ETV Bharat / entertainment

Himanta Biswa Sarma : দ্য কেৰালা ষ্ট’ৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই কথা

author img

By

Published : May 9, 2023, 1:05 PM IST

বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ কি ক’লে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Assam CM Himanta Biswa Sarma refused to promote The Kerala Story movie
বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ কি ক’লে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

চিটাৰা ডেস্ক, 9 মে’ : আদা শৰ্মাকৰ অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ শেহতীয়াকৈ দেশজুৰি সৃষ্টি কৰি ব্যাপক প্ৰতিক্ৰিয়া ৷ ইতিমধ্যেই ছবিখন কৰবাত যদি নিষিদ্ধ কৰা হৈছে, আন কৰবাত আকৌ ছবিখনক কৰমুক্ত কৰা হৈছে ৷ মুঠৰ ওপৰত ছবিখনক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷

শেহতীয়াকৈ ছবিখনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (Himanta Biswa Sarma on The Kerala Story) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেট মন্ত্ৰী আৰু পৰিয়ালৰ সৈতে তেওঁ বিতৰ্কিত ছবি দ্য কেৰালা ষ্টৰী চাবলৈ যাব ছবিগৃহত । 11 মে’ত ছবিগৃহত সপৰিয়ালে ছবিখন চাব মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma react on The Kerala Story) ।

সোমবাৰে দিছপুৰ জনতা ভৱনত আয়োজিত সংবাদমেল হিমন্ত বিশ্ব শৰ্মাই কয়, “মই মোৰ কেবিনেটৰ সহকৰ্মী আৰু পৰিয়ালৰ সদস্যৰ সৈতে অহা 11 মে’ত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন চাবলৈ ওলাইছো । কিন্তু ছবিখনৰ প্ৰচাৰৰ মোৰ কোনো উদ্দেশ্য নাই ৷ অৱশ্যে মই কেৱল মই ছবিখনহে চাবলৈ যাম । মোৰ লগত আৰু কোনে কোনে যোগদান কৰিব নাজানো ৷ কিন্তু মই জানো যে উক্ত তাৰিখত মই ছবিখন চাব যাম’’ ৷

মধ্য প্ৰদেশৰ পিচত উত্তৰ প্ৰদেশৰ কৰমুক্ত কৰা হৈছে ‘দ্য কেৰালা ষ্টৰী’

বিজেপি শাসিত ৰাজ্য মধ্য প্ৰদেশত শেহতীয়াকৈ ‘দ্য কেৰালা ষ্টৰী’ ছবিখন কৰমুক্ত ঘোষণা কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (MP CM Shivraj Singh Chouhan) ৷ এতিয়া মধ্য প্ৰদেশৰ পিচত উত্তৰ প্ৰদেশতো ছবিখন কৰমুক্ত কৰাৰ কথা ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৷ আজি টুইট কৰি এই কথা জনায় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (UP CM Yogi Adityanath on kerala story) ৷

পশ্চিমবংগত নিষিদ্ধ কৰা হৈছে ‘দ্য কেৰালা ষ্ট’ৰী’

পশ্চিমবংগত তৃণমূল কংগ্ৰেছ চৰকাৰে 'শান্তি বজাই ৰখা' আৰু ৰাজ্যখনত 'ঘৃণা আৰু হিংসাৰ' ঘটনাৰ পৰা হাত সাৰিবলৈ বিতৰ্কিত ছবি 'দ্য কেৰালা ষ্ট'ৰী' প্ৰদৰ্শন নিষিদ্ধ কৰিছে (WB govt banned The Kerala Story) ।

লগতে পঢ়ক : The Kerala Story : মধ্যপ্ৰদেশৰ পিচত এইবাৰ উত্তৰ প্ৰদেশ কৰমুক্ত ঘোষণা ‘দ্য কেৰালা কাহিনী’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.