ETV Bharat / entertainment

Malaika Arora Birthday: স্কাই ডাইভিঙেৰে ৪৮ সংখ্যক জন্মদিন উদযাপন কৰিলে মালাইকাই

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 3:57 PM IST

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই উদযাপন কৰিলে ৪৮ সংখ্যক জন্মদিন । জন্মদিনৰ দিনটো বিশেষ কৰি তুলিবলৈ ডুবাইত স্কাই ডাইভিং কৰে অভিনেত্ৰীগৰাকীয়ে । যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।

malaika-arora-celebrated-her-birthday-with-doing-skydiving-in-dubai
মালাইকা অৰোৰাৰ জন্মদিন

চিটাৰা ডেস্ক, 30 অক্টোবৰ: ডুবাইত বন্ধু-বান্ধৱীৰ সৈতে মালাইকা অৰোৰাই উদযাপন কৰিলে তেওঁৰ জন্মদিন । ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁক তেওঁৰ বিশেষ দিনটোত স্কাই ডাইভিং কৰা দেখা গৈছে । ২৩ অক্টোবৰত ৪৮ বছৰ সম্পূৰ্ণ হয় মালাইকা অৰোৰাৰ । এই বিশেষ দিনটো স্মৰণীয় কৰি তুলিবলৈ মালাইকাই ডুবাইত স্কাই ডাইভিং কৰিছিল ।

মালাইকা অৰোৰাই ডুবাইত বন্ধু-বান্ধৱীৰ সৈতে এই বিশেষ দিনটো সুন্দৰকৈ উপভোগ কৰে । ডুবাইত নিজৰ গাৰ্ল গেঙৰ সৈতে মালাইকা অৰোৰাৰ ৪৮ বছৰীয়া জন্মদিনটো অতি সুন্দৰকৈ পাৰ কৰে । শেহতীয়াকৈ মালাইকাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত তেওঁক ডুবাইৰ আকাশত উৰি থকা দেখা গৈছে ৷ স্কাইডাইভিং কৰি কেনেকুৱা লাগিল সেই বিষয়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত ।

মালাইকাই ভিডিঅ’টোৰ লগতে কেপচন লিখিছে, ‘এটা শক্তিশালী জাম্প ইন ৪৮ ত । মোৰ জন্মদিনত স্কাইডাইভিং কৰাটো পাগলামি আছিল । ইয়াত মই একেবাৰে মুক্ত অনুভৱ কৰি আছিলো । এই কথা সদায় স্মৰণীয় হৈ থাকিব । ’’ লগতে ভিডিঅ’টোত তেওঁক কোৱা শুনা যায়, ‘মোৰ বাবে জন্মদিনৰ নিখুঁত উপহাৰ এয়া ’। ওপৰৰ পৰা ডুবাইৰ দৰ্শনীয় দৃশ্য দেখি আকৃষ্ট হৈ পৰে মালাইকা ৷

ইফালে অভিনেত্ৰীগৰাকীৰ জন্মদিনত প্ৰেমিক অৰ্জুন কাপুৰে মালাইকাৰ সৈতে এখন ৰোমান্টিক ছবি শ্বেয়াৰ কৰে ৷ অৰ্জুনে ফটো শ্বেয়াৰ কৰি লিখিছে, ‘‘হেপি বাৰ্থডে বেবী । আপুনি হাঁহি, সুখ, পোহৰ আনিছে মোৰ জীৱনলৈ আৰু মই সদায় আপোনাৰ লগত আছো ।’’ অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে।

লগতে পঢ়ক: Priyanka Chopra: প্ৰিয়ংকাই প্ৰকাশ কৰিলে তেওঁৰ সফলতাৰ আঁৰৰ তিনিটা মন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.