ETV Bharat / entertainment

Raghupati movie songs : ৰবি শৰ্মাৰ ছবি ৰঘুপতিৰ প্ৰথম ৰোমান্টিক গীতটো চালেনে আপুনি ?

author img

By

Published : May 4, 2023, 3:50 PM IST

ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ৰ নতুন ৰোমান্টিক গীত মুকলি ৷ গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই (Assamese new movie Raghupati) ৷

Have you watched the new romantic song from Ravi Sharmas film Raghupati?
ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ৰ নতুন ৰোমান্টিক গীত মুকলি

চিটাৰা ডেস্ক, 4 মে’: আহি আছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ নতুন ছবি ‘শ্ৰী ৰঘুপতি’ (Ravi Sarmahs film Raghupati) ৷ শেহতীয়াকৈ মুক্তি পালে ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবিখনৰ প্ৰথমটি ৰোমান্টিক গীত ৷ গীতটিৰ নাম ‘তুমি আৰু মই’ ৷ এই ৰোমান্টিক ট্ৰেকত দেখা পোৱা গৈছে ৰবি শৰ্মা আৰু প্ৰীতি কংকণাক (Preety Kongana in Raghupati) ৷ ইতিমধ্যেই ইউটিউবত মুকলি কৰা হৈছে গীতটি ৷ গীতটিত কণ্ঠদান কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু দীপলীনা ডেকাই (Tumi Aru Moi Song ) ৷

১৭ এপ্ৰিলত ইউটিউবত মুক্তি পোৱা গীতটিয়ে ইতিমধ্যেই লাভ কৰিথে সাত লাখতকৈও অধিক ভিউজ (Ravi Sarmah new movie) ৷ উল্লেখনীয় যে, তুমি আৰু মই গীতটিৰ কথা লিখিছে দিগন্ত ভাৰতী আৰু সংগীত প্ৰণয় দত্তৰ । আনহাতে তৃষ্ণা মোছন পিক্‌চাৰ্চত নিৰ্মাণ কৰা এই ছবিখন প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই । আনহাতে ছবিখন পৰিচালনা কৰিছে পৰিচালক সুব্ৰত কাকতিয়ে আৰু সংগীত পৰিচালনা কৰিছে প্ৰণয় দত্তই (New Assamese Movie Raghupati) ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Adil Call Rakhi Sawant : জেলৰ পৰাই ফোন কৰি ৰাখীক ক্ষমা খুজিলে আদিলে, ড্ৰামা কুইনে ক’লে- ওলাই আহক...

উল্লেখ্য যে, ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকণা, অৰুণ নাথ হাজৰিকা, ৰীণা বৰা, মনজিৎ শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে । আনহাতে অসমৰ জনপ্ৰিয় অভিনেতা কে কে ওৰফে সিদ্ধাৰ্থ শৰ্মাকো দেখা পোৱা যাব ছবিখনত (Film Raghupati) ৷

এই ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিব দুই অভিনেত্ৰী ক্ৰমে লুনা দেৱী আৰু বুবলী কাশ্যপ । কেৱল ইমানেই নহয়, ১৭ টা বছৰে ছবিজগতৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো দেখা পোৱা যাব ছবিখনত । ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে গুৱাহাটী, গোলাঘাট, সোণাপুৰ আৰু গোৱাত (Ravi Sarmah big budget movie raghupati) ।

লগতে পঢ়ক: Met Gala 2023 : আপুনি জানেনে আলিয়াৰ বগা গাউন কিমান হাজাৰ মুকুতাৰে নিৰ্মিত ? জানিলে আচৰিত হ’ব আপুনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.