ETV Bharat / entertainment

Lata Mangeshkar Birthday Special: কিয় আধৰুৱা হৈ ৰ’ল লতা মংগেশকাৰৰ প্ৰেম কাহিনী ? কিয় বিয়া নহ’ল লতাজী ? সবিশেষ জানক প্ৰতিবেদনত

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 11:55 AM IST

Lata Mangeshkar birth anniversary: Know about Lata Mangeshkar career, love life everything
কোকিল কণ্ঠী লতা মংগেশকাৰৰ জন্মদিন

আজি ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী ৷ তেখেতে কেৱল হিন্দী ভাষাতে ১০০০ ৰো অধিক গীতত কণ্ঠ দিছিল ৷ ১৯৮৯ চনত দাদাচাহেব ফাল্কে বঁটাৰেও তেওঁক সন্মানিত কৰা হৈছে । তেওঁৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

চিটাৰা ডেস্ক, ২৮ ছেপ্টেম্বৰ: আজি ভাৰত ৰত্ন, কোকিল কণ্ঠী লতা মংগেশকাৰৰ ৯৪ সংখ্যক জন্মদিন । ক’ৰনা মহামাৰীত আক্ৰান্ত হৈ ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত এই পৃথিৱীৰ পৰা বিদায় লৈছিল সংগীত সম্ৰাজ্ঞীগৰাকীয়ে ৷ তেওঁ আজি আমাৰ মাজত নাই যদিও তেওঁৰ কণ্ঠই আজিও সকলোকে মুগ্ধ কৰি ৰাখিছে ৷

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত এটা মধ্যবিত্ত মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰে পাঁচ বছৰ বয়সৰ পৰাই সংগীত শিকিবলৈ আৰম্ভ কৰিছিল । ভাৰত ৰত্ন বঁটা লাভ কৰা লতাজীয়ে ১৯৪২ চনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও মহল ছবিৰ ‘আয়েগা আনে ৱালা’ গীতটিৰ জৰিয়তেহে প্ৰকৃত স্বীকৃতি লাভ কৰিছিল । লতা মংগেশকাৰে ১৪ টা ভাষাত ৫০ হাজাৰৰো অধিক গীত গাইছিল । আজি কোকিল কণ্ঠীগৰাকীৰ জন্মদিনত জানো আহক তেখেতৰ লগত জড়িত কিছুমান নজনা কথা ৷

লতাই গান গাই থাকোতে মাতৃয়ে কিয়ং খং কৰিছিল ?

লতা মংগেশকাৰে বিশ্বাস কৰিছিল যে দেউতাকৰ বাবেই তেওঁ গায়িকা হ’ব পাৰিছিল ৷ কাৰণ দেউতাকে তেওঁক সংগীত শিকাইছিল । অৱশ্যে প্ৰথম অৱস্থাত লতা মংগেশকাৰৰ পিতৃ দীননাথ মংগেশকাৰে বহুদিনলৈ গমেই পোৱা নাছিল যে তেওঁৰ জীয়েকে গান গাব পাৰে । কাৰণ তেওঁ কেতিয়াও পিতৃৰ সন্মুখত গান গোৱা নাছিল ৷ আচলতে পিতৃৰ ওচৰত গাবলৈ ভয় খাইছিল লতাজীয়ে ৷ সেয়েহে, পাকঘৰত মাকক সহায় কৰিবলৈ অহা মহিলাসকলক গান গাই শুনাইছিল তেওঁ । তেতিয়া লতা মংগেশকাৰৰ মাতৃয়ে খং কৰি তেওঁক পাকঘৰৰ পৰা পঠিয়াই দিছিল ৷ কাৰণ লতাজীৰ গানত সেই মহিলাসকল ইমানেই সোমাই পৰিছিল যে, তেওঁলোকৰ কামৰ প্ৰতি মনোযোগ নাইকিয়া হৈ যায় ৷

