ETV Bharat / entertainment

God on the Balcony: বেলকনিত ভগৱানক লৈ যোৰহটীয়া ৰাইজৰ ব্যাপক উছাহ

author img

By

Published : Oct 21, 2022, 11:46 AM IST

Assamese cinema
বেলকনিত ভগৱান

মুক্তিৰ পিছৰে পৰাই সগৌৰেৱেৰে চলি আছে বেলকনিত ভগৱান ৷ জিলাই জিলাই চিনমো হলবোৰত দেখিবলৈ পোৱা গৈছে অবৰ্ণনীয় ভিৰ ৷ চলচ্চিত্ৰপ্ৰেমী ৰাইজে অনুভৱ কৰাৰ দৰেই সঁচাই সুদিন ঘূৰি আহিছে অসমীয়া ছবি জগতৰ ৷

চিটাৰা ডেস্ক, 21 অক্টোবৰ : সাহিত্যিক ইছমাইল হুছেইনৰ নেতৃত্বত ঢোলে-ডগৰে বজাই অসমীয়া ছবি চাবলৈ ওলাই আহিল ছাত্ৰ সমাজ ৷ প্ৰিন্স অৱ ওৱেলছৰ শিক্ষাৰ্থী সকলে হাতত বেনাৰ লৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি বেলকনিত ভগৱান চালেগৈ আইনক্সত ৷ এটা শোভাযাত্ৰাৰে তেওঁলোকে বাট-পথৰ মানুহৰ মাজত নতুন ছবিখনকলৈ প্ৰচাৰ চলোৱাও দেখা গ’ল ৷

বেলকনিত ভগৱান চাবলৈ ভিৰ

জিলাই জিলাই ছবিখনকলৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱাৰ মাজতে যোৰহাটতো পৰিলক্ষিত হ’ল ছবি চাবলৈ অহা দৰ্শকৰ অসংখ্য ভিৰ ৷ অসমীয়া ছবিজগতৰ বাবে যে ঘূৰি আহিছে সুদিন তাৰ প্ৰমাণ দেখা গ’ল যোৰহাটত ৷ যোৰহাটৰ আইনক্স চিনেমা হলত বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আৰু নুুৰুল চুলতানৰ প্ৰযোজনাৰে নিৰ্মিত বেলকনিত ভগৱান ছবিখন চাবলৈ আহিল বহু চলচ্চিত্ৰপ্ৰেমী লোক ৷

Assamese cinema
বেলকনিত ভগৱান চাবলৈ ভিৰ

ইতিমধ্যে মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ পৰা ছবিখন বিষয়বস্তুক ভূয়সী প্ৰসংশা কৰিছে চলচ্চিত্ৰপ্ৰেমীসকলে । ঢোলে ডগৰে বজাই সাহিত্যিক ইছমাইল হুছেইনৰ নেতৃত্বত প্ৰিন্স অৱ ওৱেলছৰ শিক্ষাৰ্থী সকলে শিক্ষানুষ্ঠান সন্মুখৰ শোভাযাত্ৰা কৰি যোৰহাটৰ মাজমজিয়াত থকা আইনক্স চিনেমা হলত ছবিখন উপভোগ কৰে ।

সহস্ৰাধিক শিক্ষাৰ্থী আৰু শিক্ষক সমাজে আনন্দৰে ছবিখন উপভোগ কৰিবলৈ আহি অসমীয়া ছবিৰ বাবে ৰাইজৰ সঁহাৰি কামনা কৰে । উল্লেখযোগ্য কথাটো হ’ল যে ছবিখনত অভিনয় কৰা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি একাংশৰ অভিনয়ক প্ৰশংসা কৰিছে দৰ্শকে ।

গৌৰৱৰ কথাটো হ’ল ছবিখনে ৰাজ্যৰ লগতে বিদেশতো প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷ উল্লেখ্য মাজুলীত সংঘটিত এক সঁচা ঘটনাৰ আধাৰত নিৰ্মিত বেলকনিত ভগৱান নামৰ চিনেমাখনে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰিছে ৷

21 শতিকাতো অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন গুৰুতৰ সমস্যা উপেক্ষা কৰি থকাৰ বাবে আপোন মানুহক হেৰুৱাব লগা হৈ থাকে ৷ উক্ত চিনেমাখৰন জৰিয়তে অসমৰ এই সমস্যা সমূহ সমাধান কৰি চৰকাৰে জনসাধাৰণ দূৰ্দশা দূৰ কৰাৰ প্ৰচেষ্টা কৰক তাৰেই বাৰ্তা দিয়াৰ চেষ্টা চলোৱা হৈছে ৷ ছবিখনত ৰাজনৈতিক আৰু সংবাদ জগত বাস্তৱ ছৱি প্ৰতিফলিত হৈছে । এনে এখন সুন্দৰ ছবি পৰিচালকে দাঙি ধৰা বাবে সকলো চলচ্চিত্ৰ প্ৰেমী দৰ্শকে সন্তোষ প্ৰকাশ কৰিছে ৷

সদৌ শেষত সাহিত্যিক ইছমাইল হুছেইনে কয় যে অসমীয়া ভাষা জীয়াই ৰখাৰ স্বাৰ্থত অসমীয়া ছবি প্ৰতিজন অসমীয়াই চাব লাগিব ৷

লগতে পঢ়ক : Mor ghorar duronto goti,মহৰ্ষি তুহিন-অতুল পাচনীৰ সহযোগিতাৰে অস্কাৰলৈ এণ্ট্ৰি প্ৰথমখন অসমীয়া চুটি ছবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.