ETV Bharat / entertainment

Sana Khan: অন্তঃসত্বা ছানাক টানি নিয়াৰ বাবে নেটিজেনে ট্ৰল কৰিলে আনাছক; স্বামীৰ সমৰ্থনত ছানাই ক’লে এই কথা

author img

By

Published : Apr 17, 2023, 1:03 PM IST

দেওবাৰে বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে প্ৰাক্তন অভিনেত্ৰী ছানা খান আৰু তেওঁৰ স্বামী মুফতি আনাছ । ইফতাৰ পাৰ্টিৰ পৰা ছানা খান আৰু তেওঁৰ স্বামী মুফতি আনাছৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে নেটিজেনৰ ক্ষোভৰ সন্মুখীন হয় মুফতি আনাছ ৷ কিন্তু কিয় ? ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Pregnant Sana Khan Husband mufti anas Gets Trolled for Dragging her at Baba Siddique grand Iftar Party, watch video
বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে প্ৰাক্তন অভিনেত্ৰী ছানা খান আৰু তেওঁৰ স্বামী মুফতি আনাছ

চিটাৰা ডেস্ক, 17 এপ্ৰিল: বলীউড জগতৰ মোহমায়া ত্যাগ কৰা অভিনেত্ৰী ছানা খান সম্প্ৰতি অন্তঃসত্বা (Pregnant Sana Khan) ৷ অৱশ্যে বলীউড জগত ত্যাগ কৰিছে যদিও প্ৰায়ে ছ’চিয়েল মিডিয়াত ধৰ্মীয় বিষয়ত নিজৰ মতামত ব্যক্ত কৰা দেখা যায় ছানাক ৷ ছ’চিয়েল মিডিয়া জৰিয়তে অনুৰাগীৰ সৈতে জড়িত গৈ থাকে ছানা ৷ শেহতীয়াকৈ দেওবাৰে সন্ধিয়া বাবা ছিদ্দিকীৰ গ্ৰেণ্ড ইফতাৰ পাৰ্টিত দেখা পোৱা গৈছিল ছানা আৰু তেওঁৰ স্বামী মুফতি আনাছক (Sana Khan Husband)।

ইফতাৰ পাৰ্টিত প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল ছানাক (Baba siddique iftar party)। ইফালে বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিৰ পৰা ছানা আৰু স্বামী মুফতি আনাছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে নেটিজেনৰ ক্ষোভৰ সন্মুখীন হোৱা দেখা যায় ছানা খানৰ স্বামী মুফতি আনাছ ৷ ভিডিঅ’টোত দেখা পোৱা গৈছে যে আনাছে ছানাৰ হাতখন ধৰি দ্ৰুতগতিত টানি ভিতৰলৈ লৈ যায় । যিহেতু ছানা খান অন্তঃসত্বা সেয়াহে আনাছে ছানাক এনেদৰে টানি লৈ যোৱাৰ বাবেই নেটিজেনে ছ’চিয়েল মিডিয়াত আনাছক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে (Sana Khan Husband mufti anas) ।

পাপাৰাজীয়ে ছানাৰ এই ভিডিঅ’টো এটা অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে, য’ত ছানা খান আৰু তেওঁৰ স্বামী মুফতি আনাছ ছায়েদক তেওঁলোকৰ গ্লেমাৰাছ লুকত দেখা গৈছে । ছানাই এই অনুষ্ঠানৰ বাবে বাছি লৈছিল ক’লা বোৰ্খা । জিলিকি থকা ক’লা বোৰ্খা পৰিধান কৰা ছানাক অতি সুন্দৰ দেখা গৈছিল, আনহাতে স্বামী মুফতি আনাছে পৰিধান কৰিছিল বগা কুৰ্তা আৰু পায়জামা ৷ লগতে ক’লা দীঘল নৱাবী ব্লেজাৰৰ সৈতে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল আনাছে (Sana Khan Husband Dragging her) ।

  • Why does she need to go on iftar party after renouncing BollyDawood glamour and marrying Moulvi? Especially if the husband drags pregnant wife out ?

    Just quom things 🤮

    Ex Celeb Sana Khan there. pic.twitter.com/zMd5pSF8sz

    — JyotiKarma🟠 (@JyotiKarma7) April 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুষ্ঠানটোত উপস্থিত হোৱাৰ পিচত দুয়োৱে পাপাৰাজীৰ বাবে প’জ দিয়ে । ইয়াৰ পিচত পাপাৰাজীৰ সন্মুখত আনাছে পত্নীক হাতখন ধৰি দ্ৰুতগতিত টানি ভিতৰলৈ লৈ যোৱা দেখা গ’ল। এই সময়ত ছানাই কয়, ‘মই ইমান খোজ কাঢ়িব নোৱাৰিম’ (Sana Khan Husband viral video) ।

ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিচতে আনাছৰ মনোভাৱক লৈ নেটিজেনে অসন্তুষ্টি প্ৰকাশ কৰে । এজন ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ ওপৰত মন্তব্য কৰি লিখিছে, ‘এই মানুহজনে ছানাক কিয় এনেকৈ টানিছে’। আন এজনে মন্তব্য কৰিছে, ‘সহজভাৱে লওক, তেওঁ আপোনাৰ পত্নী।’ আন এজন অনুৰাগীয়ে লিখিছে, ‘অ’ মাই গড। গৰ্ভৱতী পত্নীক ভালদৰে যত্ন ল’ব নোৱাৰিলে উপবাস ৰাখি কি লাভ। কল্পনা কৰকচোন ৰাজহুৱা স্থানত যদি এনে ব্যৱহাৰ কৰে তেন্তে ৪ বেৰৰ মাজত ছানাৰ লগত কেনে ব্যৱহাৰ কৰে ।’

ইফালে এই ভিডিঅ’ সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছানা খানে ৷ আনাছক নেটিজেনে ট্ৰ’ল কৰা দেখি ছানাই স্পষ্ট কৰি কয়, ‘এই ভিডিঅ’টো এই মাত্ৰ মোৰ দৃষ্টিগোচৰ হৈছে । মই জানিছিলোঁ মোৰ সকলো মৰমৰ ভাই-ভনীৰ বাবে নিশ্চয় আচৰিত কথা । আমি ভিতৰৰ পৰা ওলাই অহাৰ লগে লগে বাহনৰ চালকৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । যাৰ ফলত সেই স্থানত বহু সময় থিয় হৈ থাকিবলগীয়া হৈছেল, যাৰ বাবে মই অস্বস্তি অনুভৱ কৰিছিলো । গতিকে আনাছে মোক খৰধৰকৈ ভিতৰলৈ লৈ যাব বিচাৰিছিল যাতে মই বহি পানী আৰু বতাহ অলপ ল’ব পাৰো ।’

ছানাই লগতে কয়, "মই নিজে তেওঁক কৈছিলো যে সোনকালে যাওঁ কাৰণ আমি আলহীৰ ছবি ক্লিক কৰা মানুহবোৰক অশান্তি দিব নিবিচাৰো । গতিকে এটা অনুৰোধ অনুগ্ৰহ কৰি অন্য ধৰণে নাভাবিব । সকলোকে ধন্যবাদ আপোনালোকৰ চিন্তাৰ বাবে। সকলোকে মোৰ ফালৰ পৰা বহুত মৰম।’

লগতে পঢ়ক: Satish Kaushik: সতীশ কৌশিকৰ জন্মদিনত কান্দোনত ভাগি পৰিল অনুপম খেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.