ETV Bharat / entertainment

Ranna Ch Dhanna New Poster: শ্বেহনাজ গিল-সোনম বাজৱা হ’ব দিলজিৎ দোসাঞ্জৰ কইনা, কেতিয়া মুক্তি পাব ছবিখন ?

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 6:23 PM IST

শ্বেহনাজ গিল, দিলজিৎ দোসাঞ্জ আৰু সোনম বাজৱাৰ অভিনীত ছবি Ranna Ch Dhanna ৰ নতুন পোষ্টাৰ মুকলি। ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Diljit Dosanjh pairs with Sonam Bajwa and Shehnaaz Gill for Ranna Ch Dhanna, check out release date
Ranna Ch Dhanna ৰ নতুন পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: শ্বেহনাজ গিল আৰু দিলজিৎ দোসাঞ্জৰ যুটি পাঞ্জাবী ছবি জগতত হিট বুলি ইতিমধ্যেই পৰিগণিত হৈছে । পূৰ্বৰ ছবি ‘হছলা ৰাখ’ত শ্বেহনাজ আৰু দিলজিতৰ সৈতে সোণম বাজৱাৰ কেমিষ্ট্ৰীক অতিশয় প্ৰশংসা কৰিছিল দৰ্শকে । এতিয়া আকৌ এবাৰ এই তিনি যুটী আন এখন নতুন ছবিৰ সৈতে উভতি আহিছে ডাঙৰ পৰ্দালৈ ।

শ্বেহনাজ গিল, সোনম বাজৱা আৰু দিলজিৎ দোসাঞ্জৰ অভিনীত ছবি ‘ৰান্না চা ধান্না’ ২০২০ চনত ঘোষণা কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ বাবে ছবিখন পিছুৱাই দিয়া হৈছিল । এই ছবিখন পিছুৱাই দিয়াৰ পিচত সোনম, শ্বেহনাজ আৰু দিলজিতে একেলগে ‘হছলা ৰাখ’ত কাম কৰিলে আৰু সৌভাগ্যক্ৰমে ছবিখন ভালকৈ চলিল। এতিয়া অৱশেষত 'ৰান্না চা ধান্না'ৰ পোষ্টাৰখনো মুকলি হৈছে।

শ্বেহনাজ গিলে তেওঁৰ আগন্তুক ছবিৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে

শ্বেহনাজ গিলে তেওঁৰ আগন্তুক ছবি ‘ৰান্না চা ধান্না’ৰ নতুন পোষ্টাৰ ছ’চিয়েল মিডিয়াত মুকলি কৰিছে । ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে । এই এনিমেটেড পোষ্টাৰখনত দৰা দিলজিৎ দোসাঞ্জৰ চাৰিওফালে বহু কইনা থিয় হৈ থকা দেখা গৈছে । তেওঁৰ কাষত সোনম বাজৱা আৰু শ্বেহনাজ গিলকো কইনা অৱতাৰত দেখা পোৱা গৈছে ৷

কেতিয়া মুক্তি পাব ৰান্না চা ধান্না ছবি ?

পোষ্টাৰৰ লগতে শ্বেহনাজ গিলৰ আগন্তুক ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৪ চনৰ ২ অক্টোবৰত বিশ্বজুৰী চিনেমাগৃহত মুক্তি পাব ছবিখন । এই তথ্য দি শ্বেহনাজে টুইট কৰি লিখিছে- ইশ্বক নে গালিব কো নিকাম্মা কৰ দিয়া ৷ ৱৰনা চিজ তো হাম থে কাম কে ৷ ২ অক্টোবৰত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব ৰান্না চা ধান্না ।

শ্বেহনাজ গিলৰ আগন্তুক ছবি

‘ৰান্না চা ধান্না’ৰ উপৰিও শ্বেহনাজ গিলৰ ‘থেংক ইউ ফৰ কমিং’ ছবিখনো আছে যিয়ে ডাঙৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰিবলৈ ওলাইছে। একতা কাপুৰ আৰু ৰিয়া কাপুৰৰ প্ৰযোজনাত নিৰ্মিত ছবিখন ২০২৩ চনৰ ৬ অক্টোবৰত মুক্তি পাব । ইয়াৰ পূৰ্বে ২০২৩ চনত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব ছবিখনৰ ।

অভিনেতা-অভিনেত্ৰীৰ কথা ক’বলৈ গ’লে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভূমি পেডনেকাৰ, শ্বেহনাজ গিল, ডলী সিং, কুশা কপিলা আৰু শিবাংগী বেদীয়ে। আনহাতে ছবিখন পৰিচালনা কৰিছে কৰণ বুলনিয়ে ।

লগতে পঢ়ক: The Great Indian Family Trailer: বলৰামপুৰৰ ৰজা ভজন কুমাৰ, বিকি কৌশলৰ ছবিৰ ট্ৰেইলাৰে হাঁহিবলৈ বাধ্য কৰাব আপোনাকো, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.