ETV Bharat / entertainment

Pathaan collection: মুক্তিৰ দিনাই 55 কোটি টকা অৰ্জনেৰে ৰেকৰ্ড পাঠানৰ

author img

By

Published : Jan 26, 2023, 5:16 PM IST

"পাঠান" এ আৰম্ভণিৰ দিনাই বক্স অফিচত 55 কোটি টকা উপাৰ্জন কৰে (Pathaan collection) । হিন্দী ছবিৰ ভিতৰত এয়াই সৰ্বাধিক ৷

Pathaan
উপাৰ্জনৰ ৰেকৰ্ড

চিটাৰা ডেস্ক, 26 জানুৱাৰী : বৃহস্পতিবাৰে ঘোষণা কৰা অনুসৰি শ্বাহৰুখ খানে তেওঁৰ নতুন হিন্দী ছবি "পাঠান" ৰ জৰিয়তে 55 কোটি টকাৰ বৃহৎ নেট সংগ্ৰহ কৰি ৰূপালী পৰ্দাত চাৰি বছৰৰ মূৰত বিশাল প্ৰত্যাৱৰ্তন কৰে আৰু আৰম্ভণিৰ দিনটোত ইয়াৰ ডাব কৰা সংস্কৰণসমূহে অতিৰিক্ত 2 কোটি টকা অৰ্জন কৰে (Pathaan day 1 collection) । প্ৰডাকচন হাউছ যশ ৰাজ ফিল্মছৰ (YRF)ৰ মতে, ছবিখনৰ প্ৰথম দিনাৰ সংগ্ৰহ 55 কোটি টকা, যি হৈছে প্ৰথম দিনতে হিন্দী ছবি এখনৰ বাবে সৰ্বাধিক উপাৰ্জন । বুধবাৰে তামিল আৰু তেলুগু ভাষাতো মুক্তি লাভ কৰে "পাঠান" ছবিখনে ।

"Besharam Rang" গীতটোক লৈ বৰ্জনৰ আহ্বানৰ সন্মুখীন হোৱা সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাৰ এই ছবিখনেৰে চাৰি বছৰতকৈও অধিক সময়ৰ ব্যৱধানৰ পিছত শ্বাহৰুখ খানে চিনেমা জগতলৈ ঘূৰি আহে । ইয়াৰ পূৰ্বে তেওঁ 2018 চনত "Zero" ছবিখনত অভিনয় কৰিছিল । ৱাই আৰ এফে কয় যে “পাঠানে” একাধিক নতুন অভিলেখ গঢ়িছে, য’ত আছে “ভাৰতত সৰ্বকালৰ আটাইতকৈ বিশাল হিন্দী মুক্তি” আৰু “ৱৰ্কিং ডে’ত মুক্তিৰ পিছতো প্ৰথম দিনতে সৰ্বাধিক উপাৰ্জন কৰা ছবি ।

ষ্টুডিঅ’টোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা মতে, "চোৰাংচোৱা থ্ৰিলাৰখনৰ প্ৰথম দিনeৰ মুঠ সংগ্ৰহ শ্বাহৰুখৰ কেৰিয়াৰৰ লগতে সহ-অভিনেতা জন আব্ৰাহাম আৰু দীপিকা পাডুকন, পৰিচালক আনন্দ আৰু ৱাই আৰ এফৰ বাবেও “এতিয়ালৈকে সৰ্বোচ্চ” বুলি ক’ব পাৰি । ভাৰতীয় চিনেমাৰ বাবে এয়া এক ঐতিহাসিক দিন আৰু বিশ্বজুৰি ‘পাঠান’ৰ প্ৰতি যি মৰম আৰু প্ৰশংসা প্ৰবাহিত হৈছে সেয়া দেখি আমি আপ্লুত হৈছো” ৷

