ETV Bharat / entertainment

Pathaan recods:কাশ্মীৰত 32 বছৰীয়া ৰেকৰ্ড ভাঙিলে পাঠানে, ছবিগৃহৰ বাহিৰত লাগিল হাউচফুল ব’ৰ্ড

author img

By

Published : Jan 27, 2023, 10:14 AM IST

শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ জ্বৰ কাশ্মীৰত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে । কাশ্মীৰ উপত্যকাত 32 বছৰৰ অভিলেখ ভংগ কৰিছে ছবিখনে (Pathaan recods) । হয়, 32 বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ চিনেমা হলৰ বাহিৰত হাউচফুল লিখা এখন চাইন ব’ৰ্ড লগোৱা হৈছে ।

Pathaan
কাশ্মীৰত পাঠান জ্বৰ

চিটাৰা ডেস্ক, 27 জানুৱাৰী : ভাৰতীয় ছবি জগতৰ বহু অভিলেখ ভংগ কৰা শ্বাহৰুখ খানৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘পাঠান’ৰ যাদু স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে । এই ছবিখনে কেৱল দেশতে নহয় বিদেশতো অভিলেখ ভংগকাৰী উপাৰ্জন কৰিছে । সকলো অভিলেখ ভংগ কৰা ছবিখনে নিজৰ নামত আন এক অভিলেখ গঢ়ি তুলিছে । পাঠানে কাশ্মীৰত 32 বছৰীয়া পুৰণা অভিলেখ ভংগ কৰিছে । 32 বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ ছবিগৃহৰ বাহিৰত লগোৱা হৈছে হাউচফুল চাইন ব’ৰ্ড (Pathaan recods) ।

INOX লেজাৰ লিমিটেডে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা টুইট কৰিছে, য’ত লিখা আছে, ‘আজি পাঠানৰ উন্মাদনাই দেশখনক আগুৰি ধৰিছে । আমি কিং খানক ধন্যবাদ জনাইছো যে 32 বছৰৰ পাছত তেওঁৰ ছবিখনৰ বাবেই আমি কাশ্মীৰ উপত্যকাৰ ছবিগৃহৰ বাহিৰত হাউচফুল চাইন ব’ৰ্ডখন চাবলৈ পাইছো । ধন্যবাদ' ৷

  • What a feeling to play hosts to lakhs of fans on the #PathaanDay! The craze for #Pathaan is overwhelming! Thanking all the fans across India for making it the biggest ever opening day performance for any Hindi film! Keep the celebrations going! Get your tickets for #Pathaan now! pic.twitter.com/xSuCnCEx8I

    — INOX Leisure Ltd. (@INOXMovies) January 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

INOX এ টুইটাৰত এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত পাঠানৰ অনুৰাগীসকলে ছবিগৃহৰ বাহিৰত ছবিখন উদযাপন কৰা দেখা গৈছে (pathaan in Kashmir cinema hall) । ভিডিঅ’টোৰ কেপছনত লিখা আছে, ‘পাঠানৰ বাবে উন্মাদনা প্ৰচণ্ড । ভাৰতৰ সকলো অনুৰাগীলৈ ধন্যবাদ এইখন ছবিৰ মুকলিৰ দিনটো এতিয়ালৈকে হিন্দী ছবিৰ আটাইতকৈ ডাঙৰ মুকলি দিন হিচাপে গঢ়ি তোলাৰ বাবে । উদযাপন কৰি থাকিব" । আপোনালোকক জনাও যে কাশ্মীৰত দৰ্শকৰ পৰা 'পাঠান' এ বহুত মৰম পাই আছে । ছবিখনে মুক্তিৰ দিনা 54 কোটি টকা উপাৰ্জন কৰে ।

কাশ্মীৰৰ ছবিগৃহত শেষৰখন ছবি কোনখন আছিল ?

বিগত বছৰটোত 32 বছৰৰ পাছত পুনৰ কাশ্মীৰত দৰ্শকৰ বাবে ছবিগৃহৰ দুৱাৰ মুকলি কৰা হয় । অতি দুখেৰে জনাও যে 1990 চনত সন্ত্ৰাসবাদ আৰু আক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কাশ্মীৰৰ থিয়েটাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । যদিও 1990 চনৰ পিছত ইয়াৰ প্ৰেক্ষাগৃহসমূহ পুনৰ মুকলি কৰাৰ প্ৰয়াস কৰা হৈছিল, কিন্তু গ্ৰেনেড আক্ৰমণৰ দৰে ঘটনাই এই প্ৰচেষ্টা বিফল কৰি তুলিছিল । আশীৰ দশকৰ শেষলৈকে কাশ্মীৰত প্ৰায় 15 টা থিয়েটাৰ আছিল ।

23 বছৰ পূৰ্বে আব্দুল্লা চৰকাৰে ছবিগৃহ খুলিবলৈ চেষ্টা কৰিছিল

23 বছৰ পূৰ্বে, 1999 চনত আব্দুল্লা চৰকাৰে জম্মু-কাশ্মীৰত পুনৰ থিয়েটাৰৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিল যদিও ৰিগেল চিনেমাত প্ৰথমটো শ্ব’ৰ সময়ত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য'ত 12 জন লোক আহত হয়, আনহাতে এজন লোকৰ মৃত্যু হয় । এই আক্ৰমণৰ পিছত ৰাইজৰ মনত ভয়ৰ বীজ শিপাই গ’ল । 18 বছৰৰ ব্যৱধানৰ অন্তত 2017 চনত বিজেপি-পিডিপি চৰকাৰে পুনৰবাৰ চেষ্টা কৰিছিল যদিও উপত্যকাৰ মৌলবাদীসকলে তীব্ৰ বিৰোধিতা কৰিছিল । কিন্তু সকলো প্ৰতিবাদৰ মাজতো চৰকাৰে 2022 চনত পুনৰ কাশ্মীৰত থিয়েটাৰৰ বন্ধ দুৱাৰ মুকলি কৰিবলৈ সক্ষম হয় । জানি আচৰিত হ’ব যে ‘শ্বোলে’ আছিল শেষৰখন ছবি, যিখন ছবি 32 বছৰ পূৰ্বে শ্ৰীনগৰৰ চিনেমা হলত প্ৰদৰ্শিত হৈছিল ।

লগতে পঢ়ক : Pathaan collection: মুক্তিৰ দিনাই 55 কোটি টকা অৰ্জনেৰে ৰেকৰ্ড পাঠানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.