ETV Bharat / entertainment

Ponniyin Selvan 2 trailer out: মুক্তি লাভ কৰিলে PS2 ট্ৰেইলাৰ, অনুৰাগীয়ে ক’লে ব্লকবাষ্টাৰ হ’ব

author img

By

Published : Mar 30, 2023, 12:12 PM IST

অৱশেষত অপেক্ষাৰ অন্ত পৰিল । মুক্তি লাভ কৰিলে মণি ৰত্নমৰ ‘পনিয়িন চেলভান ২’ৰ ট্ৰেইলাৰ (Ponniyin Selvan 2 trailer) ৷ ছবিখনত অভিনয় কৰিছে ঐশ্বৰ্য ৰায় বচ্চন, চিয়ান বিক্ৰম, কাৰ্তি, জয়ম ৰবি, ঐশ্বৰ্য লেক্ষ্মী, লাল, তৃষা, আৰু সোভিতা ধূলিপালে ।

Ponniyin Selvan 2 trailer out: Cholas are back to rule hearts as epic saga continues
মুক্তি লাভ কৰিলে মণি ৰত্নমৰ ‘পনিয়িন চেলভান ২’ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 30 মাৰ্চ: অৱশেষত মুক্তি লাভ কৰিলে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ পৰিচালক মণি ৰত্নমৰ ছবি পনিয়িন চেলভান ২ৰ ট্ৰেইলাৰ (Ponniyin Selvan 2 trailer) ৷ ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যেই মোহিত কৰি তুলিছে দৰ্শকক । ১৯৫০ চনত লেখিকা কল্কি কৃষ্ণমূৰ্তিৰ তামিল উপন্যাস পনিয়িন চেলভান ধাৰাবাহিক ৰূপত মুক্তি পাইছিল আৰু এই ছবিখন একে নামেৰে নামাকৰণ কৰা হৈছে ৷ Ponniyin Selvan 2 ছবিখনত অভিনয় কৰা দেখা যাব বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন, চিয়ান বিক্ৰম, কাৰ্তি, জয়ম ৰবি, ঐশ্বৰ্য লেক্ষ্মী, লাল, তৃষা আৰু সোভিতা ধূলিপালক (PS 2 trailer out) ।

উল্লেখ্য যে, বুধবাৰে চেন্নাইৰ এক বিশেষ অনুষ্ঠানত নিৰ্মাতাই মুকলি কৰে ট্ৰেইলাৰটো । ছবিখনৰ দ্বিতীয় খণ্ডটো আৰম্ভ হয় য’ত এই ছবিখনৰ প্ৰথম খণ্ড সমাপ্ত হৈছিল অৰ্থাৎ যি দৃশ্যৰ পৰা প্ৰথম খণ্ড শেষ হৈছিল সেই দৃশ্যৰ পৰাই আৰম্ভ হয় ছবিখনৰ দ্বিতীয় পাৰ্ট ৷ য’ত পন্নিয়িন চেলভানৰ মৃত্যু হ’বলৈ ধৰিছিল আৰু "উমাই ৰাণী" বা মন্দাকিনীৰ চৰিত্ৰত অভিনয় কৰা ঐশ্বৰ্য ৰায়ে পন্নিয়িনক বচাবলৈ পানীত ডুব গৈছিল (PS 2 trailer) ।

  • " class="align-text-top noRightClick twitterSection" data="">

এইখিনিতে উল্লেখ কৰিব লাগিব যে ঐশ্বৰ্য ৰায় বচ্চনে নিঃসন্দেহে ট্ৰেইলাৰটোত দেখা পোৱা অভিনয়ৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল (Aishwarya Rai Bachchan upcoming film) । পাণ্ডিয়ানৰ শাসক বীৰাপাণ্ডিয়ানৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ মন্দাকিনী অৰ্থাৎ ঐশ্বৰ্য ৰায়ে হাহাকাৰ কৰা দেখা যায় । এটা দৃশ্যত মন্দাকিনীয়ে কয়, "আমি চোলাসকলক ধ্বংস কৰিম ।"

ট্ৰেইলাৰটোৱে ইতিমধ্যেই বহু দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে (Aishwarya Rai in Ponniyin Selvan 2) । এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ট্ৰেইলাৰটোৰ ওপৰত মন্তব্য কৰে যে, “Ponniyin Selvan 2 কেৱল এখন ছবিৰ নাম নহয়, ই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে আৱেগ ।” আন এগৰাকীয়ে মন্তব্য কৰে, "মই এই ছবি PS2 ৰ বাবে অতিশয় উৎসাহিত বিশেষকৈ ঐশ্বৰ্য ৰায় যিয়ে দুটা চৰিত্ৰত অভিনয় কৰিছে নন্ধিনী আৰু মন্দাকিনী, দুয়োটা চৰিত্ৰই শক্তিশালী । ট্ৰেইলাৰটো অতি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু PS2ৰ সমগ্ৰ দলটোলৈ অভিনন্দন ।"

ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ঐশ্বৰ্যই পনিয়িন চেলভানৰ প্ৰতি থকা মৰম আৰু সমৰ্থনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল কমল হাছান (Ponniyin Selvan 2 trailer out) ।

লগতে পঢ়ক: Gumraah trailer out: একচন থ্ৰিলাৰ ৰহস্যৰে ভৰপূৰ আদিত্য ৰায় কাপুৰ, মৃণাল ঠাকুৰৰ ছবি গুমৰাহৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.