যশ ৰাজ ফিল্মছৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় ৱিধানীয়ে এক বিবৃতিত কয়, "পাঠান'ৰ বাবে নন-হলিডে’ত এই ধৰণে ৰেকৰ্ড বোৰ ভাঙি পেলোৱাই কেৱল ইয়াকেই প্ৰমাণ কৰে যে নাট্য ব্যৱসায় সদায় জীয়াই থাকিব, যদিহে আমি এনে ছবি নিৰ্মাণ কৰোঁ যি মানুহক চিনেমাগৃহলৈ আহিবলৈ প্ৰলোভিত কৰে আৰু যিয়ে তেওঁলোকক সম্পূৰ্ণৰূপে মনোৰঞ্জন দিব" ৷

প্ৰথম দিনটোৰ অভিলেখৰ সৈতে "পাঠান" এ মহামাৰী আৰু বক্স অফিচৰ দুৰৱস্থাৰ ধাৰাবাহিকতাৰ পৰা বলীউডক উলিয়াই আনিবলৈ উদ্যোগ বিশেষজ্ঞসকলে কৰা মন্তব্যক অতিক্ৰম কৰিছে । বুধবাৰে দিল্লী, মুম্বাইৰ দৰে বৃহৎ চহৰকে ধৰি সমগ্ৰ দেশৰ 5 হাজাৰৰো অধিক পৰ্দাত মুক্তি লাভ কৰে ছবিখনে । গণৰাজ্য দিৱসৰ ঠিক এদিন আগতে মুক্তি পোৱাৰ বাবে ছবিখনৰ মুকলি সপ্তাহৰ শেষৰ ফালে পাঁচ দিন বঢ়াই দিয়া হৈছে ।

মঙলবাৰলৈকে 4.19 লাখ টিকটৰ সৈতে আগতীয়া বুকিং হৈছিল "পাঠান" ৰ যিয়ে প্ৰথম দিনটোত 80 শতাংশ আসন দখলৰ প্ৰতিফলন ঘটায় ৷ আনকি পুৱা 6 বা 7 বজাৰ পৰা ছবিখনৰ শ্ব’ আৰম্ভ কৰা হৈছে । তাৰকাৰে ভৰা ছবিখনৰ প্ৰতি অসাধাৰণ সঁহাৰিয়ে উদগনি যোগাই বাবে বুধবাৰে প্ৰডাকচন বেনাৰ ৱাই আৰ এফে কয় যে তেওঁলোকে সমগ্ৰ দেশতে মাজনিশাৰ পিছৰ পুৱা 12.30 বজাত এটা শ্ব’ সংযোজন কৰিছে ।

ইয়াৰ উপৰিও ব্যৱসায়িক বিশ্লেষক তৰণ আদৰ্শৰ মতে, অধিক চাহিদাৰ বাবে আৰু 300 খন পৰ্দা সংযোজন কৰা হয়, যাৰ ফলত বিশ্বজুৰি ছবিখনৰ মুঠ পৰ্দাৰ সংখ্যা 8500 লৈ বৃদ্ধি পায় (Pathaan collection) । ছলমান খানৰ "এক থা টাইগাৰ" (2012) আৰু "টাইগাৰ জিন্দা হে" (2017) আৰু "ৱাৰ" য'ত হৃত্বিক ৰোশনে (2019) অভিনয় কৰিছে, প্ৰযোজক আদিত্য চোপ্ৰাৰ অভিলাষী চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ডৰ চতুৰ্থখন ছবি হৈছে "পাঠান" । জিম (জন)ৰ নেতৃত্বত গঠিত সন্ত্ৰাসবাদী সংগঠন আউটফিট এক্সে ভাৰতক দুৰ্বল কৰি তোলা আক্ৰমণ বন্ধ কৰিবলৈ নিৰ্বাসনৰ পৰা ওলাই অহা চোৰাংচোৱা পাঠান (শ্বাহৰুখ)ক চিনেমাখনত দেখুওৱা হৈছে । "পাঠান"ত ছলমানে সহযোগী চোৰাংচোৱা টাইগাৰ হিচাপে উপস্থিত থাকে ।

লগতে পঢ়ক : Gadar2: ছানী দেউল-আমীশা পেটেলৰ 'গডাৰ' ৰ চিকুৱেল দেখিবলৈ পাব 11 আগষ্টত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.