ETV Bharat / entertainment

HBD Anushka Sharma : পত্নী অনুষ্কাৰ জন্মদিনত স্বামী বিৰাটে এনেদৰে জনালে শুভেচ্ছা- চাওক ফটো

author img

By

Published : May 1, 2023, 12:41 PM IST

Updated : May 1, 2023, 12:49 PM IST

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ৩৫তম জন্মদিন (HBD Anushka Sharma ) ৷ পত্নীৰ জন্মদিনত তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এনেদৰে জনালে জন্মদিনৰ শুভেচ্ছা ৷ চাওক ফটো ।

Love you and your cute madness, Anushka Sharma gets lovely birthday wish from hubby Virat Kohli
অনুষ্কা শৰ্মাৰ ৩৫ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 1 মে’: বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে নিজৰ কামৰ লগতে Couple gaolৰ লক্ষ্য নিৰ্ধাৰণ কৰি আহিছে । বিৰাট আৰু অনুষ্কা শীৰ্ষ শ্ৰেণীৰ তাৰকা হোৱাৰ পিচতো সাধাৰণ লোকৰ দৰেই নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । সম্প্ৰতি আই পি এল ১৬ ত ব্যস্ত বিৰাট কোহলী ( HBD Anushka Sharma)।

আই পি এলত ব্যস্ত হোৱাৰ পিচতো ক্ৰিকেটাৰগৰাকীয়ে পত্নী অনুষ্কাক পূৰ্ণকালীন সময় দি আছে । আজি বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক ৩৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে (Anushka Sharma birthday)। লগতে পত্নী অনুষ্কাৰ সৈতে কটোৱা মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । স্বামী বিৰাটৰ এই পোষ্টত অনুষ্কাই এনেদৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

বিৰাটে এনেদৰে পত্নীক জনালে জন্মদিনৰ শুভেচ্ছা

বিৰাট কোহলীয়ে পত্নী অনুষ্কাৰ জন্মদিনত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । এই পোষ্টটোত বিৰাটে তেওঁৰ পত্নী অনুষ্কাৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰিছে (Anushka Sharma and Virat Kohli) । বিৰাটে পোষ্ট শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘আই লাভ ইউৰ এভাৰ মেডনেছ, হেপি বাৰ্থডে টু মাই এভৰিথিং’।

স্বামীৰ পোষ্টত অনুষ্কা শৰ্মাৰ প্ৰতিক্ৰিয়া

আনহাতে, জন্মদিনত স্বামীৰ পৰা মৰম পোৱাৰ পিচত অনুষ্কাই পোষ্টত সুন্দৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অনুষ্কাই স্বামীৰ এই পোষ্টটোৰ ওপৰত ৰেড হাৰ্ট ইমোজি আৰু ইনফিনিটি ৰিলেচনশ্বিপ চিম্বলৰ লগতে ফেমিলি ইমোজি শ্বেয়াৰ কৰে ।

অনুৰাগী আৰু চেলিব্ৰিটিসকলে অভিনেত্ৰীগৰকীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে

বিৰাটৰ এই পোষ্টটোত তেওঁৰ লাখ লাখ অনুৰাগীয়ে কমেন্টত অনুষ্কাক জন্মদিনৰ শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় । অতি কম সময়ৰ ভিতৰতে এই পোষ্টটোত ১৮ লাখৰো অধিক লাইক আহিছে । দক্ষিণ অভিনেত্ৰী ৰশ্মিকা মান্দান্নাইও অনুষ্কা শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক: Samantha Temple : অন্ধ্ৰপ্ৰদেশত সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে তেওঁৰ মন্দিৰ; আজি হ’ব উদ্বোধন

Last Updated : May 1, 2023, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.