ETV Bharat / entertainment

International Womens Day: নাৰী দিৱসত চাওক নাৰীৰ সাহসিকতাৰ পৰিচয় দিয়া এইকেইখন ছবি

author img

By

Published : Mar 8, 2023, 12:35 PM IST

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Womens Day 2023) ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত চাওক নাৰীৰ ওপৰত নিৰ্মিত কেইখনমান বিশেষ ছবি ৷

Check out these pictures of womens courage on International Women's Day
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

চিটাৰা ডেস্ক, 8 মাৰ্চ: আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (International Womens Day) ৷ প্ৰতি বছৰৰ ৮ মাৰ্চত গোটেই বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (Happy International Womens Day)। বিশ্বব্যাপী নাৰীসকলক প্ৰাধান্য দিয়াৰ উদ্দেশ্য পালন কৰা হয় এই নাৰী দিৱস ৷

লিংগ সমতাৰ বাৰ্তা প্ৰচাৰৰ বাবে সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় । সেয়াহে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত নিৰ্মাণ হৈছে বহুকেইখন ছবিও ৷ ৰূপালী পৰ্দাত মহিলাৰ শক্তিক চিত্ৰিত কৰা আৰু মহিলা সৱলীকৰণক দৰ্শোৱা কেইখন জনপ্ৰিয় বলীউড ছবিৰ ওপৰত তৈয়াৰ কৰা হৈছে আজিৰ এই প্ৰতিবেদন ৷ 2023 চনৰ মহিলা আন্তঃৰাষ্ট্ৰীয় দিৱসত চাওক এইকেইখন ছবি (Womens Day special films) ।

1)গংগুবাই কাথিয়াৱাড়ী (Gangubai Kathiawadi)

গংগুবাই কাথিয়াৱাড়ী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী আলিয়া ভাটে ৷ সত্য ঘটনাৰ ওপৰত আধাৰত নিৰ্মিত এই ছবিখনত এগৰাকী সাধাৰণ যুৱতীৰ পৰা কিদৰে এগৰাকী শক্তিশালী মাফিয়া কুইন ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল গংগুৱে তাকে দৰ্শোৱা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

2)কাহিনী (Kahaani)

কাহানী ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে বিদ্যা বালনে ৷ এই ছবিখনত এগৰাকী গৰ্ভৱতী মহিলাই নিৰুদ্দেশ হোৱা স্বামীৰ সন্ধানত অকলেই নামি পৰে । সাত মাহৰ গৰ্ভৱতী বিদ্যা বালনে লণ্ডনৰ পৰা কলকাতাত উপস্থিত হৈ স্বামী অৰ্ণব বাগচী নিৰুদ্দেশ হোৱা খবৰ লাভ কৰে । সকলোৱে বিদ্যাৰ স্বামী আৰু নাই বুলি বিদ্যাক কৈছিল যদিও তাই মানি ল’ব পৰা নাছিল ৷ যদিও লাহে লাহে বুজি পাইছিল যে তাই দেখাৰ দৰে নহয় পৃথিৱীখন সম্পূৰ্ণ বেলেগ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

3)ছাপাক (Chhapaak)

লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত নিৰ্মিত ছাপাক ছবিখনত অভিনয় কৰিছে দীপিকা পাডুকনৰ । ২০০৫ চনত নতুন দিল্লীৰ এটা ৰাজপথত এচিডৰ আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছপাক।

  • " class="align-text-top noRightClick twitterSection" data="">

4)পিংক (Pink)

পিংক ছবিখনত অমিতাভ বচ্চন, তাপসী পান্নু, কীৰ্তি কুলহাৰী আৰু আন্দ্ৰেয়া তাৰিয়াঙে অভিনয় কৰিছে । ছবিখনত তাপসী পান্নু আৰু তেওঁৰ বন্ধুসকলক অপৰাধীৰ এটা দলে যৌন নিৰ্যাতন চলাই ৷ যাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় আৰু এই সন্দৰ্ভত আদালতত অভিযন্তা দীপক (অমিতাভ বচ্চন) য়ে তাপসীৰ হৈ উকালতি কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

5)মৰ্দানি (Mardaani)

মাৰ্দানী ছবিখনত মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চৰ ইউনিটত কাম কৰা এগৰাকী মহিলা পুলিচৰ চৰিত্ৰত অভিনয় কৰে ৰাণী মুখাৰ্জীয়ে ৷ মহিলা আৰক্ষী শিৱানীৰ কন্যাৰ দৰে এগৰাকী কিশোৰীক মাফিয়াই অপহৰণ কৰি লৈ যায় আৰু মাফিয়াৰ কিংপিনে কিশোৰীগৰাকীক চহৰৰ বাহিৰত চোৰাংভাৱে লৈ যায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: Gangubai Kathiawadi: এবছৰীয়া যাত্ৰা সম্পূৰ্ণ গংগুবাই কাথিয়াৱাড়ীৰ, ইনষ্টাযোগে মনৰ ভাৱ প্ৰকাশ আলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.