ETV Bharat / entertainment

নতুন ঘৰত বৰদিন উদযাপন কৰিলে অনন্যা পাণ্ডেই, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 2:05 PM IST

Updated : Dec 25, 2023, 2:59 PM IST

Ananya Panday celebrates Christmas in her new home, See pics here
নতুন ঘৰত বৰদিন উদযাপন অনন্যা পাণ্ডেৰ

Ananya Panday celebrates Christmas: অনন্যা পাণ্ডেই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বৰদিনৰ পাৰ্টিৰ ফটো । এইবাৰ অনন্যাই নতুন ঘৰত উদযাপন কৰিছে বৰদিন । চাওক ফটো ৷

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: বলীউডৰ চেলিব্ৰিটিসকলে প্ৰায় প্ৰতিটো উৎসৱ অতি ধুম-ধামেৰে উদযাপন কৰে ৷ সেয়া লাগিলে পোহৰৰ উৎসৱ দীপাৱলী হওক, বৰদিন হওক অথবা নতুন বছৰেই হওক ধুমধামেৰে প্ৰতি বছৰে উদযাপন কৰে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়, চেলিব্ৰিটিসকলে উৎসাহ-উদ্দীপনাৰে বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিছে । একাংশ চেলিব্ৰিটিয়ে বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিবলৈ বিদেশলৈ যোৱাৰ বিপৰীতে কিছুমান চেলিব্ৰিটিয়ে নিজৰ আপোনজনৰ সৈতে ঘৰতে উদযাপন কৰিছে এই উৎসৱ । শেহতীয়াকৈ অভিনেত্ৰী অনন্যা পাণ্ডেই অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে বৰদিন উদযাপনৰ ফটো ।

অনন্যাই শ্বেয়াৰ কৰিলে ফটো

অনন্যাই নিজৰ ইনষ্টাগ্ৰামত বৰদিনৰ পাৰ্টিৰ ফটো শ্বেয়াৰ কৰিছে । ফটোবোৰত অনন্যাই ৰেণ্ডিয়াৰ হেয়াৰবেণ্ড আৰু ৰঙীন চুৱেটাৰ পৰিধান কৰা দেখা গৈছে । আন এখন ছবিত সুন্দৰকৈ সজাই থোৱা বৰদিনৰ গছ দেখা গৈছে, য’ত উপহাৰ আছে । খাদ্যৰ ফটোও শ্বেয়াৰ কৰিছে । এই ফটোসমূহ শ্বেয়াৰ কৰি অনন্যাই কেপচনত লিখিছে, ‘‘মোৰ নতুন ঘৰত প্ৰথম খ্ৰীষ্টমাছ, ছিক্ৰেট চান্টা, বহুত খাদ্য আৰু মোৰ পুৰণি বন্ধুসকলৰ সৈতে হাঁহি-ধেমালি... ইয়াৰ কাৰণে মই যথেষ্ট কৃতজ্ঞ ।’’

কেইমাহমান পূৰ্বে ক্ৰয় কৰিছিল নতুন ঘৰ

অনন্যা পাণ্ডেই কেইমাহমান পূৰ্বে ক্ৰয় কৰিছিল নতুন ঘৰ । অভিনেত্ৰীগৰাকীয়ে নতুন ঘৰৰ পূজাৰ ছবিও শ্বেয়াৰ কৰিছিল । লগতে ঘৰত প্ৰৱেশৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক হালধীয়া ৰঙৰ লেহেংগাৰ সৈতে বেইজ ৰঙৰ কুৰ্তা পৰিধান কৰা দেখা গৈছিল । দুৱাৰৰ সন্মুখত তামোল ভাঙি থকা ভিডিঅ’ শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

অনন্যাৰ আগন্তুক চিনেমা

অনন্যাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ২০২৩ চনৰ ২৬ ডিচেম্বৰত অৰ্থাৎ কাইলৈ নেটফ্লিক্সত মুক্তি পাব অভিনেত্ৰীগৰাকীৰ ‘খো গায় হম কাহা’ ছবিখন । এই ছবিখনত সিদ্ধান্ত চতুৰ্বেদী, আদৰ্শ গৌৰৱ, অনন্যা পাণ্ডে, কল্কি কোচলিনকে ধৰি বহু অভিনেতা আছে । ইয়াৰ পিচত অনন্যাক হয়তো অতি সোনকালেই অৰ্জুন বৰণ সিঙৰ পৰিচালনাত নিৰ্মিত এখন ছবিত দেখা যাব পাৰে ।

লগতে পঢ়ক: দীপিকা পাডুকনৰ পৰা শ্বেহনাজ গিল লৈকে, মনোমোহা শৈলীৰে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে

Last Updated :Dec 25, 2023, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.