ETV Bharat / entertainment

Asha Parekh On The Kashmir Files : 400 কোটি উপাৰ্জন কৰা কাশ্মীৰ ফাইলছে কাশ্মীৰী পণ্ডিতৰ বাবে 50 কোটিও খৰচ নকৰিলে

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:21 PM IST

Asha Parekh has something 'controversial' to say about The Kashmir Files. Read what the veteran said
দ্য কাশ্মীৰ ফাইলছক লৈ আশা পাৰেখৰ প্ৰতিক্ৰিয়া

বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য কাশ্মীৰ ফাইলছক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে । অভিনেত্ৰীগৰাকীয়ে কয় যে ছবিখনৰ পৰা উপাৰ্জন কৰা ধনেৰে কিয় বিবেক অগ্নিহোত্ৰীয়ে সহায় নকৰিলে হিন্দু কাশ্মীৰীসকলক ৷

চিটাৰা ডেস্ক, 11 অক্টোবৰ: বিবেক অগ্নিহোত্ৰী পৰিচালিত বিতৰ্কিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ বক্স অফিচত হিট ৰূপে পৰিগণিত হৈছিল ৷ এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল বিপুল পৰিমাণৰ ধন ৷ সমালোচকৰ সমান্তৰালকৈ এই ছবিখনে ৰাইজৰ পৰাও ভাল সঁহাৰি লাভ কৰিছিল ৷ কাশ্মীৰী পণ্ডিতসকলৰ বেদনা দেখুওৱা হৈছিল এই ছবিখনত । এতিয়া এই সন্দৰ্ভত বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে বিবেক অগ্নিহোত্ৰীক লক্ষ্য কৰি কৈছে যে ছবিখনৰ পৰা উপাৰ্জন কৰা ধনেৰে জম্মু-কাশ্মীৰত পানী আৰু বিজুলী নোহোৱাকৈ জীয়াই থকা হিন্দুসকলক বিবেকে কিয় সহায় কৰা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত যেতিয়া আশা পাৰেখক সোধা হৈছিল যে তেওঁ বিতৰ্কিত ছবি দ্য কাশ্মীৰ ফাইলছ আৰু দ্য কেৰালা ষ্ট’ৰী চাইছে নেকি ? এই দুয়োখন ছবিয়ে বক্স অফিচত ভাল ব্যৱসায় কৰিছিল । এই প্ৰশ্নৰ উত্তৰত আশা পাৰেখে প্ৰশ্ন উত্থাপন কৰি কয় যে এই ছবিবোৰৰ পৰা জনতাই কি লাভ কৰিলে ?

দ্য কাশ্মীৰ ফাইলছক লৈ আশা পাৰেখৰ প্ৰতিক্ৰিয়া

আশা পাৰেখে ছবিখনৰ সন্দৰ্ভত কয়, ‘‘মই এইসমূহ ছবি দেখা নাই, গতিকে বিতৰ্কৰ কথা কেনেকৈ ক’ম ? যদি মানুহে ভাল পায় তেন্তে তেওঁলোকে এনে ছবি চাব লাগে ।’’ ছবিখনৰ বক্স অফিচ সংগ্ৰহৰ কথা কওঁতে আশা পাৰেখে কয়- মানুহে দ্য কাশ্মীৰ ফাইলছ দেখিছিল । এই সন্দৰ্ভত অলপ বিতৰ্কিত বক্তব্য এটা দিব বিচাৰিছো ।

  • " class="align-text-top noRightClick twitterSection" data="">

আশা পাৰেখৰ বিতৰ্কিত বক্তব্য

আশা পাৰেখে কয়- এই ছবিখনৰ পৰা ছবিখনৰ প্ৰযোজকে ৪০০ কোটি টকা উপাৰ্জন কৰিছে । গতিকে জম্মুত বসবাস কৰা সেই হিন্দু কাশ্মীৰীসকলক কিমান টকা দি সহায় কৰিলে ? যিসকলৰ পানী বা বিজুলী নাছিল তেওঁলোকক কিমান টকা দি সহায় কৰিলে ? ছবিখনে টকা উপাৰ্জন কৰিছে ঠিকেই, মই এইটো ধৰি লৈছো যে বিতৰকক শ্বেয়াৰ দিব লাগিব, নিজৰো শ্বেয়াৰ ৰাখিব লাগিব ৷ গতিকে মই ৪০০ কোটিৰ পৰিৱৰ্তে ধৰি লৈছো ২০০ কোটি উপাৰ্জন কৰিছে ৷ গতিকে ২০০ কোটিৰ টকাৰ পৰা ৫০ কোটি টকাও দিব পাৰিলেহেঁতেন ৷

দ্য কাশ্মীৰ ফাইলছ ছবিখনত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী, পল্লৱী যোশী, পুনীত ইছাৰ, দৰ্শন কুমাৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । ২০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে কেৱল ভাৰততে ২৯৫ কোটি টকা সংগ্ৰহ কৰিছে ।

লগতে পঢ়ক: Tanushree Dutta: নানা পাটেকাৰৰ ওপৰত খং উঠিল তনুশ্ৰী দত্তৰ, বিবেক অগ্নিহোত্ৰীক লৈও ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.