ETV Bharat / entertainment

Allu Arjun new video: ৰামোজী ফিল্ম চিটিৰ পৰা পুষ্পা ২ ৰ শ্বুটিঙৰ ভিডিঅ’ শ্বেয়াৰ আল্লু অৰ্জুনৰ, চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 1:32 PM IST

Updated : Aug 30, 2023, 7:39 PM IST

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত নিৰ্মিত পুষ্পা ২ ৰ চেটৰৰ পৰা এক বিশেষ আভাস শ্বেয়াৰ কৰিছে আল্লু অৰ্জুনে । একচনৰ পৰা পেক আপলৈকে সকলো দেখা পোৱা গৈছে প্ৰায় ৩ মিনিটৰ এই ভিডিঅ’টোত ।

From action to pack up: Allu Arjun shares a peek inside the world of Pushpa 2 in Ramoji Film City
ৰামোজী ফিল্ম চিটিত নিৰ্মিত পুষ্পা ২ ৰ জগতখনৰ পৰা এক বিশেষ আভাস শ্বেয়াৰ কৰিছে আল্লু অৰ্জুনে

চিটাৰা ডেস্ক, 30 আগষ্ট: দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে শেহতীয়াকৈ পুষ্পা ছবিখনেৰে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে কেৱল আলোড়নৰ সৃষ্টি কৰাই নহয়, এই ছবিখনত নিজৰ উৎকৃষ্ট অভিনয়ৰ বাবে অভিনেতাগৰাকীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৷ ইয়াৰ পিচতে এই সাফল্য উদযাপন কৰা দেখা পোৱা গৈছিল অভিনেতাগৰাকীক ৷ শেহতীয়াকৈ মঙলবাৰে অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছিল ৷ য’ত লিখা আছিল ‘কাইলৈ বিশেষ কিবা এটা আহি আছে’ ৷ ইয়াৰ পাচতে অনুৰাগীৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছিল এই পোষ্টটোক লৈ ৷ এতিয়া কথা মতেই কাম, প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে আল্লু অৰ্জুনে ৷

আল্লু অৰ্জুনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ ৷ ভিডিঅ’টোত অভিনেতাগৰাকীয়ে তেওঁৰ অনুৰাগীসকলক পুষ্পা ২ৰ জগতখনৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাইছে ৷ ভিডিঅ’টোত তেওঁৰ জীৱনৰ এটা দিন বন্দী কৰিছে, য’ত নিজৰ বিস্তৃত ঘৰৰ পৰা পুৱা উঠি ছবিৰ চেটলৈ অহা আৰু পৰিচালক সুকুমাৰে "পেক আপ" বুলি কোৱা সময়লৈকে সকলো দেখুওৱা হৈছে ৷

আজি পুৱা আল্লু অৰ্জুনে পুষ্পা ২ৰ জগতখনৰ প্ৰায় ৩ মিনিটৰ এক এক্সক্লুছিভ আভাস শ্বেয়াৰ কৰে ৷ ভিডিঅ’টোৰ আৰম্ভণিতে আল্লু অৰ্জুনে কয়, "আজি মই আপোনালোকক পুষ্পা: দ্য ৰুলৰ চেটত লৈ যাম ।" কিন্তু তাৰ আগতে অভিনেতাজনে কয় যে তেওঁ নিজৰ অনুৰাগীসকলক নিজৰ ঘৰখন দেখুৱাব, য’ত তেওঁ একাপ কফিৰে নিজৰ দিনটো আৰম্ভ কৰে আৰু পুষ্পা ২ ৰ চেটলৈ যোৱাৰ আগতে দিনটোৰ বাকী সময়খিনিৰ বাবে উদ্দেশ্য নিৰ্ধাৰণ কৰে ।

ভিডিঅ’টোত আল্লু অৰ্জুনে যোগাসন আৰু গৰম কফিকে ধৰি নিজৰ পুৱাৰ ৰুটিনৰ মাজেৰে পুষ্পা ২: দ্য ৰুলৰ শ্বুটিঙৰ বাবে নিজৰ গাড়ীত বহি ঢাপলি মেলে বিশ্বৰ অন্যতম বৃহৎ ফিল্ম ষ্টুডিঅ’ কমপ্লেক্স ৰামোজী ফিল্ম চিটিলৈ ৷ ইয়াৰ পিচত অভিনেতাজনক চেটত তেওঁৰ অনুৰাগীয়ে আড়ম্বৰপূৰ্ণ আদৰণি জনোৱা দেখা যায় যিয়ে তেওঁক ভাল কাম কৰিবলৈ প্ৰেৰণা যোগোৱাত বিশাল ভূমিকা পালন কৰে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে নিজৰ অনুৰাগীৰ সৈতে মত বিনিময় কৰি কয়, “তেওঁলোকৰ প্ৰেমেই মোক মোৰ কামৰ প্ৰতি মনোবল বৃদ্ধি কৰে আৰু মই তেওঁলোকক সঁচাকৈয়ে গৌৰৱান্বিত কৰিব বিচাৰো ।”

ইয়াৰ পিচত ভিডিঅ’টোত আল্লু অৰ্জুনে মেকআপ আৰু সাজ-পোছাক পৰিধান কৰি সোমাই পৰে পুষ্পাৰ চৰিত্ৰত ৷ ইয়াৰ পিচত অভিনেতাজনে পুষ্পাৰ চিগনেচাৰ ষ্টাইল দেখুৱাই ৷ আল্লু অৰ্জুনে লগতে প্ৰকাশ কৰে যে, পুষ্পাৰ কেতিয়াও হাৰ নমনা মনোভাৱটোৱেই তেওঁৰ চৰিত্ৰটোৰ এটা কথা যিয়ে তেওঁক সদ্যঘোষিত ৬৯ সংখ্যক প্ৰতিষ্ঠিত বঁটাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন তেলুগু অভিনেতা হিচাপে গঢ়ি তুলিছে ।

লগতে পঢ়ক: HBD Nagarjuna: জন্মদিনত ঘোষণা নাগাৰ্জুনৰ ৯৯ সংখ্যক ছবি ‘না সমী ৰঙা’, কেতিয়া মুক্তি পাব ?

Last Updated : Aug 30, 2023, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.