ETV Bharat / entertainment

স্বামী ৰাঘৱৰ সৈতে লণ্ডনত নৱবৰ্ষ উদযাপন পৰিণীতি চোপ্ৰাৰ, ভাইৰেল ৰোমান্টিক ফটো

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:19 PM IST

New Year 2024 : আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডা আৰু তেওঁৰ পত্নী পৰিণীতি চোপ্ৰাই এইকেইদিন লণ্ডনত ছুটী উপভোগ কৰি আছে । নৱবৰ্ষ উপলক্ষে ৰাঘৱ আৰু পৰিণীতিয়ে ছ’চিয়েল মিডিয়াত ইগৰাকীয়ে সিগৰাকীৰ সৈতে ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছে । ৰাঘৱে তেওঁৰ পত্নীক জীৱনৰ আটাইতকৈ সুন্দৰ উপহাৰ বুলি অভিহিত কৰিছে ।

Parineeti Chopra's New Year with Raghav Chadha in London was a cozy affair - see pics
লণ্ডনত নৱবৰ্ষ উদযাপন পৰিণীতি চোপ্ৰাৰ

চিটাৰা ডেস্ক, ১ জানুৱাৰী: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই সম্প্ৰতি স্বামী ৰাঘৱ চাড্ডাৰ সৈতে লণ্ডনত ছুটী উপভোগ কৰি আছে । বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে স্বামীৰ সৈতে ফুৰিবলৈ গৈছে অভিনেত্ৰীগৰাকী । এই দম্পতীয়ে একেলগে নতুন বছৰটোক আদৰণি জনাইছে । এতিয়া দুয়োগৰাকীয়ে নৱবৰ্ষ উদযাপনৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত অনুৰাগীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পত্নী পৰিণীতিৰ সৈতে লণ্ডনৰ বহু সুন্দৰ ছবি শ্বেয়াৰ কৰিছে ৰাঘৱ চাড্ডাই । প্ৰথম ফটোখনত পৰিণীতিয়ে কেফে এখনত বহি ৰাঘৱৰ মুখত ধৰি ধেমেলীয়া প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে । আন এখন ছবিত স্বামীৰ কোলাত পোজ দিয়া দেখা গৈছে । এখন ফটোত দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰি কেমেৰাৰ সন্মুখত ফটোৰ বাবে পোজ দিছে ।

শেষৰ ফটোখনত পৰিণীতিয়ে স্বামীৰ কোলাত বহি পোজ দিছে । ছবিবোৰত এই নৱবিবাহিত দম্পতীক বৰ মৰমলগা দেখা গৈছে । এই ছবিসমূহ শ্বেয়াৰ কৰি ৰাঘৱ চাড্ডাই কেপচনত লিখিছে, "তাই মোক চান্তা বুলি কয়, কিন্তু মইয়েই আটাইতকৈ আচৰিত উপহাৰ পাইছিলোঁ তাইৰ ৰূপত ।"

ইফালে পৰিণীতি চোপ্ৰাইও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নৱবৰ্ষ উদযাপনৰ বহু ছবি শ্বেয়াৰ কৰিছে । দুখন ফটোত পৰিণীতিক স্বামী ৰাঘৱৰ সৈতে আৰামদায়ক ৰূপত দেখা গৈছে । কিছুমান ফটোত অভিনেত্ৰীগৰাকীয়ে কফি আৰু কাপকেকৰ আভাস দেখুৱাইছে । আন এখন ফটোত স্বামী ৰাঘৱ আৰু ভাতৃৰ সৈতে ফটো ক্লিক কৰা দেখা গৈছে ।

নৱবৰ্ষৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰি পৰিণীতিয়ে কয়, "মোৰ বিশেষসকলৰ সৈতে বৰদিন আৰু নৱবৰ্ষ নিৰৱে কটালোঁ, তেওঁলোকক টানকৈ সাৱটি ধৰিলোঁ আৰু বিচনাত চকলেট খালোঁ । ই আছিল আৰামদায়ক ।"

লগতে পঢ়ক: নৱবৰ্ষত পত্নীৰ সৈতে ৰোমান্টিক হ’ল ৰণদ্বীপ, বিকিনি পিন্ধি স্বামীৰ সৈতে সূৰ্যাস্ত উপভোগ লিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.