ETV Bharat / entertainment

Jubin Nautiyal instagram ভগৱানে মোৰ ওপৰত চকু ৰাখিছিল-জুবিন নৌটিয়াল

author img

By

Published : Dec 3, 2022, 1:00 PM IST

গায়ক জুবিন নৌটিয়ালে চিকিৎসালয়ৰ পৰা নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে (Jubin Nautiyal accident) আৰু তেওঁৰ প্ৰেমিকা আৰু অনুৰাগীসহ বহুতে তেওঁৰ আশু আৰোগ্য কামনা কৰি কমেণ্ট কৰিছে ।

Jubin Nautiyal
ভগৱানে মোৰ ওপৰত চকু ৰাখিছিল-জুবিন নৌটিয়াল

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : সুৰীয়া কণ্ঠৰ অধিকাৰী গায়ক জুবিন নৌটিয়াল যোৱা শুকুৰবাৰে এক দুৰ্ঘটনাৰ বলি হয় । চিৰিৰ পৰা পিছলি তললৈ পৰি মূৰ আৰু হাড়ত গুৰুতৰভাৱে আঘাত পাই গায়কজনে । জানিব পৰা মতে তেওঁৰ কঁকালৰ হাড় ভাঙিছে আৰু মূৰৰ লগতে কপালতো আঘাত পাইছে তেওঁ ৷ খবৰটো বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰে সকলো ৷ এতিয়া জুবিনে চিকিৎসালয়ৰ বিচনাৰ পৰা নিজৰ এখন ফটো শ্বেয়াৰ কৰি নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছে অনুৰাগীক ৷

গায়ক জুবিন নৌটিয়ালে যোৱা নিশা হাস্পতালৰ বিচনাৰ পৰা নিজৰ এখন ফটো শ্বেয়াৰ কৰে (Jubin Nautiyal news) । এই ফটোখনত সোঁহাতত বেণ্ডেজ বান্ধি চিকিৎসালয়ৰ বিচনাত বহি থকা দেখা গৈছে জুবিনক । এই ফটোখন শ্বেয়াৰ কৰি জুবিনে লিখিছে, ‘আপোনালোকৰ সকলো আশীৰ্বাদৰ বাবে ধন্যবাদ, ভগৱানেও মোক আশীৰ্বাদ দি মোক এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে । চিকিৎসালয়ৰ পৰা ৰিলিজ পাইছো আৰু এতিয়া সুস্থ হৈ উঠিছো, আপোনালোকৰ কেতিয়াও শেষ নোহোৱা মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ’ ।

জুবিনৰ এই পোষ্টটোত অনুৰাগীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি মন্তব্য কৰিছে ৷ জুবিনৰ প্ৰেমিকা তথা অভিনেত্ৰী নিকিতা দত্তয়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

জুবিনে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকলে শান্তিৰে উশাহ লৈছে ৷ বলীউড আৰু পাঞ্জাবী সংগীত জগতৰ বিখ্যাত ৰেপাৰ বাদশ্বাহেও জুবিনৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে । জুবিনৰ এই পোষ্টটোত বাদশ্বাহে মন্তব্য কৰিছে, ‘মোৰ ভাইটি সোনকালে ভাল হ’ব’। ইয়াৰ উপৰিও সংগীত জগতৰ কণ্ঠশিল্পীসকলে জুবিনৰ এই পোষ্টটোত তেওঁৰ সুস্বাস্থ্য়ৰ বাবে প্ৰাৰ্থনা জনাইছে ।

বলীউডৰ কণ্ঠশিল্পীৰ তালিকাত জুবিন নৌটিয়াল বৰ্তমান এক শীৰ্ষ পছন্দ । এটা এটা হিট গান উপহাৰ দিছে জুবিনে । ৰোমান্টিক, বেদনাদায়ক আৰু প্ৰেমৰ গীতৰ বাবে তেওঁ অধিক বিখ্যাত । বিশ্বব্যাপী আছে জুবিনৰ অনুৰাগী ।

লগতে পঢ়ক : Shah Rukh Khan latest news: মক্কাত শ্বাহৰুখ খানৰ ওমৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.