ETV Bharat / entertainment

Gadar 2: কেতিয়া আৰু কোনটো অটিটি প্লেটফৰ্মত মুকলি হ’ব গদৰ ২ সম্পূৰ্ণ তথ্য জানি লওক

author img

By

Published : Aug 14, 2023, 5:37 PM IST

Gadar 2 Collection and OTT Release Date
কেতিয়া আৰু কোনটো অটিটি প্লেটফৰ্মত মুকলি হ’ব গদৰ ২ সম্পূৰ্ণ তথ্য জানি লওক

গদৰ ২ ছবিগৃহত মুক্তি পোৱাৰ পিছত এই ছবিখনৰ সংগ্ৰহৰ গতিবেগে সকলোকে স্তম্ভিত কৰি তুলিছে । একে সময়তে এই ছবিখনে অ’টিটিত কেতিয়া মুক্তি লাভ কৰিব তাৰ বাবেও এক উৎসাহৰ সৃষ্টি হৈছে । সেয়ে এই প্ৰতিবেদনৰ জৰিয়তে OTTত এই ছবিখন কেতিয়া আহিব আৰু ক'ত মুক্তিলাভ কৰিব সবিশেষ জানি লওক ।

‘গদৰ ২’ৱে বক্স অফিচত বৰ্তমান এক খলকণিৰ সৃষ্টি কৰিছে । এই ছবিখনক পুৰণি বুলি কৈ কটুক্তি আগবঢ়োৱা সকলৰ মুখ বন্ধ কৰিবলৈ সক্ষম হৈছে ছবিখনে । ছবিখন মুক্তি পোৱাৰ মাত্ৰ ৪ দিন হ'ল আৰু এতিয়া খবৰ আহিছে যে এই ছবিখনে ছবিগৃহৰ পিছত অতি সোনকালে OTT ত মুক্তি পাবলৈ গৈ আছে । এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক 'গদৰ ২' কেতিয়া আৰু কোনটো OTTত প্লেটফৰ্মত মুক্তি লাভ কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই OTT প্লেটফৰ্মত মুক্তিৰ আলোচনা

‘গদৰ ২’ ছবিখনৰ বক্স অফিছৰ সংগ্ৰহে বৰ্তমান এক আলোড়নৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত ছবিখনৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে । বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে, এই ছবিখন কোনটো অ’টিটি প্লেটফৰ্মত মুক্তি পাব সেই সন্দৰ্ভত নিৰ্মাতাসকলে কোনো সিদ্ধান্ত লোৱা নাই । যদিও বহু অ’টিটি প্লেটফৰ্মৰ নাম চৰ্চালৈ আহিছে ।

অ'টিটিত কেতিয়া মুক্তি পাব 'গদৰ ২'?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘গদৰ ২’ ছবিগৃহত মুক্তি পোৱাৰ প্ৰায় এমাহৰ পিছতে অ’টিটিত মুক্তি পাব পাৰে । অৱশ্যে এই ছবিখনৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য অহা নাই ।

বিতৰকসকল সাজু নাছিল

শেহতীয়াকৈ ‘গদৰ ২’ৰ প্ৰচাৰৰ সময়ত ছবিখনৰ বিষয়ে বহু কথা প্ৰকাশ কৰিছিল ছানী দেউলে । ছানী দেওলে ‘দ্য কপিল শৰ্মা শ্ব’ত কৈছিল- ‘গদৰ: এক প্ৰেম কথা ছবিয়ে কোনো বিতৰক পোৱা নাছিল । কিন্তু এই ছবিখনৰ মুক্তি আৰু দৰ্শকে লাভ কৰা সঁহাৰিয়ে সকলো সলনি কৰি পেলালে । যেতিয়া এই ছবিখন মুক্তি লাভ কৰিলে তেতিয়া চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত সকলোৱে স্তম্ভিত হৈ পৰিল । উল্লেখ্য যে, ‘গদৰ এক প্ৰেম কথা’ মুক্তি পোৱা ২২ বছৰ হ’ল । ইয়াৰ পিছত ছবিগৃহত ১১ আগষ্টৰ দিনা মুক্তি লাভ কৰিলে ‘গদৰ ২’ । ১০০ কোটিত নিৰ্মাণ হোৱা এই ছবিখনে এতিয়ালৈকে ভাৰতত ১৩৪.৮৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সংক্ষম হৈছে ৷

লগতে পঢ়ক: Johnny Lever Birthday: বলীউডৰ অভিনেতাৰ মিমিক্ৰী কৰি ৰাজপথত বিক্ৰী কৰিছিল কলম, আজি এগৰাকী জনপ্ৰিয় কমেডীয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.