ETV Bharat / entertainment

Cannes Film Festival 2023 : ৪ খন ভাৰতীয় ছবিৰ নিৰ্বাচন, ৰেড কাৰ্পেটত খোজ দিব অস্কাৰ বিজয়ী গুনীত আৰু মনুষীয়ে

author img

By

Published : May 15, 2023, 12:26 PM IST

4 Indian films Selected For Cannes Film Festival 2023 Oscar winners Guneet and manushi on the red carpet
কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2023

এইবাৰ ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া কাঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ প্ৰতিনিধিক নেতৃত্ব দিব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ এল মুৰুগানে । উন্মোচনী দিনটোত ড৹ মুৰুগানৰ লগত থাকিব চলচ্চিত্ৰ নিৰ্মাতা গুনীত মংগা, ভাৰতীয় অভিনেত্ৰী, মডেল মনুষী চিল্লাৰ, পৰম্পৰাগত তামিল পোছাক ‘ভেষ্টি’ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিব ।

চিটাৰা ডেস্ক, 15 মে’: ফ্ৰান্সৰ উপকূলীয় অঞ্চল ফ্ৰেন্স ৰিভিয়াৰাত অহা ১৬ মে’ৰ পৰা ২৭ মে’লৈ আয়োজন কৰা হৈছে ২০২৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival 2023)। কাঁ চলচ্চিত্ৰ মহোৎসৱৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চাৰিখন ভাৰতীয় ছবি । কানু বেহলৰ ‘আগ্ৰা’ তেওঁৰ দ্বিতীয়খন ছবি হ’ব, যাৰ বিশ্ব প্ৰিমিয়াৰ হ’ব কাঁৰ ডাইৰেক্টৰছ ফ’টনাইটত । ২০১৪ চনত কানু বেহলৰ প্ৰথম ছবি তিতলি প্ৰদৰ্শিত হৈছিল ‘অন চাৰ্টেইন ৰিগাৰ্ড’ৰ শিতানত ৷ উল্লেখ্য যে এইবাৰ ভাৰতীয় প্ৰতিনিধিৰ নেতৃত্বত থাকিব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান (Union Minister of State Dr L Murugan)।

অনুৰাগ কাশ্যপৰ ‘কেনেডি’ ছবিখন মাজনিশাৰ প্ৰদৰ্শনীত আৰু নেহেমিচক প্ৰদৰ্শন কৰা হ’ব ফেষ্টিভেল ডি কাঁৰ লা চিনেফ শিতানত । এইবোৰৰ বাহিৰেও কেইবাখনো ভাৰতীয় ছবি মাৰ্চে ডু ফিল্মছত প্ৰদৰ্শিত হৈছে । ‘ক্লাছিকছ’ শিতানত প্ৰদৰ্শিত হ’ব পুনৰ সৃষ্টি কৰা মণিপুৰী ছবি ‘ঈশানৌ’। ১৯৯১ চনৰ মহোৎসৱৰ ‘অন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱা ছবিখনৰ চলচ্চিত্ৰ ৰিল ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা সংৰক্ষিত হৈ আছে । মণিপুৰ ষ্টেট ফিল্ম ডেভেলপমেণ্ট ছ’চাইটিয়ে ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যন আৰু প্ৰসাদ ফিল্ম লেবছৰ জৰিয়তে ছবিখনৰ পুনৰ নিৰ্মাণ কৰিছে (4 Indian films Selected For Cannes Film Festival)।

ফেষ্টিভেল ডি কাঁ আৰু মাৰ্চে ডু ফিল্মছ দুয়োটা শিতানত দেখুওৱা ভাৰতীয় ছবিসমূহে এই কথা স্পষ্ট কৰে যে ভাৰতীয় ছবি যে সঁচাকৈয়ে পৰিপক্ক হৈছে । এইবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিব দ্য এলিফেণ্ট হুইছপাৰ্ছ খ্যাতিৰ চলচ্চিত্ৰ নিৰ্মাতা গুনীত মংগা (The Elephant Whisperer) আৰু ভাৰতীয় অভিনেত্ৰী মডেল তথা মিছ ৱৰ্ল্ড ২০১৭ বিজয়ী মনুষী চিল্লাৰ। এইবোৰৰ উপৰিও ১৬ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ প্ৰশংসিত অভিনেত্ৰী এছা গুপ্তা আৰু বিখ্যাত মণিপুৰী অভিনেতা কাংবাম টম্বাকো খোজ দিয়া দেখা যাব ৰেড কাৰ্পেটত । কাংবাম টম্বাৰ ৰিমাষ্টাৰ কৰা ছবি ‘ঈশানৌ’এই বছৰ কাঁ ক্লাছিকছ শাখাত প্ৰদৰ্শিত হ’ব ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৭৬ সংখ্যক কাঁ মহোৎসৱৰ মুকলি অধিৱেশনত ভাষণ দিব (Cannes International Film Festival) । ভাষণত ভাৰতক বিষয়বস্তু সৃষ্টিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে উপস্থাপন কৰা হ’ব । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য অনুসৰি শ্বি শ্বাইন ছবিত মহিলাৰ অৱদানে ছবি নিৰ্মাণত মহিলাৰ উপস্থিতিৰ ওপৰত আলোকপাত কৰিব ।

মন্ত্ৰালয়ে কয় যে কাঁ ভাৰত আৰু ফ্ৰান্স উভয়ৰে বাবে সদায় বিশেষ আৰু সাংস্কৃতিক বিনিময়ৰ বাবে এক আইকনিক স্থান হৈ থাকিব । যোৱা বছৰ মাৰ্চ ডু কানত ভাৰত ‘কন্টি অফ অনাৰ’ আছিল । এতিয়া এই বছৰ অস্কাৰত ভাৰতীয় ছবিৰ সফলতা, আৰ আৰ আৰ এ সমগ্ৰ বিশ্বক 'নাটু-নাটু' নৃত্যৰ প্ৰতি মোহিত কৰা আৰু দ্য এলিফেণ্ট হুইছপাৰে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি শিতানৰ অস্কাৰ বিজয়ী, ভাৰতীয় ছবিৰ ক্ৰমবৰ্ধমান প্ৰসাৰতা দেখুৱাইছে । (Input IANS)

লগতে পঢ়ক: Manushi Chhillar: ২০২৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আত্মপ্ৰকাশ কৰিব মনুষী চিল্লাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.