ETV Bharat / entertainment

Aishwarya Rai Birthday: মাংগালুৰুত জন্মগ্ৰহণ কৰা ঐশ্বৰ্য কেনেকৈ হ’ল মিছ ৱৰ্ল্ড ? 50 সংখ্যক জন্মদিনত জানক কিছু বিশেষ কথা

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:54 PM IST

আজি সুন্দৰী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ৫০ সংখ্যক জন্মদিন । অভিনেত্ৰীগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷

Aishwarya Rai Bachchan turns 50: Know her net worth, assets, family everything
ঐশ্বৰ্য ৰায়ৰ জন্মদিন

চিটাৰা ডেস্ক, ১ অক্টোবৰ: ঐশ্বৰ্য ৰায় বচ্চন বলীউডৰ অন্যতম ডিভা ৷ আঢ়ৈ দশক ধৰি অনুৰাগীৰ হৃদয়ত শাসন কৰি আছে উদ্যোগটোৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰীগৰাকীয়ে । আজি সুন্দৰী অভিনেত্ৰীগৰাকীয়ে ৫০ সংখ্যক জন্মদিন উদযাপন কৰিছে । অভিনেত্ৰীগৰাকীৰ বয়স বাঢ়িছে যদিও সৌন্দৰ্য কিন্তু তিলমানো কমা নাই আৰু দিনক দিনে বাঢ়িছেহে । পৰ্দাৰ পৰা ৰেড কাৰ্পেটলৈকে সকলোতে নিজৰ উপস্থিতিৰ প্ৰমাণ দিছে অভিনেত্ৰীগৰাকীয়ে ৷ আজি অভিনেত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে তেখেতৰ বিষয়ে কিছু কথা জানো আহক ।

জন্ম কৰ্ণাটকৰ মাংগালুৰুত

১৯৭৩ চনৰ ১ নৱেম্বৰত কৰ্ণাটকৰ মাংগালুৰুত জন্মগ্ৰহণ কৰা ঐশ্বৰ্য ৰায়ে মুম্বাইৰ আৰ্য বিদ্যা মন্দিৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰে জয় হিন্দ কলেজৰ পৰা ।

মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়

১৯৯৪ চনত ঐশ্বৰ্য ৰায়ে ভাৰতক প্ৰতিনিধিত্ব কৰি মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰে ৷ ইয়াৰ পিচতে ষ্টাৰডম আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰে । প্ৰতিযোগিতাখনৰ পৰা অভিনেত্ৰীগৰাকীৰ ফটোবোৰে এতিয়াও বহু যুৱতীক অনুপ্ৰাণিত কৰে ।

ঐশ্বৰ্য ৰায়ৰ পৰিয়াল

২০০৭ চনত অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ঐশ্বৰ্য বলীউডৰ প্ৰতিষ্ঠিত বচ্চন পৰিয়ালৰ বোৱাৰী হয় । এই দম্পতীৰ আৰাধ্যা বচ্চন নামৰ এগৰাকী কন্যা সন্তানো আছে । বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনৰ বোৱাৰী ঐশ্বৰ্য ।

ঐশ্বৰ্য ৰায়ৰ মুঠ সম্পত্তি

অভিনেত্ৰীগৰাকীৰ বহু সম্পত্তিৰ মালিক । জি কিউ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৭৭৬ কোটি টকা বুলি অনুমান কৰা হৈছে, যাৰ ফলত তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম ধনী অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে । খবৰ অনুসৰি প্ৰতিখন ছবিৰ বাবে প্ৰায় ১০-১২ কোটি টকা আৰু ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে প্ৰায় ৬-৭ কোটি টকা লয় ।

ল’ৰিয়েল আৰু চুইছ বিলাসী ঘড়ী লংগিনছৰ দৰে কিছুমান বিলাসী ব্ৰেণ্ডৰ সৈতে জড়িত অভিনেত্ৰীগৰাকী । এইবোৰৰ উপৰিও লাক্স, কোকা-কোলা, পেপচি, টাইটান ৱাচ, লেকমে কচমেটিকছ, কেচিঅ’ পেজাৰ, ফিলিপছ, পাম'লিভ, কেডবেৰী, ফুজি ফিল্মছ, কল্যান জুৱেলাৰ্ছ আৰু টিটিকে প্ৰেষ্টিজ গ্ৰুপকে ধৰি বহু ব্ৰেণ্ডৰ মুখ হিচাপে পৰিগণিত হৈছে অভিনেত্ৰীগৰাকী ।

ঐশ্বৰ্য ৰায়ৰ ঘৰ

১১২ কোটি টকাৰ মুম্বাইৰ জুহুৰ বচ্চনৰ বাংলো ‘জলছা’ত পৰিয়ালবৰ্গৰ সৈতে বাস কৰে অভিনেত্ৰীগৰাকী । পৰিয়ালৰ বাংলোৰ উপৰিও অভিষেক আৰু ঐশ্বৰ্যৰ ডুবাইত ১৬ কোটি টকাৰ ভিলা আছে । মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত ২০ কোটি টকাৰ বিলাসী এপাৰ্টমেণ্টো আছে এই দম্পতীৰ ।

ঐশ্বৰ্য ৰায়ৰ আছে বিলাসী বাহনৰ সংগ্ৰহ

অভিনেত্ৰীগৰাকীৰ আছে ৰ’লছ ৰয়েচ গোষ্ট, অ’ডি, মাৰ্চিডিজ-বেঞ্জ এছ ৫০০, মাৰ্চিডিজ-বেঞ্জ এছ ৩৫০ ডি ক’পে, লেক্সাছ এলএক্স ৫৭০ আৰু বহুতো বাহনৰ সংগ্ৰহ ।

লগতে পঢ়ক: Malaika Arora Birthday: স্কাই ডাইভিঙেৰে ৪৮ সংখ্যক জন্মদিন উদযাপন কৰিলে মালাইকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.