ETV Bharat / entertainment

ছবিগৃহত অব্যাহত এনিমেলৰ যাদু, নৱম দিনত ভাৰততে উপাৰ্জন কৰিলে ইমান

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:29 AM IST

Animal box office day 9: Ranbir Kapoor - Rashmika Mandanna's film cruises towards Rs 400 cr mark in India
এনিমেল বক্স অফিচ

Animal Box Office Day 9: বক্স অফিচত অব্যাহত আছে ৰণবীৰ কাপুৰৰ এনিমেলৰ সফলতা । উপাৰ্জনৰ ক্ষেত্ৰত এই ছবিখনে ইতিহাসৰ সৃষ্টি কৰিছে । এতিয়া ছবিখনৰ নৱম দিনৰ উপাৰ্জন পোহৰলৈ আহিছে ৷

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ : বক্স অফিচত অব্যাহত আছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ উপাৰ্জন । সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত ছবিখনে মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । ছবিখন মুক্তিৰ আজি ১০ দিন হ’ল ৷ কিন্তু এতিয়াও ছবিখনে ছবিগৃহত লাভ কৰিছে বিপুল দৰ্শক । ৰণবীৰ কাপুৰ আৰু ববি দেওল অভিনীত এই চিনেমাখনে ব্যাপক উপাৰ্জনেৰে সমগ্ৰ বক্স অফিচ জোকাৰি গৈছে । ১ ডিচেম্বৰত মুক্তি পোৱা এই ছবিখনৰ শ্ব’বোৰ এতিয়াও হাউচফুল চলি আছে । এনে পৰিস্থিতিত নৱম দিনটোত এনিমেলে কিমান কোটি টকাৰ ব্যৱসায় কৰিছে জানো আহক এই প্ৰতিবেদনত ৷

মুক্তিৰ ৯ দিনত এনিমেলে কিমান উপাৰ্জন কৰিলে ?

উপাৰ্জনৰ ক্ষেত্ৰত এই ছবিখনে ইতিহাস সৃষ্টি কৰিছে । ছবিখনৰ বক্স অফিচৰ উপাৰ্জনৰ কথা ক’বলৈ এনিমেলে ৬৩ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল । বক্স অফিচত নিজৰ জোৰদাৰ উপাৰ্জন বজাই ৰাখি ছবিখনৰ প্ৰথম সপ্তাহৰ উপাৰ্জন হৈছিল ৩৩৮.৮৫ কোটি টকা । এতিয়া ছবিখনে মুক্তিৰ নৱম দিন অৰ্থাৎ দ্বিতীয় শনিবাৰৰ উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ পাইছে ।

Sacknilk ৰ প্ৰতিবেদন অনুসৰি এনিমেলৰ নৱম দিনত ৩৭ কোটি টকা উপাৰ্জন কৰিছে ।

সন্দীপ ৰেড্ডীৰ ভাংগাৰ ছবিখনৰ এই পৰ্যন্ত মুঠ সংগ্ৰহ ৩৯৮.৫৩ কোটি টকা হৈছে ।

ইয়াৰ লগে লগে ছবিখনে এতিয়া ৪০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰিবলৈ মাত্ৰ এখোজ পিছুৱাই আছে ।

উপাৰ্জনৰ ক্ষেত্ৰত ছেম বাহাদুৰতকৈ বহুত আগবাঢ়ি আছে এনিমেল

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ ‘এনিমেল’ আৰু বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ একেদিনাই ছবিগৃহত মুক্তি লাভ কৰিছিল ৷ যাৰ বাবে বক্স অফিচত ‘এনিমেল’ আৰু ‘ছেম বাহাদুৰ’ৰ মাজত সংঘৰ্ষ হৈছিল । দুয়োখন ছবিয়ে সমালোচক আৰু দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ৰণবীৰ কাপুৰৰ ছবিখন বহুগুণে আগুৱাই গৈছে । এনিমেলে প্ৰতিদিনে কোটি কোটি টকা উপাৰ্জন কৰি আছে । ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে ববি দেওলৰ অভিনয়ক লৈ ব্যাপক চৰ্চা চলিছে । এনে পৰিস্থিতিত দৰ্শকে ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবেও আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক: বৈবাহিক যৌন নিৰ্যাতনৰ দৃশ্যক লৈ মৌনতা ভংগ কৰিলে অভিনেত্ৰী মানসী তক্ষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.