আমীৰ কন্যা ইৰা খানৰ প্ৰেমিকৰ সৈতে ভিডিঅ’ ভাইৰেল

author img

By

Published : Sep 23, 2022, 1:42 PM IST

Aamir Khan

এটা ভিডিঅ’ই খলকনি লগাইছে সামাজিক মাধ্যমত ৷ আমীৰ খানৰ কন্য়া ইৰা খান আৰু প্ৰেমিক নূপুৰ শিখাৰেৰ এই ভিডিঅ’টোৱে দৃষ্টি কাঢ়িছে নেটিজেনৰ (Ira Khan Nupur Video) ৷ কিনো আছে ভিডিঅ’টোত চাওচোন আহক-

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : প্ৰেমৰ সাৰ্থকতাত কাৰ মন প্ৰফুল্লিত নহয় ! যিয়ে প্ৰেমৰ মহত্ব বুজে তেনে মানুহে নিজৰ লগতে আনৰো প্ৰেম সফল হোৱাতো কামনা কৰে ৷ প্ৰেমৰ সফলতাত সামাজিক মাধ্যমত আজি যেন সকলো সুখী ৷ আমীৰ খানৰ কন্যা ইৰা খানৰ প্ৰেমে পূৰ্ণতা লাভ কৰিলে ৷ প্ৰেমিক নূপুৰে সকলোৰে আগত আঁঠু লৈ প্ৰস্তাৱ আগবঢ়ালে ইৰাক ৷ তৎক্ষণাত সন্মতি জনালে ইৰাই ৷

দৰাচলতে আমীৰৰ কন্যা ইৰা খান কিছু সময় ধৰি চৰ্চাত আছে ৷ ইৰা খান আৰু নূপুৰ শিখাৰেৰ প্ৰেমে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে ৷ ইৰা আৰু নূপুৰ দুবছৰে ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে ৷ 2020 চনতে তেওঁলোকে নিজৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৷ এতিয়া এটা চাইক্লিং ইভেণ্টৰ পৰা দুয়োৰে ভাইৰেল হোৱা ভিডিঅ’টোৱে সকলোৰে মনত জগাইছে প্ৰেমৰ অনুভূতি ৷ চাওক ভিডিঅ’টো-

ভিডিঅ’টো ইৰাই নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে (Ira khan instagram) ৷ ষ্টেণ্ডত থিয় হৈ থকা ইৰাৰ ওচৰলৈ চাইক্লিংৰ সাজত থকা নূপুৰে আহি আঁঠু কাঢ়ি আঙুঠি আগবঢ়াই প্ৰস্তাৱ আগবঢ়াই ৷ ইৰাই তৎক্ষণাত সন্মতি জনাই আঙুঠিটো পিন্ধে আৰু চুমা যাচে নূপুৰক ৷ ইৰা খানে নিজৰ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো ৷ দীৰ্ঘদিনীয়া প্ৰেমিক নূপুৰৰ সৈতে আমীৰ খানৰ কন্যাৰ এংগেজমেণ্ট সুকলমে হৈ গ’ল (Ira gets engaged with beau Nupur Shikhare) ৷

উল্লেখযোগ্য যে ইৰা 2020 চনৰ পৰা নূপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে । নূপুৰ এগৰাকী ফিটনেছ প্ৰশিক্ষক । এই যুটি অনুৰাগীসকলৰ প্ৰিয় । ইৰা খান বলীউডত ভৰি নিদিয়াকৈ ছ’চিয়েল মিডিয়াৰ তাৰকা হৈ পৰিছে । ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে প্ৰায়ে সংযুক্ত হৈ থাকে ইৰা ।

Aamir Khan
ইৰা খানৰ প্ৰেমিকৰ সৈতে ভিডিঅ’ ভাইৰেল

ইৰা খানৰ এই বিশেষ ভিডিঅ’টোত অনুৰাগীৰ লগতে বহু চেলেব্ৰিটীয়েও মৰম যাচিছে । অভিনেত্ৰী ফাতিমা চানা শ্বেইখে লিখিছে - এইটো মই দেখা আটাইতকৈ ধুনীয়া কথা, উফ.... নূপুৰ শিখাৰে বহুত ফিল্মী । ইয়াৰ লগতে শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰে লিখিছে - OMG Mubarak ho ৷

Aamir Khan
ইৰা খানৰ প্ৰেমিকৰ সৈতে ভিডিঅ’ ভাইৰেল

লগতে পঢ়ক : Hrithik Roshan instagram:প্ৰাক্তনৰ প্ৰেমিকৰ পিছত এইবাৰ হৃত্বিকৰ ফটোত কমেণ্ট শ্বাবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.