ETV Bharat / entertainment

বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকলৰ বিষয়ে জানো আহক

author img

By

Published : Nov 17, 2022, 4:55 PM IST

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

দক্ষিণ চলচ্চিত্ৰ উদ্যোগত এনে বহুত অভিনেতা-অভিনেত্ৰী আছে, যাৰ বিবাহিত জীৱন অশান্তিৰে ভৰি পৰিছিল । অশান্তি ভৰা জীৱন এটা কটোৱাতকৈ তেওঁলোকে লৈছিল আঁতৰি অহাৰ সিদ্ধান্ত ৷ সামান্থা ৰুথ প্ৰভু-নাগা চৈতন্যকে ধৰি এই তালিকাত থকা আন তাৰকাসকলৰ বিষয়ে আপোনালোকলৈ আগবঢ়াইছো-

চিটাৰা ডেস্ক, 17 নৱেম্বৰ : বিবাহ এনে এক বান্ধোন যি প্ৰেম, বিশ্বাস আৰু সন্মানৰ আধাৰতহে টিকি থাকে ৷ তেতিয়াহে আশা কৰিব পাৰি গোটেই জীৱন একেলগে থকাৰ । কিন্তু যেতিয়া এই সম্পৰ্কত আউল লাগে, অনাস্থাই ঠাই দখল কৰি লয় তেতিয়া ! হাজাৰ কষ্টকৰ হ’লেও হয়তো নোৱাৰি থাকিব একেলগে ৷ বিচ্ছেদ যিকোনো সম্পৰ্কৰ ক্ষেত্ৰতে যন্ত্ৰণাদায়ক কিন্তু কঠোৰ হ’লেও আঁতৰি অহাৰ সিদ্ধান্তই ল’বলগীয়া হয়গৈ শেষত ।

বৰ্তমান সময়ত বিবাহ বিচ্ছেদ খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে সমাজত ৷ প্ৰায় সাধাৰণ কথাৰ দৰেই হৈ পৰিছে বিবাহ বিচ্ছেদ ৷ চলচ্চিত্ৰ জগতৰ তাৰকা সকলৰ ক্ষেত্ৰত সঘনাই দেখিবলৈ পোৱা গৈছে এই ঘটনা ৷ জানো আহকচোন সেইসকল দক্ষিণৰ তাৰকাৰ বিষয়ে যাৰ বৈবাহিক জীৱনক আধৰুৱা হৈ ৰ’ল-

সামান্থা ৰুথ প্ৰভু-নাগা চৈতন্য : সামান্থা আৰু নাগাই প্ৰায় 8 বছৰ ধৰি ইজনে সিজনক ডেট কৰিছিল । ইয়াৰ পিছত দুয়োজনে 2017 চনত বিয়া হোৱাৰ সিদ্ধান্ত লয় যদিও এই সম্পৰ্ক বেছি দিন নাথাকিল ৷ 2021 চনৰ অক্টোবৰ মাহত দুয়োৰে মাজত বিচ্ছেদ ঘটে ।

বৰুণ মণিয়ান-তৃষা কৃষ্ণণ : দক্ষিণৰ বিখ্যাত অভিনেতাৰ তালিকাত বৰুণ মণিয়ান আৰু তৃষা কৃষ্ণণকো অন্তৰ্ভুক্ত কৰা হয় । বহুদিন ইজনে সিজনক ডেট কৰি 2014 চনত দুয়োৱে বিয়া পাতিছিল । কিন্তু এই বিবাহ বেছি দিন নিটিকিল আৰু 2016 চনত দুয়ো আঁতৰি আহে । 2017 চনত দুয়োৰে বিবাহ বিচ্ছেদ হয় ।

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

ধনুষ-ঐশ্বৰ্য : 2004 চনত চাউথৰ চুপাৰষ্টাৰ ধনুশে প্ৰেমিকা ঐশ্বৰ্যক বিয়া কৰাইছিল । 18 বছৰ ধৰি সম্পৰ্কত থকা ধনুষে 2022 চনৰ 17 জানুৱাৰীত বিচ্ছেদৰ কথা ঘোষণা কৰিছিল । ঐশ্বৰ্য হৈছে চুপাৰষ্টাৰ ৰজনীকান্তৰ কন্যা ।

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

অমলা পল-এল বিজয় : অসফল বিবাহিত জীৱনৰ কথা ক’লে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অতি বিখ্যাত অভিনেত্ৰী অমলা পলৰ কথাও আহি পৰে । 2014 চনত অভিনেত্ৰী গৰাকীয়ে চলচ্চিত্ৰ প্ৰযোজক এ এল বিজয়ৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছি দিন নিটিকিল আৰু 2016 চনত বিবাহৰ দুবছৰৰ অন্তত দুয়োজনে বিচ্ছেদৰ কথা ঘোষণা কৰে ।

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

অৰবিন্দ স্বামী-গায়ত্ৰী ৰামমূৰ্তি : দক্ষিণ ছবিৰ চুপাৰষ্টাৰ অৰবিন্দ স্বামী 1994 চনত গায়ত্ৰী ৰামমূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় । কিন্তু কিছুদিনৰ পাছত দুয়োৱে এই সম্পৰ্ক শেষ কৰে ৷ তেওঁলোকৰ দুটা সন্তান আছে আৰু বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ তত্ত্বাৱধান অৰবিন্দক দিয়া হয় ।

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

পৱন কল্যাণ-ৰেণু দেশাই : পৱন কল্যাণৰ বিয়া এবাৰ নহয় তিনিবাৰকৈ হৈছিল । ৰেণু দেশাই পৱন কল্যাণৰ দ্বিতীয় পত্নী আৰু 2009 চনত দুয়োৱে প্ৰেমক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰে । কিন্তু এই সম্পৰ্ক বেছি দিন নিটিকিল আৰু তাৰ পিছত 2012 চনত দুয়োৰে বিবাহ বিচ্ছেদ হয় ।

Married
বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকল

লগতে পঢ়ক : Suraj Barjatya on Salman Khan marriage: পৰিচালক সুৰজ বৰজাত্যই কৰিছে ছলমানৰ বিয়াৰ পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.