ETV Bharat / entertainment

দীপিকা পাডুকনৰ পৰা শ্বেহনাজ গিল লৈকে, মনোমোহা শৈলীৰে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:13 PM IST

Umang 2023 Photos: উমাং ২০২৩ অনুষ্ঠানত বলীউডৰ পৰা টিভি উদ্যোগলৈকে বহু তাৰকাই অংশগ্ৰহণ কৰে । বি-টাউনৰ তাৰকাসকলে অনুষ্ঠানটোত উপস্থিত হৈ পাপাৰাজীৰ বাবে পোজ দিয়া দেখা গৈছিল ।

Umang 2023: Alia Bhatt stuns in floral co-ords, Deepika Padukone and Tejasswi Prakash make heads turn in sarees at Mumbai Police annual event
উমাং ২০২৩: অনুষ্ঠানত

চিটাৰা ডেস্ক, 24 ডিচেম্বৰ: শনিবাৰে নিশা অনুষ্ঠিত হয় মুম্বাই আৰক্ষীৰ বাৰ্ষিক অনুষ্ঠান ৷ উমাং শীৰ্ষক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলীউডৰ বহু তাৰকাই । কিন্তু এই অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে দীপিকা পাডুকন, শ্বেহনাজ গিল, তেজস্বী প্ৰকাশ, আলিয়া ভাটে । তাৰকাৰে ভৰা এই সমাৱেশৰ বহু ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে ।

উমাং অনুষ্ঠানত তাৰকাৰ মেলা

উমাং ২০২৩ অনুষ্ঠানত বলীউডৰ পৰা টিভি উদ্যোগলৈকে বহু তাৰকাই অংশগ্ৰহণ কৰে । বি-টাউনৰ তাৰকাসকলে অনুষ্ঠানটোত উপস্থিত হৈ পাপাৰাজীৰ বাবে পোজ দিয়ে । নীলা ৰঙৰ শাৰী পৰিধান কৰি দীপিকা পাডুকনে পোজ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

একে সময়তে অনুৰাগীয়ে পঞ্জাৱৰ কেটৰিণা কাইফ অৰ্থাৎ শ্বেহনাজ গিলৰ লুকটোও পছন্দ কৰে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীক দেখা গৈছিল অল ব্লেক লুকত । অভিনেত্ৰীগৰাকীয়ে পাপাৰাজীৰ বাবে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা যায় ।

তেজস্বী প্ৰকাশৰ মনোমোহা শৈলীয়ে মন্ত্ৰমুগ্ধ কৰে সকলোকে

টিভি উদ্যোগৰ ‘নাগিন’ অৰ্থাৎ তেজস্বী প্ৰকাশে উমাং 2023 ৰ অনুষ্ঠানত তেওঁৰ লুকেৰে সকলোকে মুগ্ধ কৰে । টিভি অভিনেতা কৰণ কুন্দ্ৰাৰ প্ৰেয়সীয়ে গোলাপী ৰঙৰ শাৰী পৰিধান কৰি মোহিত কৰে সকলোকে । এই সময়ত তেজস্বীয়ে কেমেৰাৰ সন্মুখত ভিন্ন ভংগীমাৰে পোজ দিয়ে ।

আনহাতে আলিয়া ভাটে ফুলৰ ছপা কো-অৰ্ড সাজ-পোছাক পৰিধান কৰি উপস্থিত হয় অনুষ্ঠানটোত ৷

শ্বেহনাজৰ সৈতে একেলগে বহি থকা দেখা গ’ল দীপিকাক

অনুষ্ঠানত শ্বেহনাজ গিল আৰু দীপিকা পাডুকনক একেলগে বহি থকা দেখা গৈছিল । এই সময়চোৱাত দুয়োগৰাকীয়ে একেলগে হাঁহি থকা দেখা যায় । Umang 2023 অনুষ্ঠানৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দুয়োগৰাকী অভিনেত্ৰীয়ে একেলগে অনুষ্ঠানটো উপভোগ কৰি থকা দেখা গৈছে ।

উল্লেখ্য যে, এই অনুষ্ঠানটো আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আয়োজন কৰা হৈছিল । য’ত উপস্থিত আছিল বলীউডৰ চেলিব্ৰিটি, ব্যৱসায়ী, সমাজকৰ্মী আৰু ৰাজনৈতিক নেতাসকল ।

লগতে পঢ়ক: ফিল্মফেয়াৰ অ’টিটি এৱাৰ্ডছ নাইটৰ বিশেষ ছবি শ্বেয়াৰ আলিয়া ভাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.