ETV Bharat / entertainment

Udd Jaa Kaale Kaava Song Release: পুনৰ দেখিবলৈ পোৱা গ’ল তাৰা সিং-ছাকিনাৰ ৰোমান্স, মুক্তি পালে ‘গদৰ 2’ৰ প্ৰথমটো গীত

author img

By

Published : Jun 29, 2023, 3:11 PM IST

গদৰ ২ ছবিৰ প্ৰথমটো গীত ‘‘উৰ জা কালে কাৱাই’’ আজি মুক্তিলাভ কৰে । ২২ বছৰৰ পাছত পুনৰ পৰ্দাত দেখিবলৈ পোৱা গ’ল ছানী দেউল আৰু অমিষা পেটেলৰ ৰোমাঞ্চ । পুনৰ এক নতুন ৰূপত উপস্থাপন কৰা এই গীতটো ।

First song of Gadar 2 Udd Ja Kale Kawa released
মুক্তি পালে ‘গদৰ 2’ৰ প্ৰথমটো গীত

ছানী দেউল আৰু অমিষা পেটেল অভিনীত ছবি ‘গদৰ: এক প্ৰেম কথা’ অনুৰাগীৰ মনত আজিও এক বিশেষ স্থান গ্ৰহণ কৰি আছে । সেয়া লাগিলে ছানী দেউলৰ এক্সন হওক, ছবিখনৰ গীত হওক বা ছানী দেউলৰ সংলাপেই হওক, আজিও সেই ছবিখনক দৰ্শকে অতি উৎসাহেৰে চাই উপভোগ কৰে ৷ সেয়ে ছবিখনৰ নিৰ্মাতাসকলে পুনৰবাৰ এই ছবিখন দৰ্শকৰ মাজত লৈ আহিবলৈ ওলাইছে ৷

ইতিমধ্যে ছবিখনৰ ছিকুৱেল ‘গদৰ 2’ৰ ঘোষণাৰ পিছৰে পৰা অনুৰাগীসকলে ইয়াৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । আগন্তুক ১১ আগষ্টত মুক্তি পাবলগীয়া ছবি ‘গদৰ 2’ ছবিখনৰ টিজাৰ ইতিমধ্যে মুকলি কৰা হৈছে । সম্প্ৰতি ছবিখনৰ এটা অতি জনপ্ৰিয় গীত ‘‘উৰ যা কালে কাৱা’’ গীতটি আজি এক নতুন ৰূপত মুক্তি লাভ কৰিছে ৷ আপোনালোকক জনাই দিও যে পুনৰবাৰ এই গীতটিত জ্যেষ্ঠ গায়ক উদিত নাৰায়ণৰ কন্ঠ শুনিবলৈ পোৱা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই গীতটি মুক্তি লাভৰ পূৰ্বে ছবিখনৰ পৰিচালক অনিল শৰ্মাই গীতটিৰ এক চমু আভাস অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ।

উল্লেখ্য যে, এই গীতটিৰ কন্ঠ নিগৰাইছে জনপ্ৰিয় গায়ক উদিত নাৰায়ণ আৰু আল্কা য়াগনিকে । অৱশ্যে গীতটোৰ টিজাৰত মন্তব্য কৰা লোকসকলে দাবী কৰিছে যে জুবিন নৌতিয়ালে এই গীতটো গোৱাৰ কথা আছিল । লগতে কমেণ্ট বক্সত সুধিছে যে জুবিনৰ সৈতে কন্ঠত কেতিয়া এই গীতটিয়ে মুক্তি লাভ কৰিব ।

দৰ্শকে তাৰা-ছাকিনাৰ যুটিক ভাল পাইছে

২২ বছৰৰ পাছত 'গদৰ 2'ত এই গীতটি পুনৰ সৃষ্টি কৰা হৈছে । তাৰা-ছাকিনাৰ যুটিক মানুহে বৰ ভাল পায় । গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ পৰিছে এই গীতটি । ৩ মিনিট ১৮ ছেকেণ্ডৰ এই গীতটোত দেখুওৱা হৈছে যে তাৰা সিঙে ছাকিনাৰ বাবে পুৰণি স্মৃতি ৰোমন্থন কৰি গীত গাইছে ‘উৰ যা কালে কাৱা তেৰে মু ৱিছ খণ্ড পাৱা’ ।

১১ আগষ্টত মুক্তি পাব ‘গদৰ 2’

অনিল শৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘গদৰ 2’: দ্য কথা কন্টিনিউ’ আগন্তুক ১১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিব । এই ছবি ২০০১ চনত মুক্তি লাভ কৰা ‘গদৰ: এক প্ৰেম কথা’ ছবিখনৰ ছিকুৱেল । ছবিখনত ছানী দেউল, অমিষা পেটেল, উৎকৰ্ষ শৰ্মা, ছিমৰত কৌৰ, লভ সিনহা, মনীষ ৱাধৱা আৰু গৌৰৱ চোপ্ৰাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব ।

লগতে পঢ়ক: Satyaprem Ki Katha Review: দৰ্শকে খুবেই পচন্দ কৰিছে কাৰ্তিক-কিয়াৰাৰ সত্যপ্ৰেম কি কথা, ক'লে - 'ব্লকবাষ্টাৰ হ'ব এইখন ছবি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.