ETV Bharat / entertainment

Parineeti-Raghav wedding: ৰাঘৱ চাড্ডাক বিশেষ উপহাৰ দিলে পৰিণীতিয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 3:50 PM IST

২৪ ছেপ্টেম্বৰত আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় পৰিণীতি চোপ্ৰা ৷ বিয়াৰ সময়ত পৰিণীতি চোপ্ৰাই ৰাঘৱ চাড্ডাৰ প্ৰতি থকা প্ৰেমৰ কথা মুকলিকৈ স্বীকাৰ কৰে । ইফালে বিয়াত অভিনেত্ৰীগৰাকীয়ে ৰাঘৱ চাড্ডাক অতি বিশেষ উপহাৰ দিয়ে । কি বিশেষ উপহাৰ দিলে জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

Parineeti Chopra and Raghav Chadha wedding: Bride dedicates special song O Piya to groom on their D-day - watch
পৰিণীতি চোপ্ৰা ৰাঘৱ চাড্ডাৰ বিবাহ

চিটাৰা ডেস্ক, ২৭ ছেপ্টেম্বৰ: ২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা । উদয়পুৰৰ ‘দ্য লীলা পেলেচ’ত দুয়োগৰাকীয়ে যুগ্ম জীৱনৰ পাতনি মেলে ৷ বিবাহৰ এদিন পিচতে আনুষ্ঠানিকভাৱে পৰিণীতিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে বিবাহৰ ছবি ৷ ছবিসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাচতে ভাইৰেল হৈ পৰে ৷ ইফালে এই দম্পতীক অনুৰাগীৰ পৰা আদি কৰি বহু চেলিব্ৰিটিয়ে অভিনন্দন জ্ঞাপন কৰে ৷ ফটোৰ উপৰিও বিবাহ অনুষ্ঠানৰ বহু ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

ঢোলৰ তালত ৰাঘৱ চাড্ডাৰ নৃত্যৰ পৰা আৰম্ভ কৰি পৰিণীতিৰ পিতৃয়ে কৰা নীতি-নিয়মলৈকে বহু সুন্দৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ইফালে আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ কোনো সুযোগ এৰি দিয়া নাই পৰিণীতিয়ে । ইয়াৰ মাজতে পৰিণীতিয়ে বিয়াৰ সময়ত স্বামী ৰাঘৱ চাড্ডাক এনে এক চাৰপ্ৰাইজ দিয়ে, যিটোৰ শুনি অনুৰাগীয়েও অভিনেত্ৰীগৰাকীক যথেষ্ট মৰম দিছে।

ৰাঘৱ চাড্ডাৰ প্ৰতি এইদৰে প্ৰেম প্ৰকাশ কৰিলে পৰিণীতিয়ে

অভিনেত্ৰী পৰিণীতিয়ে নিজৰ বিবাহৰ আঙুঠিত স্বামী ৰাঘৱ চাড্ডাৰ নাম অংকণ কৰিছে ৷ ইয়াৰ উপৰিও তেওঁ কবিতাত নিজৰ আৰু ৰাঘৱ চাড্ডাৰ প্ৰেমৰ কাহিনীও বৰ্ণনা কৰিছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে পৰিণীতি এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সুকন্ঠী গায়িকাও ৷ খবৰ অনুসৰি ৰাঘৱ-পৰিণীতিৰ বিয়াৰ বেকগ্ৰাউণ্ডত বজোৱা ‘অ’ পিয়া’ গীতটিত পৰিণীতিয়ে কণ্ঠদান কৰিছে ৷ এই গীতটো বিবাহৰ বাবে বিশেষকৈ প্ৰস্তুত কৰিছিল পৰিণীতিয়ে ।

উল্লেখ্য যে, এই গীতটি গৌৰৱ দত্তই ৰচনা কৰিছিল, আনহাতে গীতটিৰ কথা লিখিছিল ছানী এম আৰ, হৰজোৎ সিং আৰু গৌৰৱে । এই গীতটোত হিন্দী আৰু পাঞ্জাবী গীতৰ কথা আছে, যাৰ জৰিয়তে পৰিণীতিয়ে ৰাঘৱৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছিল । এই গীতটো শুনাৰ পাচত ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ কণ্ঠৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে ৷ পৰিণীতিৰ সুমধুৰ কণ্ঠই দৰ্শকক আপ্লুত কৰিছে ।

দিল্লীৰ উপৰিও এই স্থানসমূহত অনুষ্ঠিত হ’ব পৰিণীতি-ৰাঘৱৰ অভ্যৰ্থনা

উল্লেখ্য যে, পৰিণীতি আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ অভ্যৰ্থনা চণ্ডীগড়ত অনুষ্ঠিত হ'ব ৷ এই অভ্যৰ্থনা বিশেষকৈ হ’ব তেওঁলোকৰ পৰিয়াল আৰু পৰিয়ালৰ সদস্যৰ বাবে ।

লগতে পঢ়ক: Parineeti Chopra Marriage: ছাতি লৈ নৃত্য কৰি বিবাহৰ মণ্ডপত প্ৰৱেশ পৰিণীতি-ৰাঘৱৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.