সঁচা হ’ল পিতৃৰ ভৱিষ্যদ্বাণী

ইয়াৰ পিচত লতা মংগেশকাৰ আৰু ভনীয়েক মীনাই দেউতাকৰ পৰা সংগীত শিকিবলৈ আৰম্ভ কৰে । কিন্তু দেউতাকৰ পৰা বৰ বিশেষ দিন সংগীত শিকিব নোৱাৰিলে লতা মংগেশকাৰে ৷ কাৰণ কিছুদিন পিচতে মৃত্যু হয় দেউতাকৰ ৷ যেতিয়া সৰু ভাতৃ হৃদয়নাথৰ বয়স আছিল মাত্ৰ চাৰি বছৰ তেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হৈছিল ৷ অৱশ্যে দেউতাকে লতাজীক কণ্ঠশিল্পী হোৱা দেখা নাছিল যদিও তেওঁৰ মনত এটা ধাৰণা আছিল যে লতা মংগেশকাৰ এদিন সফল হ’ব ৷ কাৰণ লতা মংগেশকাৰৰ পিতৃ এজন জ্যোতিষীও আছিল । সেয়েহে, তেওঁ জানিছিল তেওঁৰ কন্যা এদিন বহু সফল হ’ব ৷

পিতৃৰ মৃত্যুৰ পিচত ঘৰৰ দায়িত্ব লৈছিল লতা মংগেশকাৰে

পিতৃৰ মৃত্যুৰ পিচত লতা মংগেশকাৰে ঘৰৰ সম্পূৰ্ণ দায়িত্ব লয় আৰু ভনীয়েক মীনাৰ সৈতে মুম্বাইলৈ আহি মাষ্টৰ বিনায়কৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে । ১৩ বছৰ বয়সত ১৯৪২ চনত ‘পেহিলী মঙলগুৰ’ ছবিত অভিনয় কৰাৰ লগতে কিছুমান ছবিত নায়ক-নায়িকাৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ ৷ যদিও অভিনয়ত কেতিয়াও আনন্দ লাভ কৰা নাছিল লতা মংগেশকাৰে । ইয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰেকৰ্ডিং কৰিছিল ‘লাভ ইজ ব্লাইণ্ড’ৰ বাবে, কিন্তু এই ছবিখনে মুক্তি লাভ নকৰিলে ।

প্ৰথমবাৰ গান গোৱাৰ বাবে কিমান ধন লাভ কৰিছিল লতা মংগেশকাৰে ?

প্ৰথমবাৰ মঞ্চত গান গোৱাৰ বাবে লতাজীয়ে লাভ কৰিছিল ২৫ টকা । এইটোৱেই তেওঁৰ প্ৰথম উপাৰ্জন বুলি গণ্য কৰা হয় । লতাজীয়ে ১৯৪২ চনত প্ৰথমবাৰৰ বাবে মাৰাঠী ছবি ‘কিতি হাছাল’ৰ বাবে গীত গাইছিল । লতাৰ ভাতৃ হৃদয়নাথ মংগেশকাৰ আৰু ভগ্নী উষা মংগেশকাৰ, মীনা মংগেশকাৰ আৰু আশা ভোছলে সকলোৱে সংগীতক কেৰিয়াৰ হিচাপে বাছি লৈছিল ।

কোন ৰজাৰ প্ৰেমত পৰিছিল লতাজী ?

সকলোৱে জানে যে লতাজী কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল ৷ এই প্ৰশ্নটো নিশ্চয় লতা জীৰ অনুৰাগীৰ মনলৈ আহে যে কিয় বিয়া হোৱা নাছিল লতাজী আৰু ইয়াৰ কাৰণ কি আছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লতা মংগেশকাৰে ডুংগৰপুৰ ৰাজপৰিয়ালৰ মহাৰাজা ৰাজ সিংহক অতিশয় ভাল পাইছিল । মহাৰাজ লতাৰ ভায়েক হৃদয়নাথ মংগেশকাৰৰো বন্ধু আছিল ৷ দুয়োৱে ইগৰাকীয়ে সিগৰাকীক বহুত ভাল পাইছিল যদিও এই প্ৰেমে লাভ নকৰিলে পূৰ্ণতা ৷ কোৱা হয় যে মহাৰাজাই মাতৃ-পিতৃক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সাধাৰণ পৰিয়ালৰ কোনো ছোৱালীক তেওঁলোকৰ ঘৰৰ বোৱাৰী নবনাই ৷ কথা মতেই কাম, ৰাজে মৃত্যুৰ আগলৈকে এই প্ৰতিশ্ৰুতি পালন কৰিছিল । ইফালে মৃত্যুৰ আগলৈকে ৰাজকেই ভাল পাইছিল লতাই, যাৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা নাছিল লতাজী ৷

লগতে পঢ়ক: Yash Chopra Birthday: অভিযন্তাৰ পৰা কেনেকৈ ৰোমাঞ্চৰ কিং হ’ল যশ চোপ্ৰা ? এটা সৰু কোঠালিৰ পৰা কৰিছিল আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.