ETV Bharat / entertainment

Priyanka Chopra on Surrogacy : কিয় ছাৰোগেছিৰ পথ বাচি লৈছিল প্ৰিয়ংকাই ?

author img

By

Published : Jan 20, 2023, 2:17 PM IST

Priyanka Chopra on Surrogacy
অৱশেষত মুখ খুলিছে প্ৰিয়ংকা চোপ্ৰাই

অৱশেষত মুখ খুলিছে প্ৰিয়ংকা চোপ্ৰাই ৷ প্ৰিয়ংকা চোপ্ৰাই মাতৃ হ’বলৈ কিয় ছাৰোগেছিৰ পথ বাছি লৈছিল, সকলো কথা ক’লে অভিনেত্ৰীগৰাকীয়ে (Priyanka Chopra on Surrogacy)। ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কন্যা মালতিক (Priyanka Chopra daughter) এই সকলোবোৰৰ মাজলৈ নাটানিবলৈ অনুৰোধ জনাইছে অনুৰোগীসকলক ।

চিটাৰা ডেস্ক, 20 জানুৱাৰী : গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ সৈতে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনী Vogue ৰ বাবে ফটোশ্বুট কৰি আছে (Priyanka Chopra magezine) । কন্যাৰ সৈতে প্ৰিয়ংকাৰ এয়া প্ৰথমটো ফটোশ্বুট (Priyanka first photoshoot with her daughter) । প্ৰিয়ংকাই Vogue আলোচনীত ফটোশ্বুট কৰি থকাৰ সময়তে এক সাক্ষাৎকাৰত তেওঁ ছাৰোগেছিৰ জৰিয়তে মাতৃ হোৱাৰ প্ৰসংগত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে (Priyanka Chopra revelation) ৷

উল্লেখ্য যে, তেওঁ 2022 চনৰ জানুৱাৰী মাহত ছাৰোগেছি জৰিয়তে এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছিল (Priyanka Chopra Surrogacy for child) ।

ছাৰোগেছিৰ জৰিয়তে মাতৃ হৈছিল প্ৰিয়ংকা :

প্ৰিয়ংকা চোপ্ৰাৰ কন্যা জন্মৰ পিচত প্ৰায় 100 দিন হাস্পতালৰ NICU ত আছিল । কন্যা সন্তানক ঘৰলৈ অনাৰ পিচতহে প্ৰিয়ংকা চোপ্ৰাই অনুৰাগীক এই ভাল খবৰ দিলে যে, তেওঁৰ ঘৰলৈ লক্ষ্মী আহিছে । ইয়াৰ পিচতে ছ’চিয়েল মেডিয়াত ছাৰোগেটৰ জৰিয়তে ‘আউটচ’ৰ্চিং’, ‘ভাৰা গৰ্ভ’, ‘ৰেডি মেড বেবী’ আদি বক্তব্যৰে ঘেৰি ধৰিছিল অভিনেত্ৰীগৰাকীক ।

তেতিয়া এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছিল প্ৰিয়ংকাই ৷ কিন্তু এতিয়া প্ৰিয়ংকা চোপ্ৰাই নিজৰ মৌনতা ভংগ কৰিছে । সমালোচকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ তৎপৰ হৈছে প্ৰিয়ংকা ৷

মোৰ ছোৱালীজনীক বিতৰ্কলৈ নাটানিব : প্ৰিয়ংকা চোপ্ৰা

সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কয়, ‘‘মানুহে যেতিয়া এনেকৈ কথা কয়, তেতিয়া মই মোৰ দুখবোৰ ভিতৰত ৰাখো ৷ কিন্তু যেতিয়া মই মোৰ ছোৱালীৰ কথা কয় তেতিয়া মোৰ দুখ লাগে ৷ মোৰ ছোৱালীক এই বিতৰ্কৰ মাজলৈ নানিব ৷ সেই দিনটো মনত পৰিলে মোৰ এতিয়াও দুখ লাগে ৷

যিদিনা ডাক্তৰে মালতিৰ হাতত বেজী দিবলৈ সিৰা বিচাৰি আছিল (Priyanka Chopra daughter) ৷ তেতিয়া মই তাইৰ সেই সৰু সৰু হাত দুখন ধৰি আছিলো ৷ অনুগ্ৰহ কৰি তাইক এইবোৰৰ পৰা আঁতৰাই ৰাখক’’ ৷

ছাৰোগেছিৰ জৰিয়তে মাতৃ হোৱাটো মোৰ বাবে অন্য গত্যন্তৰ নাছিল : প্ৰিয়ংকা চোপ্ৰা

এই সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই এই সকলো বিতৰ্কৰ আৰম্ভণিৰ কাৰণো ব্যক্ত কৰে । প্ৰিয়ংকাৰ অনুৰাগীসকলে প্ৰিয়ংকাই ছাৰোগেছিৰ জৰিয়তে মাতৃ হোৱাটো সহজভাৱে ল’ব পৰা নাছিল । এই প্ৰসংগত প্ৰিয়ংকাই কয়, ‘‘মোৰ স্বাস্থ্যজনিত কিছু সমস্যা আছে ৷ গতিকে মই নিজেই সন্তান জন্ম দিব পৰা নাছিলো ৷

আমাৰ বাবে এটাই উপায় আছিল ৷ সেয়া হ’ল ছাৰোগেছি ৷ আনকি নিকো (Nick) এই ক্ষেত্ৰত অসহায় হৈ পৰিছিল ৷ অৱশেষত মই ছাৰোগেছিৰ জৰিয়তে মাতৃ হোৱাৰ ঠিৰাং কৰিলো ৷ যাৰ বাবে আমাৰ জীৱনলৈ আহিল মালতি ৷ ই মোৰ সৌভাগ্যৰ কথা ৷ যাৰ বাবে মই মোৰ ছাৰোগেটৰ ওচৰত কৃতজ্ঞ ৷

উল্লেখ্য যে, 2018 চনত প্ৰিয়ংকাই আমেৰিকাৰ গায়ক নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিয়াৰ চাৰিবছৰৰ পাচত তেওঁলোকৰ জীৱনলৈ আহে প্ৰথমটো সন্তান মালতি (Malti Marie Chopra Jonas) ৷ বৰ্তমানলৈকে প্ৰিয়ংকা চোপ্ৰাই কন্যা মালতিৰ সৈতে উঠা বহু ছবি ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে ৷ কিন্তু এতিয়ালৈকে মালতিৰ মুখখন দেখুওৱা নাই ।

লগতে পঢ়ক : Sherlyn Chopra on Rakhi Sawant: ৰাখী সাৱন্তক শীঘ্ৰেই কাৰাগাৰলৈ প্ৰেৰণৰ দাবী শ্বেৰলিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.