ETV Bharat / entertainment

Maja Ma trailer:মাজা মাত গুজৰাটী গৃহিণীৰ ৰূপত মাধুৰী দীক্ষিত

author img

By

Published : Sep 23, 2022, 5:24 PM IST

Marathi mulgi
মাজা মাত গুজৰাটী গৃহিণীৰ ৰূপত মাধুৰী দীক্ষিত

বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক আগন্তুক ছবি ‘মাজা মা’ত গুজৰাটী গৃহিণী ৰূপে এক অভূতপূৰ্ব অৱতাৰত দেখা যাব (Madhuri Dixit new movie) । বৃহস্পতিবাৰে মুম্বাইৰ জুহু অঞ্চলৰ এখন পঞ্চ তাৰকাযুক্ত প্ৰপা’ৰ্টীত চিনেমাখনৰ ট্ৰেইলাৰ উন্মোচন কৰা হয় সংবাদ মাধ্যমৰ আগত ।

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : অভিনেত্ৰী মাধুৰী দীক্ষিতক আগন্তুক ছবি ‘মাজা মা’ত গুজৰাটী গৃহিণী ৰূপে এক অভূতপূৰ্ব অৱতাৰত দেখা যাব । বৃহস্পতিবাৰে মুম্বাইৰ জুহু অঞ্চলৰ এখন পঞ্চ তাৰকাযুক্ত প্ৰপা’ৰ্টীত সংবাদ মাধ্যমৰ সন্মুখত উন্মোচন কৰা হয় ছবিখনৰ ট্ৰেইলাৰ (Maja Ma trailer) ।

ছবিখনত মাধুৰী দীক্ষিতক এক জটিল আৰু নিৰ্ভীক অৱতাৰত উপস্থাপন কৰা হৈছে । ছবিখনত নিজৰ ভূমিকাক লৈ অভিনেত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে ছবিখনৰ অংশ হ’বলৈ পাই তেওঁ “ৰোমাঞ্চিত” অনুভৱ কৰিছে ।

উপস্থিত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, "‘মাজা মা’ৰ সৈতে মই মোৰ চৰিত্ৰটোক লৈ আটাইতকৈ বেছি উৎফুল্লিত হৈ পৰিছো । ই এটা জটিল সূক্ষ্মতা থকা ভূমিকা যিটো মই আগতে কেতিয়াও কৰা নাই । তেওঁ ইমানবোৰ আৱেগৰ মাজেৰে পাৰ হৈ যায় যিয়ে তেওঁৰ জীৱন আৰু তেওঁৰ ভালপোৱাসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলাই" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰ প্ৰথমবাৰৰ বাবে মাধুৰীয়ে গৰ্বা বিটত নৃত্য কৰা দেখা যাব । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে গজৰাজ ৰাও, ৰিত্বীক ভৌমিক, বৰখা সিং, সৃষ্টি শ্ৰীবাস্তৱ, ৰাজিত কাপুৰ, চাইমন সিং, শ্বীবা চাধা, মলহাৰ ঠাককৰ, নিনাদ কামতে ।

লিঅ’ মিডিয়া কালেকটিভ আৰু অমৃতপাল সিং বিন্দ্ৰৰ দ্বাৰা প্ৰযোজিত, আনন্দ তিৱাৰীৰ পৰিচালনা আৰু সুমিত বাথেজাৰ ৰচনা কৰা ‘মাজা মা’ 6 অক্টোবৰৰ পৰা ভাৰতৰ লগতে 240 খন দেশত মুকলি হ’ব ।

লগতে পঢ়ক : আমীৰ কন্যা ইৰা খানৰ প্ৰেমিকৰ সৈতে ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.