ETV Bharat / entertainment

Hum Toh Deewane Song OUT: এলভিছ যাদৱৰ জন্মদিনত অনুৰাগীক ডাঙৰ উপহাৰ, উৰ্বশীৰ সৈতে মুক্তি ৰোমান্টিক গীত

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:02 PM IST

Hum Toh Deewane Song OUT, Elvish Yadav first song with Urvashi Rautela
হম তো দীৱানে গীতটি

আজি এলভিছ যাদৱৰ জন্মদিন উপলক্ষে মুক্তি দিয়া হৈছে হম তো দীৱানে গীতটি । এই ৰোমান্টিক গীতটিত এলভিছ যাদৱক উৰ্বশী ৰাউটেলাৰ সৈতে ৰোমান্স কৰা দেখা গৈছে।

চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ: ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ তথা জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱক আজি কোনে চিনি নাপায় ৷ ছ’চিয়েল মিডিয়াত বৃহৎ ফেন ফ’ল’ৱাৰ আছে এলভিছ যাদৱৰ ৷ অৱশ্যে শেহতীয়াকৈ এলভিছ আৰু অধিক জনপ্ৰিয় হৈ পৰে যেতিয়া তেওঁ বিগ বছ অ’টিটি ২ ৰ বিজয়ী হয় ৷ আজি ১৪ ছেপ্টেম্বৰটো এলভিছ যাদৱৰ বাবে এক অতি বিশেষ দিন । কিয়নো আজি এলভিছ যাদৱে উদযাপন কৰিছে নিজৰ ২৬ তম জন্মদিন । এই বিশেষ দিন উপলক্ষে এলভিছ যাদৱে তেওঁৰ অনুৰাগীক এক ডাঙৰ উপহাৰ আগবঢ়াইছে।

  • " class="align-text-top noRightClick twitterSection" data="">

দৰাচলতে বিগ বছ জয় কৰাৰ পিচত এলভিছক ‘হম তো দীৱানে’ নামৰ সংগীত এলবাম এটাৰ প্ৰস্তাৱ দিয়া হয় । আজি এলভিছৰ জন্মদিন উপলক্ষে মুক্তি দিয়ে এই গীতটি । এই ৰোমান্টিক গীতটিত এলভিছ যাদৱক সমগ্ৰ বিশ্বতে সৌন্দৰ্যৰ বাবে জনপ্ৰিয় উৰ্বশী ৰাউটেলাৰ সৈতে ৰোমান্স কৰা দেখা গৈছে।

হম তো দীৱানেৰ বিষয়ে

যদি আমি হম তো দীৱানে গীতটোৰ কথা কওঁ, তেন্তে ইয়াক প্ৰস্তুত কৰিছে জনপ্ৰিয় পৰিচালক আৰু প্ৰযোজক অংশুল গাৰ্গে । আগম মান আৰু আজিম মানে পৰিচালনা কৰিছে এই গীতটি । ইয়াছিৰ দেশাইয়ে কণ্ঠদান কৰিছে এই গীতটিত । গীতটিৰ কথা ৰাণা সোতালৰ । এই গীতটিৰ সুৰকাৰ হৈছে ৰজত নাগপাল।

উল্লেখ্য যে, এলভিছ যাদৱৰ ২৬ সংখ্যক জন্মদিন উপলক্ষে এই গীতটি মুকলি কৰা হৈছে। একে সময়তে এলভিছে জন্মদিনত ডুবাইৰ পৰা এখন ছবি শ্বেয়াৰ কৰিছে, যিয়ে অনুৰাগীৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। এলভিছ যাদৱৰ কথা ক’বলৈ গ’লে তেওঁ এজন জনপ্ৰিয় ইউটিউবাৰ আৰু ইনষ্টাগ্ৰামত তেওঁৰ ১৫.৮ মিলিয়ন ফ’ল’ৱাৰ আছে ৷ এলভিছ ‘চিষ্টেম’ নামেৰে জনপ্ৰিয় এলভিছ।

জনপ্ৰিয়তাৰ বাবেই এলভিছে ছলমান খানৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি ২ত প্ৰৱেশ লাভ কৰে । এলভিছে ৱাইল্ড কাৰ্ড হিচাপে শ্ব’টোত প্ৰৱেশ কৰিছিল আৰু বিজয়ী হৈ ওলাই আহিছিল। বিগ বছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ৱাইল্ড কাৰ্ডৰ প্ৰতিযোগী বিজয়ী হৈছে ।

লগতে পঢ়ক: Ranna Ch Dhanna New Poster: শ্বেহনাজ গিল-সোনম বাজৱা হ’ব দিলজিৎ দোসাঞ্জৰ কইনা, কেতিয়া মুক্তি পাব ছবিখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.