছিজন ৮ৰ প্ৰথম খণ্ড মুকলি হ’ল । এই শ্ব’টোৰ প্ৰথম অতিথি আছিল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু অভিনেতা ৰণবীৰ সিং । ৰণবীৰ আৰু দীপিকাৰ বিবাহৰ পাঁচ বছৰ হ’ল । ইটালীত বিবাহপাশত আবদ্ধ হৈছিল এই দম্পতী । বিয়াৰ পিছৰে পৰা অনুৰাগীয়ে তেওঁলোকৰ বিয়াৰ ভিডিঅ’ৰ বাবে অপেক্ষা কৰি আছিল আৰু এতিয়া সুদীৰ্ঘ পাঁচ বছৰ পাচত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল । প্ৰথমবাৰৰ বাবে কফি উইথ কৰণত দেখুওৱা হৈছে দীপিকা-ৰণবীৰৰ বিবাহৰ ভিডিঅ’। ভিডিঅ’টোত ৰণবীৰ-দীপিকাৰ বিয়াৰ বিশেষ মুহূৰ্ত দেখুওৱা হৈছে য’ত দুয়োগৰাকীয়ে পৰিয়ালৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে ৷

দীপিকা আৰু ৰণবীৰৰ বিয়াৰ ভিডিঅ’ আৰম্ভ হৈছে তেওঁলোকৰ এংগেজমেণ্ট পাৰ্টিৰ পৰা । য’ত ৰণবীৰে দীপিকাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰা দেখা যায় । ইয়াৰ পিচত দীপিকাৰ পিতৃ প্ৰকাশ পাডুকনে কয় যে ৰণবীৰে তেওঁৰ বিৰক্তিকৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিছে ।

মেহেন্দীত নৃত্য কৰা দেখা যায় ৰণবীৰক

দীপিকা আৰু ৰণবীৰৰ বিবাহৰ সকলো ৰীতি-নীতি ভিডিঅ’টোত দেখুওৱা হৈছে । মেহেন্দী অনুষ্ঠানত ৰণবীৰক দীপিকাৰ যত্ন লোৱা দেখা যায়, আনফালে তেওঁক আনন্দত নৃত্য কৰাও দেখা যায় । সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হৈছিল ৰণবীৰ আৰু দীপিকা । বিয়াৰ সকলো অনুষ্ঠানৰ কেইটামান ক্লিপ ভিডিঅ’টোত দেখুওৱা হৈছে।

বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে দীপিকাক এবাৰ চাব বিচাৰিছিল ৰণবীৰে

বিবাহৰ অনুষ্ঠানৰ কিছু সময় পূৰ্বে দীপিকাক এবাৰ চাব বিচাৰিছিল ৰণবীৰে । যাতে ৰণবীৰে নিজৰ সপোনৰ ৰাণীগৰাকীক এবাৰ ক’ব পাৰে যে তেওঁ কিমান ভাল পায় ৷ সেয়েহে, বিয়াৰ পূৰ্বে দীপিকাক এবাৰ চাব নোৱাৰিলে দূৰৰ পৰাই চিঞৰি চিঞৰি দীপিকা আই লাভ ইউ বুলি কয় ৰণবীৰে ৷

উল্লেখ্য যে, ইটালীত বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত দীপিকা আৰু ৰণবীৰে বেংগালুৰু আৰু মুম্বাইত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল । য’ত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল । ঠিক তেতিয়াই ৰণবীৰ-দীপিকাৰ বিয়াৰ ছবি প্ৰকাশ পাইছিল যদিও অনুৰাগীয়ে বিবাহৰ সম্পূৰ্ণ ভিডিঅ’ৰ বাবে অপেক্ষা কৰি আছিল । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷

লগতে পঢ়ক: Koffee with Karan 8: ৰণবীৰে কেনেকৈ দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল ? খোদ ক’লে ৰণবীৰে

Last Updated : Oct 26, 2023, 10:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.